• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

49 minutes ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

16 minutes ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

1 hour ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

2 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

2 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

3 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

4 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

4 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

5 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

5 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

6 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

8 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

হুলস্থূলৰ প্ৰতিবাদ কৰাই কাল হ'ল...

editor by editor
September 8, 2026
in অপৰাধ, উত্তৰ-পূব, বিনোদন, ভাৰত, সংগীত
0
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
0
SHARES
81
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীৰ দক্ষিণ-পূব অঞ্চলৰ কিলোকৰি গাঁৱত দেওবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। প্ৰকাশিত তথ্য অনুসৰি, নিশা প্ৰায় ১১.৩০ বজাত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী চোংথম বিক্ৰম সিঙে নিজৰ গৃহৰ তললৈ নামি আহিছিল। তেওঁৰ ঘৰৰ ওচৰত কেইজনমান লোকে হুলস্থুল কৰি থকাৰ লগতে যথেষ্ট শব্দ কৰি আছিল। সেই শব্দৰ বাবে তেওঁ আপত্তি জনাই লোককেইজনক শান্ত হ’বলৈ কৈছিল। ইয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। আৰক্ষীৰ মতে, ঘটনাত জড়িত লোকসকলৰ মাজত কিছুমান ডেলিভাৰী কৰ্মী থকাৰ লগতে ওচৰৰ ধাবা বা খাদ্য প্ৰতিষ্ঠানৰ কৰ্মচাৰীও আছিল বুলি তদন্তত পোহৰলৈ আহিছে। বিক্ৰম সিঙৰ সৈতে তেওঁলোকৰ প্ৰথমে তৰ্ক-বিতৰ্ক হয় আৰু ইয়াৰ পিছতে এই কাজিয়াই ভয়ংকৰ শাৰীৰিক আক্ৰমণৰ ৰূপ লয়।

CCTV ফুটেজৰ ভিত্তিত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, বিক্ৰম সিঙক কেৱল ঘৰৰ বাহিৰতে নহয়, তেওঁ থকা অট্টালিকাৰ চিৰিৰ লবীতো খেদি গৈ আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ উঠিছে। দুটাকৈ CCTV ফুটেজত আক্ৰমণকাৰীসকলক অট্টালিকাৰ পৰা ওলাই যোৱা আৰু কিছু সময় পিছত বিক্ৰমৰ পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা দৃশ্য দেখা গৈছে। পৰিয়ালৰ অভিযোগ অনুসৰি, আক্ৰমণৰ সময়ত বিক্ৰমে সহায়ৰ বাবে চিঞৰিছিল। ওচৰ-চুবুৰীয়াই সেই নিশা চিঞৰ-বাখৰ শুনিছিল যদিও ঘটনাটো ইমান ভয়াৱহ বুলি তেওঁলোকে তেতিয়া বুজিব পৰা নাছিল। এগৰাকী চুবুৰীয়াই পিছত জনোৱা মতে, তেওঁ কেইজনমান লোকক ফোনত কথা পাতি আন লোকক মাতি থকা শুনিছিল।

গুৰুতৰভাৱে আহত বিক্ৰম সিঙক তেওঁৰ পুত্ৰই ততাতৈয়াকৈ দক্ষিণ দিল্লীৰ হলি ফেমিলী হাস্পতাললৈ লৈ যায়। কিন্তু চিকিৎসাধীন অৱস্থাতে সোমবাৰে পুৱা তেওঁৰ মৃত্যু হয়। চিকিৎসালয়ৰ প্ৰতিবেদন অনুসৰি, গুৰুতৰ আঘাত আৰু hemorrhagic shock-ৰ ফলতেই তেওঁৰ মৃত্যু হয় বুলি উল্লেখ কৰা হৈছে। ঘটনাৰ পিছতে দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। প্ৰকাশিত শেহতীয়া তথ্য অনুসৰি, ঘটনাৰ সৈতে জড়িত ৮জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে, যাৰ ভিতৰত এগৰাকী নাবালকো আছে বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱেও সকলো অভিযুক্ত গ্ৰেপ্তাৰ হোৱা আৰু শীঘ্ৰে শক্তিশালী অভিযোগনামা দাখিল কৰাৰ কথা প্ৰকাশ কৰিছে। অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে ঘটনাটোৰ আঁৰত কোনো নিৰ্দিষ্ট জাতিগত বা বৰ্ণবাদী উদ্দেশ্য নিশ্চিত কৰা নাই। তদন্ত আগবঢ়াৰ লগে লগে আক্ৰমণৰ সম্পূৰ্ণ কাৰণ আৰু ঘটনাৰ প্ৰতিটো পৰ্যায় স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

কোন আছিল চোংথম বিক্ৰম সিং?

চোংথম বিক্ৰম সিং কেৱল এগৰাকী সংগীত শিক্ষক নাছিল; তেওঁ মণিপুৰৰ সংগীত জগতৰ এগৰাকী পৰিচিত নাম আছিল। মণিপুৰৰ থাংমেইবন্দ লৌৰুঙ পুৰেল লেইকাই অঞ্চলৰ বাসিন্দা বিক্ৰম সিঙে ১৯৮০ৰ দশকৰ পৰাই সংগীতৰ সৈতে জড়িত হৈ আছিল। তেওঁ Ultra Vires-ৰ সৈতে সংগীত যাত্ৰা আৰম্ভ কৰাৰ পিছত মণিপুৰৰ জনপ্ৰিয় ৰক বেণ্ড Phoenixৰ মুখ্য গীটাৰবাদক হিচাপে পৰিচিতি লাভ কৰিছিল। পিছত Eastern Darkৰ সৈতেও কাম কৰিছিল। মণিপুৰৰ আৰম্ভণিৰ ৰক সংগীতৰ বিকাশত তেওঁৰ অৱদান গুৰুত্বপূৰ্ণ আছিল বুলি সংগীত জগতৰ লোকসকলে উল্লেখ কৰিছে।

প্ৰায় দুটা দশক পূৰ্বে তেওঁ দিল্লীলৈ আহিছিল। ৰাজধানী চহৰখনতো তেওঁ সংগীতৰ সৈতে সম্পৰ্ক অটুট ৰাখিছিল। তেওঁ দিল্লীত এখন সংগীত বিদ্যালয় স্থাপন কৰাৰ লগতে ঘৰত ছাত্ৰ-ছাত্ৰীক সংগীতৰ শিক্ষা দিছিল। দিল্লী স্কুল অব মিউজিকতো তেওঁ শিক্ষক হিচাপে কাম কৰিছিল। বিক্ৰম সিং এটা সংগীতপ্ৰধান পৰিয়ালৰ সন্তান আছিল। তেওঁৰ মাতৃ চোংথম কমলা মণিপুৰৰ এগৰাকী প্ৰখ্যাত শাস্ত্ৰীয় আৰু আধুনিক সংগীতশিল্পী। ১৯৭২ চনৰ মণিপুৰী ছবি Matamgi Manipurতো তেওঁৰ মাতৃয়ে কণ্ঠদান কৰিছিল। মণিপুৰী সংগীত আৰু চলচ্চিত্ৰ জগতত তেওঁৰ বিশেষ পৰিচিতি আছিল। বিক্ৰম সিঙে BAFTA বঁটা লাভ কৰা ছবি Boong-ৰ পৰিচালিকা লক্ষ্মীপ্ৰিয়া দেৱীৰো আত্মীয় আছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24singer murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?
বিনোদন

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

September 8, 2026
Next Post
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.