কাইলৈ অৰ্থাৎ ৪ ছেপ্টেম্বৰত দেশজুৰি জন্মাষ্টমী উৎসৱ পালন কৰা হ’ব। জ্যোতিষ শাস্ত্ৰ অনুসৰি জন্মাষ্টমীৰ দিনটো গ্ৰহ-নক্ষত্ৰৰ অৱস্থানৰ বাবেও বিশেষ গুৰুত্বপূৰ্ণ। এই দিনটোত চন্দ্ৰই বৃষ ৰাশিত প্ৰৱেশ কৰিব আৰু ৰোহিনী নক্ষত্ৰৰ মাজেৰে গতি কৰিব। চন্দ্ৰৰ এই অৱস্থানে শুভ যোগৰ সৃষ্টি কৰিব বুলি জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰা হয়। ইয়াৰ উপৰি মংগল গ্ৰহ চন্দ্ৰৰ পৰা দ্বিতীয় স্থানত থকাৰ বাবে সুনাফা যোগৰ সৃষ্টি হ’ব। বৃহস্পতি গ্ৰহে হংস ৰাজযোগ, শুক্ৰই মালব্য ৰাজযোগ আৰু সূৰ্য-বুধৰ সংযোগে বুধাদিত্য যোগ গঠন কৰিব বুলি কোৱা হৈছে। ৰোহিনী নক্ষত্ৰত চন্দ্ৰৰ অৱস্থানেও শুভ ফল প্ৰদান কৰিব পাৰে। এই গ্ৰহীয় পৰিৱৰ্তনৰ ফলত ৪ ছেপ্টেম্বৰ অৰ্থাৎ জন্মাষ্টমীৰ দিনটো বিশেষকৈ মেষ, কৰ্কট, সিংহ, তুলা আৰু মকৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ হোৱাৰ সম্ভাৱনা আছে।
মেষ ৰাশি
৪ ছেপ্টেম্বৰ মেষ ৰাশিৰ লোকসকলৰ বাবে যথেষ্ট শুভ দিন হ’ব পাৰে। এই দিনটোত আৰ্থিক দিশটো সন্তুলিত হৈ থাকিব। ধৰ্মীয় কাম-কাজত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব আৰু ইয়াৰ পৰা মানসিক শান্তিও লাভ কৰিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দময় সময় কটোৱাৰ সুযোগ পাব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে। ওচৰ-চুবুৰীয়া বা পৰিচিত লোকৰ পৰাও সহায়-সহযোগিতা লাভ কৰিব পাৰে। দিনটোত কোনো সুখবৰ লাভ কৰাৰ সম্ভাৱনাও আছে।
কৰ্কট ৰাশি
জন্মাষ্টমীৰ দিনা কৰ্কট ৰাশিৰ লোকসকলৰ বাবে কেইবাটাও দিশৰ পৰা শুভ ফল লাভৰ সম্ভাৱনা আছে। চন্দ্ৰৰ অৱস্থান আৰু ৰাশিত বৃহস্পতিৰ প্ৰভাৱে কৰ্মক্ষেত্ৰত সন্মান আৰু সফলতা লাভত সহায় কৰিব পাৰে। এই দিনটোত কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ সুযোগ আহিব পাৰে। শিক্ষা আৰু কলাৰ সৈতে জড়িত লোকসকলে বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহো বৃদ্ধি পাব পাৰে। বয়োজ্যেষ্ঠ লোকৰ পৰা সহায় আৰু পৰামৰ্শ লাভ কৰিব পাৰে। পানীয় ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষ লাভজনক হোৱাৰ সম্ভাৱনা আছে। একাউণ্টিং আৰু মেনেজমেণ্টৰ সৈতে জড়িত কামৰ বাবেও দিনটো অনুকূল হ’ব পাৰে।
সিংহ ৰাশি
বুধাদিত্য যোগৰ প্ৰভাৱত সিংহ ৰাশিৰ লোকসকলৰ বাবে ৪ ছেপ্টেম্বৰ শুভ হ’ব পাৰে। নিজৰ বুদ্ধি, কৌশল আৰু কূটনৈতিক দক্ষতাৰে কোনো বিৰোধী বা প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰাত সফল হ’ব পাৰে। আৰ্থিক ক্ষেত্ৰতো আগবঢ়াৰ সুযোগ আহিব পাৰে। বহুদিনৰ কোনো গুৰুত্বপূৰ্ণ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনাও আছে। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত জড়িত লোকসকলে সন্মান লাভ কৰিব পাৰে। বিদেশৰ সৈতে জড়িত কাম-কাজ কৰা লোকসকলে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবেও দিনটো লাভজনক হ’ব পাৰে। সন্ধিয়াৰ সময়খিনি পৰিয়াল, বন্ধু বা আত্মীয়ৰ সৈতে আনন্দ-ফূৰ্তিৰে পাৰ কৰাৰ সুযোগ লাভ কৰিব।
তুলা ৰাশি
জন্মাষ্টমীৰ দিনটো তুলা ৰাশিৰ জাতক-জাতিকাৰ বাবেও শুভ হোৱাৰ সম্ভাৱনা আছে। শুক্ৰৰ অনুকূল অৱস্থান আৰু জন্মাষ্টমীৰ আধ্যাত্মিক পৰিৱেশে আপোনাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। পৰিয়ালৰ সৈতে আনন্দময় সময় কটাব পাৰিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে সাক্ষাৎ হোৱাৰ সুযোগো আহিব পাৰে। হঠাৎ কোনো উৎসৰ পৰা আৰ্থিক লাভ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰতো দিনটো ৰোমান্টিক হ’ব পাৰে। জীৱনসংগী বা প্ৰিয়জনৰ সৈতে সুন্দৰ সময় কটোৱাৰ সুযোগ লাভ কৰিব পাৰে। সামগ্ৰিকভাৱে দিনটোত সুখ আৰু আনন্দৰ অনুভূতি বৃদ্ধি পাব পাৰে।
মকৰ ৰাশি
৪ ছেপ্টেম্বৰ মকৰ ৰাশিৰ লোকসকলৰ বাবে আৰ্থিকভাৱে অনুকূল দিন হ’ব পাৰে। গ্ৰহৰ শুভ অৱস্থানৰ বাবে ধন-সম্পৰ্কীয় বিষয়ত ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনতো অনুকূল পৰিৱেশ সৃষ্টি হ’ব পাৰে। সন্তানৰ পৰা সহায় আৰু সুখ লাভ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত জড়িত লোকসকলেও সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ভাগ্যই আপোনাৰ পক্ষত থাকিব পাৰে আৰু কৰ্মক্ষেত্ৰত উৰ্ধতন বিষয়াৰ পৰা উৎসাহ তথা সহায় লাভ কৰিব পাৰে। সহকৰ্মীসকলৰ সৈতে মিলি কাম কৰিলে সময়মতে গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব। দিনটোৰ শেষত পৰিয়ালৰ সৈতে আনন্দময় সময় কটোৱাৰ সুযোগ লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















