ডিজিটেল পেমেণ্ট ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ আগবাঢ়িছে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেশ্যন (NPCI)-এ। UPIৰ জৰিয়তে ব্যৱসায়ীক কৰা ২০০০ টকাৰ ওপৰৰ লেনদেনত Merchant Discount Rate বা MDR নামৰ চাৰ্জ আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই নতুন নিয়ম ১৫ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। অৱশ্যে এই চাৰ্জ সাধাৰণ গ্ৰাহকৰ ওপৰত পোনপটীয়াকৈ আৰোপ কৰা নহ’ব। অৰ্থাৎ গ্ৰাহকে UPIৰ জৰিয়তে দোকানী বা ব্যৱসায়ীক ২০০০ টকাৰ ওপৰত ধন পৰিশোধ কৰিলেও অতিৰিক্ত ০.৪ শতাংশ চাৰ্জ গ্ৰাহকে দিব নালাগিব। এই MDR চাৰ্জ মূলতঃ ব্যৱসায়ী বা মাৰ্চেণ্টৰ ওপৰত প্ৰযোজ্য হ’ব।
NPCIৰ নতুন নিয়ম অনুসৰি, ব্যক্তিৰ পৰা ব্যৱসায়ীলৈ কৰা UPI লেনদেনত ২০০০ টকাৰ ওপৰত ধন পৰিশোধ কৰিলে ০.৪ শতাংশ MDR প্ৰযোজ্য হ’ব। অৱশ্যে বৃহৎ লেনদেনৰ ক্ষেত্ৰত চাৰ্জৰ সীমাও নিৰ্ধাৰণ কৰা হৈছে। NPCIৰ মতে, ৭৫,০০০ টকা বা তাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰত প্ৰতিটো লেনদেনত MDRৰ সৰ্বাধিক সীমা ৩০০ টকা হ’ব।
আনহাতে, ৰেলৱে, টেলিকম সেৱা, বীমা আৰু ইন্ধনৰ দৰে নিৰ্দিষ্ট ব্যৱসায়ী শ্ৰেণীৰ ক্ষেত্ৰত পৃথক নিয়ম থাকিব। এই শ্ৰেণীৰ ব্যৱসায়ীৰ ক্ষেত্ৰত ২০০০ টকাৰ ওপৰৰ প্ৰতিটো UPI লেনদেনৰ বাবে ৫ টকাৰ নিৰ্দিষ্ট MDR প্ৰযোজ্য হ’ব। নতুন নিয়মৰ মাজতো সৰু দোকানী, পথৰ ব্যৱসায়ী আৰু স্থানীয় ব্যৱসায়ীসকলৰ বাবে সকাহ ৰখা হৈছে। প্ৰতিমাহে UPIৰ জৰিয়তে ১ লাখ টকাৰ কম ধন লাভ কৰা যোগ্য ব্যৱসায়ীসকলে বাধ্যতামূলকভাৱে শূন্য MDRৰ সুবিধা লাভ কৰিব। অৰ্থাৎ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত এই নতুন চাৰ্জৰ প্ৰভাৱ তুলনামূলকভাৱে কম হ’ব।
ইয়াৰ পূৰ্বে ১৬ জুলাইত এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে চৰকাৰে UPI লেনদেনত MDR পুনৰ প্ৰৱৰ্তনৰ কথা চিন্তা কৰিছে। এতিয়া NPCIৰ ঘোষণাৰ জৰিয়তে এই বিষয়টো অধিক স্পষ্ট হৈছে। অৱশ্যে NPCI-এ ব্যৱসায়ীৰ মুঠ টাৰ্ণঅভাৰৰ ওপৰত ভিত্তি কৰি কোনো নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰা নাই। বৰং UPIৰ জৰিয়তে মাহে ১ লাখ টকাৰ কম ধন লাভ কৰা ক্ষুদ্ৰ ব্যৱসায়ীক শূন্য MDRৰ সুবিধা দিয়াৰ কথা উল্লেখ কৰা হৈছে। ব্ৰোকাৰেজ প্ৰতিষ্ঠান Bernsteinৰ পূৰ্বৰ এক অনুমান অনুসৰি, UPIৰ মাৰ্চেণ্ট পেমেণ্টৰ প্ৰায় আধা অংশত ৪০ বেছিছ পইণ্ট বা ০.৪ শতাংশ MDR আৰোপ কৰা হ’লে ২০২৭-২৮ বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰায় ২২,০০০ কোটি টকাৰ ৰাজহৰ পুল সৃষ্টি হ’ব পাৰে।
NPCIৰ মতে, MDRৰ পৰা সংগ্ৰহ হোৱা ধন UPI ব্যৱস্থাৰ ভিতৰতে ব্যৱহাৰ কৰা হ’ব। বিশেষকৈ UPIৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰা, নতুন প্ৰযুক্তি আৰু উদ্ভাৱনত বিনিয়োগ কৰা, চাইবাৰ সুৰক্ষা বৃদ্ধি কৰা আৰু গ্ৰাহক সেৱা উন্নত কৰাৰ ক্ষেত্ৰত এই ধন ব্যৱহাৰ কৰা হ’ব। সেয়ে নতুন নিয়মৰ ফলত সাধাৰণ গ্ৰাহকৰ UPI পেমেণ্টত পোনপটীয়া অতিৰিক্ত খৰচ নালাগিলেও, ২০০০ টকাৰ ওপৰৰ লেনদেন গ্ৰহণ কৰা কিছুমান ব্যৱসায়ীৰ বাবে UPI ব্যৱহাৰৰ খৰচ বৃদ্ধি পাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















