অসম লাইভ ২৪ঃ প্ৰতিদিনে দেশত বাঢ়িছে কৰ’নো আক্ৰান্তৰ সংখ্যা। বাঢ়িছে মৃতকৰো হাৰ। জুলাই-আগষ্ট মাহত ক’ৰোনা সংক্ৰমণৰ ঘটনা গুৰুত্বপূৰ্ণ হ’ব বুলি ইতিমধ্যে সকীয়াই দিছে বিশেষজ্ঞসকলে। এনে উদ্বেগজনক পৰিস্থিতিৰ মাজতে এটা ভাল খবৰ। ১৫ আগষ্ট, স্বাধীনতা দিৱসৰ দিনাখনে ভাৰতে লন্স কৰিব পাৰে নিজাকৈ তৈয়াৰ কৰা প্ৰথম ক’ৰোনা ভাইৰাছৰ ভেকচিন।
ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেড আৰু ইণ্ডিয়ান কাউন্সিল অব্ মেডিকেল ৰিচাৰ্ছ যৌথভাৱে প্ৰস্তুত কৰা এই ভেকচিনৰ নাম দিয়া হৈছে ক’ভাক্সিন। সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰ তৈয়াৰ কৰা এই ভেকচিন ট্ৰায়েলৰ বাবে দেশৰ ১২টাকৈ ইনষ্টিটিউটত মনোনীত কৰা হৈছে বুলি জানিবলৈ দিছে চৰকাৰৰ শীৰ্ষ মেডিকেল ৰিচাৰ্ছ ব’ডীয়ে। ICMR অৰ্থাৎ ইণ্ডিয়ান কাউন্সিল অব্ মেডিকেল ৰিচাৰ্ছে ইতিমধ্যে সকলো তথ্য প্ৰদৰ্শন কৰিছে কেন্দ্ৰীয় চৰকাৰক। SARS-COV-2 ভাইৰাছৰ ক্ষেত্ৰত কাৰ্যকৰী হ’ব ক’ভাক্সিন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















