নিজৰ ভৱিষ্যৎ গঢ়াৰ সপোন লৈ দিল্লীৰ সত্য নিকেতনত থাকিবলৈ অহা বহু ছাত্ৰ-ছাত্ৰীৰ বাবে দেওবাৰৰ দিনটো হৈ পৰিল এক দুঃস্বপ্ন। এটা পাঁচ মহলীয়া অট্টালিকা হঠাতে ভাঙি পৰাত এতিয়াও ধ্বংসাৱশেষৰ তলত বহু লোক আবদ্ধ হৈ পৰাৰ আশংকা সৃষ্টি হৈছে। ঘটনাটোৱে অঞ্চলটোত আতংকৰ সৃষ্টি কৰাৰ লগতে অট্টালিকাটোৰ নিৰাপত্তা, মেৰামতিৰ কাম আৰু অনুমোদনক লৈও বহু প্ৰশ্ন উত্থাপন কৰিছে। স্থানীয় লোক আৰু বাসিন্দাসকলৰ মতে, অট্টালিকাটো বহু পুৰণি আছিল। দেৱালত ফাট, আৰ্দ্ৰতা আৰু পানী লিক হোৱাৰ দৰে সমস্যা আছিল। ইয়াৰ মাজতে বিগত প্ৰায় এসপ্তাহ ধৰি অট্টালিকাটোত মেৰামতিৰ কাম চলি আছিল বুলি জানিব পৰা গৈছে। এই কামৰ সময়তে দেওবাৰে দুপৰীয়া অট্টালিকাটো ভাঙি পৰে।
সত্য নিকেতনৰ এই দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে মতিলাল নেহৰু কলেজৰ ছাত্ৰ হাবিব। ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে কলেজখনত নামভৰ্তি কৰাৰ পিছত তেওঁ প্ৰায় এমাহ পূৰ্বে সত্য নিকেতনৰ এটা পিজিত কোঠা বুক কৰিছিল। হাবিবে জনোৱা মতে, তেওঁ এটা কোঠাত অকলে থাকিছিল আৰু কাষৰ কোঠাটোত দুজন ছাত্ৰ আছিল। জন্মাষ্টমীৰ উপলক্ষে শুকুৰবাৰে বন্ধ আছিল। তাৰ পিছত শনিবাৰ আৰু দেওবাৰো বন্ধ থকাৰ বাবে তেওঁ গাজীপুৰৰ পৰা দিল্লীত থকা ককাকৰ ঘৰলৈ গৈছিল। দেওবাৰে সন্ধিয়া পিজিলৈ উভতি অহাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বেই দুপৰীয়াৰ ভাগত অট্টালিকাটো ভাঙি পৰাৰ খবৰ লাভ কৰে। হাবিবৰ মতে, অট্টালিকাটোৰ অৱস্থা ভাল নাছিল। তেওঁলোকে এই বিষয়ে পিজিৰ মালিককো জনাইছিল।
অট্টালিকাটোৰ প্ৰতিটো মহলাত দুটা কোঠা আছিল। বহু কোঠাত দুজনকৈ ছাত্ৰ থাকিছিল। পিজিলৈ অহা-যোৱাৰ বাবে মাত্ৰ এটা প্ৰৱেশপথ আছিল আৰু চিৰিবোৰো অতি সংকীৰ্ণ আছিল। ফলত জৰুৰীকালীন পৰিস্থিতিত বাহিৰলৈ ওলাই অহাটো যথেষ্ট কঠিন আছিল।
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ
দুৰ্ঘটনাৰ সময়ত কেইবাজনো ছাত্ৰ ফোনত বন্ধু-বান্ধৱীৰ সৈতে কথা পাতি আছিল। এজন ছাত্ৰৰ বন্ধুৱে জনোৱা মতে, প্ৰায় ১ বজাত তেওঁ বন্ধু যুৱৰাজৰ সৈতে ফোনত কথা পাতি আছিল। কথা পাতি থকাৰ মাজতে হঠাতে এটা ডাঙৰ শব্দ শুনা যায় আৰু ফোনৰ সংযোগ বিচ্ছিন্ন হৈ পৰে। পুনৰ ফোন কৰিও কোনো সঁহাৰি নোপোৱাত বন্ধুসকল চিন্তিত হৈ পৰে। অট্টালিকা ভাঙি পৰাৰ খবৰ পোৱাৰ পিছত তেওঁলোকে লগে লগে ঘটনাস্থলীলৈ যায়। কেইবাঘণ্টা ধৰি ধ্বংসাৱশেষৰ মাজত যুৱৰাজক বিচাৰি ফুৰাৰ পিছত চিকিৎসালয়তো খবৰ লয়। কিন্তু সন্ধিয়া পৰ্যন্ত তেওঁক বিচাৰি পোৱা হোৱা নাছিল বুলি বন্ধুৱে জানিবলৈ দিয়ে।
দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত বৃহৎ সংখ্যক লোক সমবেত হয়। সংকীৰ্ণ পথত ভিৰ বৃদ্ধি পোৱাৰ বাবে উদ্ধাৰকাৰী দলসমূহে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। আৰক্ষী আৰু উদ্ধাৰকাৰী দলসমূহে ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম আৰম্ভ কৰে। পিছত ক্ৰেন আৰু জেচিবি আনি উদ্ধাৰ অভিযান অধিক তীব্ৰ কৰা হয়। আহতসকলক দ্ৰুতভাৱে চিকিৎসালয়লৈ নিয়াৰ বাবে সেউজীয়া কৰিডৰো সৃষ্টি কৰা হয়।
এইদৰে আৰম্ভ হৈছিল উদ্ধাৰ অভিযান
দুপৰীয়া ১:৩৪ বজাত: সত্য নিকেতনৰ মন্দিৰ ৱালি গালিত অট্টালিকা ভাঙি পৰাৰ সন্দৰ্ভত PCR ফোন লাভ কৰে আৰক্ষীয়ে।
১:৪০ বজাত: আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।
১:৫৫ বজাত: NDRFসহ বিভিন্ন উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়।
২:২০ বজাত: ক্ৰেন আৰু এক্সকেভেটৰ মেচিনেৰে ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম আৰম্ভ কৰা হয়।
২:৩০ বজাত: আহতসকলক দ্ৰুত চিকিৎসালয়লৈ প্ৰেৰণৰ বাবে সেউজীয়া কৰিডৰ সৃষ্টি কৰা হয়।
৩ বজাৰ পিছত: ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা বুলি আশংকা কৰা লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত থাকে।
সন্ধিয়া: বিভিন্ন নেতা আৰু বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
কিয় ভাঙি পৰিল অট্টালিকাটো?
অট্টালিকাটো ভাঙি পৰাৰ প্ৰকৃত কাৰণ এতিয়াও তদন্তৰ বিষয়। কিন্তু স্থানীয় লোকৰ বক্তব্যই অট্টালিকাটোৰ নিৰাপত্তা ব্যৱস্থাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। জানিব পৰা মতে, অট্টালিকাটো প্ৰায় ৪০-৫০ বছৰ পুৰণি আছিল। ইয়াৰ দেৱালত ফাট আৰু আৰ্দ্ৰতাৰ সমস্যা আছিল। পানী লিক হোৱাৰ সমস্যাও আছিল। ইয়াৰ মাজতে বিগত প্ৰায় এসপ্তাহ ধৰি মেৰামতিৰ কাম চলি আছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰায় ৯২ গজ মাটিৰ ওপৰত নিৰ্মিত আছিল অট্টালিকাটো। বেছমেণ্টত জোতাৰ দোকান আছিল আৰু তলৰ মহলাতো ব্যৱসায়িক প্ৰতিষ্ঠান চলি আছিল। ওপৰৰ মহলাসমূহত পিজি চলোৱা হৈছিল।
অভিযোগ অনুসৰি, প্ৰায় দুবছৰ পূৰ্বে অট্টালিকাটোত আৰু দুটা মহলা সংযোজন কৰা হৈছিল। সেই অতিৰিক্ত মহলা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অনুমতি লোৱা হৈছিল নে নাই, সেয়াও তদন্তৰ বিষয় হৈ পৰিছে। দুৰ্ঘটনাটোৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে—অট্টালিকাটোত যদি আগৰে পৰাই ফাট, আৰ্দ্ৰতা আৰু পানী লিকৰ সমস্যা আছিল, তেন্তে বাসিন্দাসকলক কিয় অন্য স্থানলৈ স্থানান্তৰ কৰা নহ’ল? স্থানীয় লোকসকলে দাবী কৰিছে যে অট্টালিকাটোৰ অৱস্থা কিছুদিনৰ পৰাই ভাল নাছিল। মেৰামতিৰ কামো চলি আছিল। এনে অৱস্থাত ছাত্ৰ-ছাত্ৰীক অট্টালিকাটোৰ ভিতৰত থাকিবলৈ দিয়া হৈছিল নেকি, সেই বিষয়টো তদন্তত স্পষ্ট হ’ব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















