প্ৰেমে নামানে কোনো বাধা, সেয়া সকলোৱে জানে। কিন্তু এই প্ৰেমে আপোনাক ৰঙাঘৰৰ আলহীও কৰিব পাৰে বুলি আপুনি ভাবেনে? প্ৰেমৰ লগত জড়িত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।
তামিলনাডুৰ পোল্লাচীত এগৰাকী কলেজীয়া ছাত্ৰীয়ে প্ৰেমিকৰ বাবে নতুন বাইক কিনিবলৈ সোণৰ গহনা চুৰি কৰি গ্ৰেপ্তাৰ হয়। ক্ৰয়ৰ পিছত দুয়োজনে শ্ব’ৰুমত উদযাপন কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত ব্যাপক চৰ্চা চলে। তেওঁ ৭২ গ্ৰাম সোণ চুৰি কৰি প্ৰেমিকক উপহাৰ দিয়ে এখন টপ এণ্ড মডেল কেটিএম মটৰবাইক।
প্ৰেয়সি প্ৰিন্সীয়ে গহনা চুৰি কৰি পোৱা ধনখিনিৰ সহায়ত মক্কিনামপট্টিৰ নিবাসী ২০ বছৰীয়া প্ৰেমিক জনগন শিৱৰ বাবে এখন নতুন কেটিএম বাইক ক্ৰয় কৰিছিল। বাইকখন ক্ৰয় কৰাৰ পিছত দুয়োজনে শ্ব’ৰুমত ৰিল আৰু ফটো তৈয়াৰ কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। এই ভাইৰেল ভিডিঅ’টোৱে গোচৰটোক আৰু অধিক চৰ্চালৈ আনিলে।
আৰক্ষীয়ে ছাত্ৰীগৰাকীক আদালতত হাজিৰ কৰোৱাৰ পাছত তেওঁক ন্যায়িক জিম্মাত কইম্বাটুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। ইফালে অভিযুক্ত প্ৰেমিক জনগন শিৱ বৰ্তমান পলাতক হৈ আছে আৰু আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াবলৈ অভিযান চলাই আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















