উত্তৰপ্ৰদেশৰ মথুৰাৰ কোচিকালান চহৰৰ ছাৰাফা বজাৰত সংঘটিত হৈছে এক বৃহৎ চুৰিৰ ঘটনা। বজাৰখনৰ এখন গহনা দোকানত যোৱা নিশা চোৰে প্ৰৱেশ কৰি প্ৰায় ১০ৰ পৰা ১০.৫ কিলোগ্ৰাম সোণ আৰু সোণৰ গহনা, লগতে ১৫ লাখ টকা নগদ ধন লৈ যায়।
চোৰে প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যে দোকানত থকা CCTVৰ DVRটোও লগতে লৈ যায়। ঘটনা সন্দৰ্ভত বলদেৱ গঞ্জ, কোচিকালানৰ বাসিন্দা তথা বুলিয়ন ব্যৱসায়ী বৰুণ কুমাৰে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। বৰুণে তেওঁৰ ভাতৃ অমিত আগৰৱালাৰ সৈতে বিগত কেইবাবছৰ ধৰি ভাৰত মিলাপ চকত থকা ছাৰাফা বজাৰত সোণ-ৰূপৰ গহনা নিৰ্মাণৰ ব্যৱসায় কৰি আহিছে।
ভুক্তভোগীয়ে জানিবলৈ দিয়া মতে, ১৩ ছেপ্টেম্বৰৰ নিশা প্ৰতিদিনৰ দৰে দোকান বন্ধ কৰি তেওঁলোক ঘৰলৈ যায়। পিছদিনা, অৰ্থাৎ ১৪ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১০ বজাত তেওঁৰ দেউতাকে দোকানখন খুলিবলৈ আহে। দোকানৰ পিছফালৰ কোঠালৈ গৈ তেওঁ লক্ষ্য কৰে যে তলাটো ভঙা অৱস্থাত আছে আৰু দোকানৰ চাবি তথা চেফটোও নোহোৱা হৈ আছে।
ইয়াৰ পিছত দোকানৰ ভিতৰত প্ৰৱেশ কৰি তেওঁলোকে চুৰিৰ ঘটনা পোহৰলৈ আনে। তদন্তত দেখা যায় যে চোৰে ভিতৰৰ পৰা শ্বাটাৰ খুলি দোকানত প্ৰৱেশ কৰিছিল। দোকানৰ চিচিটিভি কেমেৰাৰ ডিভিআৰটোও নোহোৱা হৈছিল।
ষ্ট্ৰং ৰুমৰ চেফটো পৰীক্ষা কৰাত প্ৰায় ১০ৰ পৰা ১০.৫ কিলোগ্ৰাম সোণ, সোণৰ গহনা আৰু ১৫ লাখ টকা নগদ ধন নোহোৱা হোৱাৰ তথ্য পোৱা যায়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে বৰুণ কুমাৰে ১১২ নম্বৰত ফোন কৰি আৰক্ষীক অৱগত কৰে। খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
কোচিকালানৰ এছ এছ পি শ্লোক কুমাৰে জানিবলৈ দিয়ে যে এখন গহনা দোকানত চুৰি হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে। ঘটনাটোৰ তদন্তৰ বাবে চাৰিটা আৰক্ষীৰ দল মোতায়েন কৰা হৈছে। আৰক্ষীয়ে শীঘ্ৰে চুৰিৰ ঘটনাৰ সৈতে জড়িত লোকসকলৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















