ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনা। প্ৰতিদিনে হত্যা, লুণ্ঠনৰ দৰে বিভিন্ন ঘটনা ঘটি আছে। এইবাৰ সৰ্থেবাৰীত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। সৰ্থেবাৰীৰ নিকটৱৰ্তী চেঙাৰ জাব্ৰিকুছিত পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ।
এই ঘটনাই পিতৃ-পুত্ৰৰ সম্পৰ্কত লগাইছে ৰক্তৰ দাগ। পাৰিবাৰিক সংঘাতৰ মাজতে পিতৃৰ আক্ৰমণত প্ৰাণ হেৰুৱালে পুত্ৰই। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
সুৰাৰ ৰাগিত মতলীয়া পিতৃয়ে ধৰিব নোৱাৰিলে তেওঁ কি কৰিলে। পিতৃ শণিৰাম বড়োৱে চুৰিকাঘাত কৰি হ ত্যা কৰিলে নিজৰ একমাত্ৰ পুত্ৰ বুদ্ধদেৱ বড়োক। নিচাসক্ত হৈ থকা শণিৰাম বড়োৱে হানি খুচি হ ত্যা কৰিলে বুদ্ধদেৱক। জানিব পৰা মতে, ঘৰুৱা কন্দলৰ বাবেই সংঘটিত হ’ল এই জঘন্য কাণ্ড সংঘটিত হয়।
মাছ মাৰি উভতি অহাৰ সময়ত বুদ্ধদেৱক গালি গালাজ কৰিছিল পিতৃ শণিৰামে আৰু ইয়াৰে পিছতে খঙৰ ভমকত পুত্ৰক চোকা অস্ত্ৰৰে কৰিছিল প্ৰহাৰ। হত্যাকাৰী পুত্ৰ শণিৰাম বড়ো এগৰাকী প্ৰাক্তন কনিষ্টবল আছিল কিন্তু পিতৃয়ে উপাৰ্জনকাৰী পুত্ৰকে হত্যা কৰে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী শণিৰামক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















