• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

1 hour ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

25 seconds ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

2 hours ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

3 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

4 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

4 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

5 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

6 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

13 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

15 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

15 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

16 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

প্ৰাণ গ’ল ১৫ হাজাৰৰো অধিক লোকৰ

editor by editor
September 11, 2026
in অসম, প্ৰযুক্তি, ভাৰত, লেখা
0
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা
0
SHARES
44
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোণাপুৰত কিছুদিন আগতে সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ পিছতো গা নলৰিল NHAI। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি আকৌ ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। বকোৰ ভুৰ্কীবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দমাই থোৱা শিল আৰু বালিৰ প্ৰলেপত খুন্দা মাৰি সংঘটিত হয় এই দুৰ্ঘটনা। কথমপি প্ৰাণৰক্ষা পৰে বাহনখনত থকা দুজনকৈ লোক। শিল দমাই থোৱা স্থানত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আঁৰি থোৱা নাছিল কোনো ধৰণৰ ফলক। গুৱাহাটীৰ পৰা ধুবুৰী, শিলচৰৰ পৰা ডিব্ৰুগড়—ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সংযোগ স্থাপন কৰা ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া কেৱল উন্নয়নৰ প্ৰতীক নহয়, পথ সুৰক্ষাক লৈও এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। বিগত ১০ বছৰৰ চৰকাৰী পৰিসংখ্যাই প্ৰকাশ কৰিছে এক ভয়ংকৰ ছবি। বিগত ১০ বছৰত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত সমূহত সংঘটিত হৈছে সৰু-বৰ প্ৰায় ৩৮ হাজাৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ১৫ হাজাৰৰো অধিক লোকে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, ২০১৬ চনৰ পৰা ২০২৫ চনলৈ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত মুঠ ৩৭,৮১৭টা পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ভাগ্যজনকভাৱে এই দুৰ্ঘটনাসমূহত ১৫,২০২জন লোকৰ মৃ*ত্যু হৈছে। অৰ্থাৎ বিগত এটা দশকত গড়ে প্ৰতিদিনে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় ১০টাতকৈ অধিক দুৰ্ঘটনা সংঘটিত হৈছে। আনহাতে, প্ৰতিদিনে গড়ে ৪ জনতকৈ অধিক লোকৰ মৃ*ত্যু হৈছে পথ দুৰ্ঘটনাত।

বছৰ অনুসৰি পৰিসংখ্যা চালে দুৰ্ঘটনাৰ ভয়ংকৰ ছবিখন অধিক স্পষ্ট হৈ পৰে। ২০১৬ চনত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত ৩,৪৭৮টা দুৰ্ঘটনা সংঘটিত হৈছিল। সেই বছৰতে ১,২৯৫ জন লোকৰ মৃ*ত্যু হয়। ২০১৭ চনত দুৰ্ঘটনাৰ সংখ্যা ৩,২৭৪টালৈ কমিলেও মৃ*ত্যুৰ সংখ্যা বৃদ্ধি পাই ১,৪৬৪জন হয়। ২০১৮ চনত ৩,৯৬৩টা দুৰ্ঘটনাত ১,৫৪১জন আৰু ২০১৯ চনত ৩,৯৮৮টা দুৰ্ঘটনাত ১,৬৯০জন লোকৰ মৃ*ত্যু হয়। ২০২০ চনত ক’ভিড-১৯ মহামাৰীৰ সময়ত যান-বাহনৰ চলাচল হ্ৰাস পোৱাৰ বাবে দুৰ্ঘটনাৰ সংখ্যা ২,৯৬৩ টালৈ নামি আহে আৰু মৃ*ত্যুৰ সংখ্যাও ১,৩২২জনলৈ কমে। কিন্তু তাৰ পিছত পুনৰ বৃদ্ধি পাবলৈ ধৰে দুৰ্ঘটনা আৰু মৃ*ত্যুৰ সংখ্যা। ২০২১ চনত ৩,৪০৮টা দুৰ্ঘটনাত ১,৫৭৪ জন, ২০২২ চনত ৩,২৪৪ টা দুৰ্ঘটনাত ১,৪২৮জন আৰু ২০২৩ চনত ৩,৪২৭টা দুৰ্ঘটনাত ১,৫৬৪ জন লোকৰ মৃ*ত্যু হয়। ২০২৪: মৃ*ত্যুৰ সংখ্যাত ১০ বছৰৰ ভিতৰত সৰ্বাধিক। ২০২৪ চনটো আছিল বিশেষভাৱে চিন্তনীয়। সেই বছৰ অসমত ৰাষ্ট্ৰীয় ঘাইপথত ৩,৭৬৬টা দুৰ্ঘটনা সংঘটিত হৈছিল। এই দুৰ্ঘটনাসমূহত প্ৰাণ হেৰুৱাইছিল ১,৭২২জন লোকে। অৰ্থাৎ ২০১৬ৰ পৰা ২০২৫লৈ মৃ*ত্যুৰ সংখ্যাৰ হিচাপত ২০২৪ চনতেই সৰ্বাধিক লোকৰ মৃ*ত্যু হৈছিল। ইফালে ২০২৫ চনৰ পৰিসংখ্যাই আৰু এটা চিন্তনীয় তথ্য পোহৰলৈ আনিছে। ২০২৫ চনত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত নথিভুক্ত হোৱা দুৰ্ঘটনাৰ সংখ্যা ৬,৩০৬টা। অৰ্থাৎ ২০২৪ চনৰ ৩,৭৬৬টা দুৰ্ঘটনাৰ তুলনাত এবছৰতে দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। সেই বছৰটোত অৱশ্যে মৃ*ত্যুৰ সংখ্যা আছিল ১,৬০২জন। এই পৰিসংখ্যাই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে—ৰাষ্ট্ৰীয় ঘাইপথ উন্নত আৰু বহল হোৱাৰ পিছতো দুৰ্ঘটনা কিয় কমা নাই?

বছৰ অনুসৰি সম্পূৰ্ণ হিচাপ
বছৰ      NHত দুৰ্ঘটনা      মৃত্যু
২০১৬      ৩,৪৭৮            ১,২৯৫
২০১৭       ৩,২৭৪             ১,৪৬৪
২০১৮       ৩,৯৬৩           ১,৫৪১
২০১৯        ৩,৯৮৮           ১,৬৯০
২০২০        ২,৯৬৩           ১,৩২২
২০২১         ৩,৪০৮          ১,৫৭৪
২০২২         ৩,২৪৪          ১,৪২৮
২০২৩         ৩,৪২৭           ১,৫৬৪
২০২৪          ৩,৭৬৬        ১,৭২২
২০২৫          ৬,৩০৬          ১,৬০২

মুঠ ৩৭,৮১৭ ১৫,২০২

বিগত বছৰসমূহত অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন, চাৰি লেনৰ পথ নিৰ্মাণ, নতুন ৰাজপথ কৰিডৰ আৰু সংযোগ ব্যৱস্থা উন্নত কৰাৰ কাম চলিছে। কিন্তু পথ উন্নয়ন মানেই পথ দুৰ্ঘটনা হ্ৰাস পোৱা নহয়। বিভিন্ন ঠাইত লেহমেয়ী নিৰ্মাণ, ঘাইপথত হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সময়মতে মেৰামতি নকৰাৰ উপৰিও অত্যধিক গতিবেগ, অসাৱধানতাৰে গাড়ী চলোৱা, ভুল দিশে গাড়ী চলোৱা, গধুৰ বাহনৰ অধিক চলাচল, পথৰ কাষত অবৈধ পাৰ্কিং, পৰ্যাপ্ত পোহৰৰ অভাৱ আৰু বহু ক্ষেত্ৰত বিপজ্জনক পথ নিৰ্মাণৰ নক্সাও দুৰ্ঘটনাৰ অন্যতম কাৰণ হৈ পৰে। সেয়ে কেৱল নতুন পথ নিৰ্মাণ কৰিলেই নহ’ব। পথ সুৰক্ষা অডিট, ব্লেক স্পট চিনাক্তকৰণ, গতি নিয়ন্ত্ৰণ, যান-বাহনৰ দিক-নিৰ্দেশক চিহ্ন, ঘাইপথত উপযুক্ত লাইটৰ ব্যৱস্থা আৰু জৰুৰীকালীন চিকিৎসা সহায়তা অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে।

ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ সৈতে আন এটা বিষয়ো চৰ্চালৈ আহিছে— সেয়া হৈছে বৰ্ধিত হাৰত বৃদ্ধি পোৱা টোল গেটসমূহ। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, ৩১ অক্টোবৰ ২০২৫লৈ অসমত ৰাষ্ট্ৰীয় ঘাইপথত ১০টা মাচুল পৰিচালনা টোল প্লাজা আছিল। বিভিন্ন ঘাইপথ প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত টোল সংগ্ৰহ আৰম্ভ কৰাৰ বাবে এই fee plazaসমূহ ব্যৱহাৰ কৰা হয়।

ৰাষ্ট্ৰীয় ঘাইপথ টোল তথ্য ব্যৱস্থা (National Highways Toll Information System)ৰ তথ্য অনুসৰি অসমত কেইবাটাও toll plaza বিগত দশকত ব্যৱহাৰ হৈ আছে। উদাহৰণস্বৰূপে ৰহা আৰু দাহালপাৰা টোল প্লাজাই ২০১৭ চনত বাণিজ্যিক পৰিচালনা আৰম্ভ কৰিছিল। আনহাতে মিকিৰাতি হাওগাঁও আৰু মদনপুৰ ২০২০ চনত বাণিজ্যিক পৰিচালনা আৰম্ভ হৈছিল। অৰ্থাৎ ২০১৭ৰ পৰা ২০২০ৰ ভিতৰত অসমত একাধিক নতুন toll plaza কাৰ্যক্ষম হোৱা তথ্য চৰকাৰী toll database-ত পোৱা যায়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Road Acccident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?
বিশ্ব

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

September 11, 2026
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?
ভাৰত

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

September 11, 2026
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা
বাণিজ্য

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

September 11, 2026
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?
জীৱনশৈলী

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

September 11, 2026
Next Post
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.