• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

4 months ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

7 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

7 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

7 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

8 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

8 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

9 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

10 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

11 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

11 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

12 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

13 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

Heat Waveত এই পৰ্যন্ত ১৩০০তকৈও অধিক লোকৰ মৃ*ত্যু

editor by editor
June 30, 2026
in বিজ্ঞান, বিবিধ, বিশ্ব
0
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউৰোপত অব্যাহত থকা ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহে এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে। পশ্চিম ইউৰোপত আৰম্ভ হোৱা গ্ৰীষ্ম প্ৰৱাহে এতিয়া মধ্য, দক্ষিণ আৰু পূব ইউৰোপলৈ বিয়পি পৰিছে। হাংগেৰী, ৰোমানিয়া, ছাৰ্বিয়া, ক্ৰোৱেচিয়া, পোলেণ্ড, জাৰ্মানী, ইটালী, চেক গণৰাজ্য আদি দেশৰ বহু অঞ্চলত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছ বা তাতোকৈ অধিক ৰেকৰ্ড কৰা হৈছে। এই ভয়ংকৰ পৰিস্থিতিৰ বাবে বিভিন্ন দেশৰ চৰকাৰে ৰেড এলাৰ্ট জাৰি কৰিছে। বিদ্যালয় বন্ধ ৰখা, বৃদ্ধ আৰু শিশুসকলক বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা, শীতল আশ্ৰয়কেন্দ্ৰ (Cooling Centres) খোলা, জৰুৰীকালীন চিকিৎসা সেৱা আদি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই পৰ্যন্ত ১৩০০তকৈও অধিক লোকৰ মৃ*ত্যু

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই প্ৰকাশ কৰা তথ্য অনুসৰি, ২১ জুনৰ পৰা এতিয়ালৈ ইউৰোপত ১,৩০০তকৈও অধিক লোকে গ্ৰীষ্ম প্ৰৱাহৰ বাবে মৃ*ত্যু মুখত পৰিছে। কেৱল ফ্ৰান্সতেই এক হাজাৰতকৈ অধিক লোকৰ মৃ*ত্যুৰ তথ্য পোৱা গৈছে। বিশেষকৈ ৬৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তি, হৃদৰোগী, শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগা লোক আৰু শিশুসকল আটাইতকৈ বেছি বিপদত পৰিছে। জলবায়ু বিজ্ঞানীসকলৰ মতে, এই প্ৰচণ্ড গৰমৰ অন্যতম কাৰণ হৈছে “হিট ড’ম” (Heat Dome) নামৰ এক বিশেষ বায়ুমণ্ডলীয় অৱস্থা। ইয়াৰ ফলত উত্তৰ আফ্ৰিকাৰ পৰা অহা উষ্ণ বায়ু ইউৰোপৰ বায়ুমণ্ডলৰ ওপৰত আবদ্ধ হৈ থাকে আৰু দীৰ্ঘ সময় ধৰি বৰষুণ বা শীতল বতাহ সেই অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে। ফলস্বৰূপে তাপমাত্ৰা অসাধাৰণভাৱে বৃদ্ধি পায়।

ভৱিষ্যৎ জলবায়ু সলনিৰ দিশে ইউৰোপ!

ইউৰোপত চলি থকা গ্ৰীষ্ম প্ৰৱাহক লৈ WHO-ৰ ইউৰোপীয় আঞ্চলিক সঞ্চালক ডাঃ হান্স হেনৰি ক্লুগে সতর্ক কৰি কৈছে যে-‘বৰ্তমানৰ এই গ্ৰীষ্ম প্ৰৱাহ ভৱিষ্যতৰ গ্ৰীষ্মকালৰ এক পূৰ্বাভাসহে।’ তেওঁৰ মতে, ইউৰোপ বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত উষ্ণ হৈ থকা মহাদেশ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এনে চূড়ান্ত গ্ৰীষ্ম প্ৰৱাহ এতিয়া লাহে লাহে ইউৰোপৰ জলবায়ুৰ বাবে চিনাকি আৰু নিয়মিত ঘটনাত পৰিণত হ’ব।

ইউৰোপিয়নসকলে কিয় সহ্য কৰিব পৰা নাই গ্ৰীষ্ম প্ৰৱাহ?

জলবায়ু বিশেষজ্ঞসকলৰ মতে ইউৰোপৰ প্ৰায় সকলো অঞ্চলৰে অধিকাংশ ঘৰ, বিদ্যালয়, কাৰ্যালয় আৰু নগৰীয়া আন্তঃগাঁথনি মূলতঃ শীত কালৰ বাবে নিৰ্মাণ কৰা হৈছিল। সেইবাবে বহু ঠাইত শীততাপ নিয়ন্ত্ৰণ (Air Conditioning)ৰ ব্যৱস্থা সীমিত, যাৰ ফলত অত্যধিক গৰমৰ সৈতে মোকাবিলা কৰাটো অধিক কঠিন হৈ পৰিছে। বিগত মে’ত জাৰ্মানীত ৩৭% বৃদ্ধি পাইছে AC বিক্ৰীৰ হাৰ। আনহাতে স্পেইন-ফ্ৰান্স, ইটালীৰ দৰে দেশত প্ৰায় দুগুণলৈ চাহিদা বাঢ়িছে এয়াৰ কণ্ডিচনাৰৰ। জলবায়ু বিশেষজ্ঞসকলে এই ঘটনাক সমগ্ৰ বিশ্বৰ বাবে এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে, যদি সেউজ গৃহ গেছ নিৰ্গমন নিয়ন্ত্ৰণ আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে অধিক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে ভৱিষ্যতে ইয়াতকৈও অধিক ভয়ংকৰ, দীঘলীয়া গ্ৰীষ্ম প্ৰৱাহৰ সন্মুখীন হ’ব লাগিব সমগ্ৰ ইউৰোপবাসী।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Heat Wave
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!
অসম

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

October 14, 2026
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ
বিজ্ঞান

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

October 14, 2026
Next Post
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.