• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

3 weeks ago
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

25 minutes ago
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

1 hour ago
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

2 hours ago
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

3 hours ago
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

4 hours ago
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

4 hours ago
৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

5 hours ago
আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

6 hours ago
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

6 hours ago
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

7 hours ago
মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

8 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

মুখৰ পৰা লেলাৱতি ওলোৱা সন্দৰ্ভত চিকিৎসা বিশেষজ্ঞই কি কয়?

editor by editor
June 30, 2026
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?
0
SHARES
11.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহু লোকৰ দৰে আপোনাৰো পুৱা শুই উঠাৰ পিছত গাৰু বা বিচনা চাদৰ লেলাৱতিৰে তিতি থাকে নেকি? যদি মাজে সময়ে আপোনাৰ এনেকুৱা হৈছে তেনেহ’লে সেয়া সাধাৰণ কথা কিন্তু যদি আপোনাৰ সঘনাই এনেকুৱা হৈছে তেন্তে এই সমস্যাটোক অৱহেলা কৰাটো উচিত নহ’ব। শিশুসকলৰ ক্ষেত্ৰত পেটত কৃমি থাকিলে মুখৰ পৰা এনেকৈ লেলাৱতি সঘনাই ওলাব পাৰে কিন্তু এজন প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত এনে সমস্যা সঘনাই দেখা দিলে ইয়াৰ আঁৰত থাকিব পাৰে বিভিন্ন কাৰণ।

চিকিৎসা বিশেষজ্ঞই কি কয়?

চিকিৎসা বিশেষজ্ঞৰ মতে অধিকাংশ লোকৰ ক্ষেত্ৰত এইটো সম্পূৰ্ণ স্বাভাৱিক। আমি শুই থাকোঁতে মুখ আৰু মুখমণ্ডলৰ পেশীবোৰ শিথিল হৈ পৰে। যদি কোনোবাই একাষৰীয়াকৈ বা পেট তলমুৱা হৈ শোৱে, তেন্তে সেই সময়ত লেলাৱতি ওলোৱাৰ কাৰণ হৈছে মুখত উৎপত্তি হোৱা লেলাৱতিবোৰ স্বাভাৱিকভাৱে গিলিব নোৱাৰাৰ বাবে মুখৰ পৰা লেলাৱতিবোৰ বাহিৰলৈ ওলাই আহিব পাৰে।

লেলাৱতি ওলোৱাটো কেতিয়া চিন্তাৰ বিষয় হিচাপে ধৰা হয়?

যদি আপোনাৰ আগতে কেতিয়াও এনে হোৱা নাছিল, কিন্তু হঠাতে মুখৰ পৰা বেছিকৈ আৰু অস্বাভাৱিকভাৱে লেলাৱতি ওলাবলৈ আৰম্ভ কৰে বা ইয়াৰ লগত আন উপসৰ্গও দেখা দিয়ে, তেন্তে বিষয়টো গুৰুত্ব সহকাৰে ল’ব লাগে। কেতিয়াবা ছৰ্দি বা এলাৰ্জিৰ বাবে নাক বন্ধ হৈ যায়। ফলত মানুহে মুখেৰে শ্বাস-প্ৰশ্বাস ল’বলৈ বাধ্য হয়, যাৰ ফলত মুখৰ পৰা লেলাৱতি ওলোৱাৰ আশংকা বৃদ্ধি পায়। আনহাতে, শ্লীপ এপনিয়া (Sleep Apnea) নামৰ সমস্যাৰ বাবেও এনে হ’ব পাৰে। এই অৱস্থাত শুই থাকোঁতে বাৰে বাৰে শ্বাস-প্ৰশ্বাস সাময়িকভাৱে বন্ধ হৈ যায়। তদুপৰি, খাদ্য গিলিবলৈ অসুবিধা, স্নায়ু বা পেশীৰ সমস্যাৰ ক্ষেত্ৰতো মুখৰ পৰা এনেকৈ লেলাৱতি ওলাব পাৰে।

কেতিয়া চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে?

কেৱল মুখৰ পৰা লেলাৱতি ওলোৱাৰ বাবে ভয় খোৱাৰ প্ৰয়োজন নাই। কিন্তু কেইটামান বিশেষ লক্ষণ যদি একেলগে দেখা দিয়ে, তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱাটো জৰুৰী। তেনে কিছুমান লক্ষণ হৈছে অত্যাধিকভাৱে নাকৰ মাত ওলোৱা, শুই থাকোঁতে শ্বাস বন্ধ হোৱা বা হঠাতে সাৰ পোৱা, খাদ্য গিলিবলৈ অসুবিধা হোৱা, কথা কোৱাৰ ধৰণত পৰিৱৰ্তন অহা, শৰীৰত অস্বাভাৱিক দুৰ্বলতা অনুভৱ কৰা।

কি কি সাৱধানতা অৱলম্বন কৰিব?

যদি এনে হয়, তেন্তে নাকৰ সমস্যা বা এলাৰ্জিৰ উপযুক্ত চিকিৎসা কৰক। শোৱাৰ ভংগী সলনি কৰি চাওক। চিত হৈ শোৱাৰ অভ্যাস কৰিলে উপকাৰ পাব পাৰে। মুখ আৰু দাঁতৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। যদি সমস্যা বাৰে বাৰে হয় বা দৈনন্দিন জীৱনত অসুবিধাৰ সৃষ্টি কৰে, তেন্তে সঠিক কাৰণ নিৰ্ণয়ৰ বাবে চিকিৎসকৰ পৰামৰ্শ লওক। মাজে-মধ্যে শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলোৱাটো সাধাৰণ ঘটনা হ’ব পাৰে। কিন্তু যদি এই সমস্যা নিয়মীয়াকৈ হয় বা আন উপসৰ্গৰ সৈতে দেখা দিয়ে, তেন্তে সময়মতে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই উত্তম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী
জীৱনশৈলী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

July 20, 2026
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?
জীৱনশৈলী

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

July 20, 2026
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!
জীৱনশৈলী

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

July 20, 2026
Next Post
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.