ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ ৰিংকু সিং আৰু সমাজবাদী পাৰ্টিৰ সাংসদ প্ৰিয়া সৰোজৰ বিবাহৰ তাৰিখ অৱশেষত প্ৰকাশ পাইছে। অহা ৪ ডিচেম্বৰত লক্ষ্ণৌৰ ৰমাদা হোটেলত দুয়ো বিবাহপাশত আবদ্ধ হ’ব। ইতিমধ্যে দুয়োটা পৰিয়ালতে বিয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে। ৰিংকু সিং আৰু প্ৰিয়া সৰোজৰ এংগেজমেণ্ট হৈছিল ২০২৫ চনৰ ৮ জুনত। লক্ষ্ণৌৰ চেণ্ট্ৰম হোটেলত অনুষ্ঠিত হৈছিল এই বিশেষ অনুষ্ঠান। এংগেজমেণ্টৰ পিছতে দুয়োৰে বিবাহক লৈ চৰ্চা আৰম্ভ হৈছিল। অৱশেষত এতিয়া বিবাহৰ তাৰিখ আৰু স্থান নিশ্চিত হৈছে।
ৰিংকু সিঙৰ জীৱনত বিয়াৰ আনন্দৰ মাজতো এক গভীৰ দুখৰ অধ্যায় আছে। তেওঁৰ পিতৃ খানচন্দ সিঙৰ ২৭ ফেব্ৰুৱাৰীত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। পিতৃৰ মৃত্যুৰ বাবে পূৰ্বতে নিৰ্ধাৰিত বিবাহ অনুষ্ঠান পিছুৱাই দিবলগীয়া হৈছিল। খানচন্দ সিঙে পুত্ৰক সংসাৰত থিতাপি লোৱা দেখিবলৈ বিচাৰিছিল। কিন্তু পুত্ৰৰ বিয়াৰ আগতেই তেওঁৰ মৃত্যু হয়। সেয়ে দুয়োপক্ষৰ সন্মতি অনুসৰি বিয়াৰ তাৰিখ পিছুৱাই দি এতিয়া ডিচেম্বৰ মাহত বিবাহৰ সিদ্ধান্ত লোৱা হৈছে।
অৱশ্যে এতিয়ালৈকে বিবাহ অনুষ্ঠানত কোন কোন বিশেষ অতিথি উপস্থিত থাকিব, সেই সম্পৰ্কে কোনো সম্পূৰ্ণ তালিকা প্ৰকাশ কৰা হোৱা নাই। কিন্তু দুয়োপক্ষৰ পৰিয়ালত ইতিমধ্যে বিয়াৰ প্ৰস্তুতি পূৰ্ণগতিত চলিছে।
ৰিংকু সিঙৰ ক্ৰিকেট যাত্ৰা মুঠেই সহজ নাছিল। অতি সাধাৰণ পৰিয়ালৰ পৰা আহি কঠোৰ পৰিশ্ৰমৰ জৰিয়তে তেওঁ ভাৰতীয় ক্ৰিকেটত নিজৰ স্থান দখল কৰিছে। ৰিংকুৰ পিতৃ খানচন্দ সিঙে জীৱিকা নিৰ্বাহৰ বাবে আনৰ ঘৰত গেছ চিলিণ্ডাৰ ডেলিভাৰী কৰিছিল। আনকি ৰিংকুকো এসময়ত মজিয়া চাফা কৰাৰ চাকৰি কৰিবলৈ কোৱা হৈছিল। কিন্তু এই সকলো প্ৰতিকূলতাৰ মাজতো ৰিংকুৱে ক্ৰিকেটৰ সপোন এৰি দিয়া নাছিল।
ঘৰুৱা ক্ৰিকেটত ভাল প্ৰদৰ্শনৰ পিছত তেওঁ আই পি এলত সুযোগ লাভ কৰে। কলকাতা নাইট ৰাইডাৰ্ছে তেওঁক দলত অন্তৰ্ভুক্ত কৰে। ইয়াৰ পিছতেই এটা বিশেষ ইনিংছে ৰিংকুক সমগ্ৰ ক্ৰিকেট বিশ্বৰ মাজত পৰিচিত কৰি তোলে। এটা আই পি এলৰ এখন মেচৰ শেষ অভাৰত ৰিংকুৱে একে অভাৰত পাঁচটা ছয় মাৰি দলক নাটকীয় জয়ৰ দিশে লৈ গৈছিল। এই ইনিংছৰ পিছতে তেওঁ ‘ফিনিছাৰ’ হিচাপে বিশেষ পৰিচয় লাভ কৰে। পিছলৈ ৰিংকু ভাৰতীয় ক্ৰিকেট দলৰ অংশ হৈ পৰে। বিশেষকৈ টি-২০ ক্ৰিকেটত তেওঁক ভাৰতৰ এগৰাকী গুৰুত্বপূৰ্ণ ফিনিছাৰ হিচাপে গণ্য কৰা হয়।
ৰিংকুৰ জীৱন সংগী হ’বলগীয়া প্ৰিয়া সৰোজ এগৰাকী ৰাজনীতিবিদ আৰু সমাজবাদী পাৰ্টিৰ সাংসদ। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ মাছলিশ্বহৰ লোকসভা সমষ্টিৰ পৰা সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ জয়লাভ কৰে। ইয়াৰ জৰিয়তে প্ৰিয়া সৰোজ দেশৰ কনিষ্ঠ সাংসদসকলৰ ভিতৰত অন্যতম হিচাপে পৰিচিত হয়। সংসদত তেওঁক প্ৰায়ে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱ আৰু সাংসদ ডিম্পল যাদৱৰ সৈতে দেখা যায়।
প্ৰিয়া সৰোজে আইন বিষয়ত শিক্ষা গ্ৰহণ কৰিছে। তেওঁ সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী টুফানী সৰোজৰ কন্যা। এফালে ক্ৰিকেটৰ পথাৰত নিজৰ প্ৰতিভাৰে পৰিচিত ৰিংকু সিং, আনফালে ৰাজনীতিৰ পথাৰত নিজৰ স্থান দখল কৰা প্ৰিয়া সৰোজ। এতিয়া দুয়োৰে জীৱনৰ নতুন অধ্যায় আৰম্ভ হ’ব ৪ ডিচেম্বৰত লক্ষ্ণৌত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















