১৫ অক্টোবৰৰ পৰা দেশত ডিজিটেল পেমেণ্টৰ সন্দৰ্ভত এক বৃহৎ পৰিৱৰ্তন হ’ব। ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেশ্যনে মঙলবাৰে ঘোষণা কৰে যে ১৫ অক্টোবৰৰ পৰা নিৰ্বাচিত ব্যক্তিৰ পৰা ব্যৱসায়ীলৈ (পি টু এম) ইউ পি আই লেনদেনত চৰকাৰে মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (এম ডি আৰ) ৰূপায়ণ কৰিব। ইয়াৰ অধীনত ব্যৱসায়ীসকলে ২০০০ টকাৰ ওপৰৰ লেনদেনত ০.৪ শতাংশ মাচুল আৰু ৭৫,০০০ টকা বা তাতকৈ অধিক ধন পৰিশোধ কৰিলে সৰ্বোচ্চ ৩০০ টকা মাচুল দিব লাগিব।
এই ঘোষণাৰ পিছতে জনসাধাৰণৰ মাজত ব্যাপক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। ছ’চিয়েল মিডিয়াত ৰে’লৰ টিকটো অধিক ব্যয়বহুল হ’ব নেকি সেই লৈ চৰ্চা চলিবলৈ ধৰে। মঙলবাৰে ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যনে (এন পি চি আই) এক FAQ জাৰি কৰি এই বিষয়ত সকলো প্ৰশ্নৰ উত্তৰ দিয়ে। ইয়াৰ ফলত পৰিস্থিতি সম্পূৰ্ণৰূপে স্পষ্ট হৈ পৰিছে।
যাত্ৰীৰ কোনো বোজা নাবাঢ়িব
আজিকালি বেছিভাগ মানুহেই ৰে’লৱেৰ টিকট বুকিং কৰিবলৈ অনলাইন পেমেণ্ট পদ্ধতি ব্যৱহাৰ কৰে। সেয়েহে অতিৰিক্ত চাৰ্জক লৈ সকলোৱে চিন্তিত হৈ পৰিছিল। ইয়াৰ উত্তৰত এনপিচিআইয়ে স্পষ্ট কৰে যে ৰে’লৱে যাত্ৰীসকলে ইউপিআই ব্যৱহাৰ কৰি ধন পৰিশোধ কৰাৰ সময়ত কোনো অতিৰিক্ত মাচুল বহন নকৰে । নতুন পেমেণ্ট ষ্ট্ৰাকচাৰ এনেদৰে ডিজাইন কৰা হৈছে যাতে গ্ৰাহকে কেৱল নিৰ্ধাৰিত টিকটৰ মূল্যহে দিব। যদিও আপোনাৰ টিকটৰ মুঠ খৰচ ২,০০০ টকাতকৈ বেছি হয়, তথাপিও আপোনাৰ পকেটৰ পৰা অতিৰিক্ত এটকাও কৰ্তন কৰা নহয়।
অতিৰিক্ত চাৰ্জ কোনে দিব?
এতিয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে যেতিয়া যাত্ৰীজনৰ পৰা চাৰ্জ লোৱা নহ’ব, তেতিয়া এই নতুন চাৰ্জ কোনে দিব? নতুন নিয়ম অনুসৰি ২০০০ টকাৰ অধিক ৰে’ল লেনদেনত ৫ টকাৰ ফ্লেট এমডিআৰ (মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট) আৰোপ কৰা হ’ব। এই ধনৰাশি ব্যৱসায়ীজনক দিব লাগিব বুলি চৰকাৰে স্পষ্ট কৰি দিছে। অৰ্থাৎ টিকট বুকিং কৰিলে ভাৰতীয় ৰেলৱে বা আই আৰ চি টি চিয়ে নিজৰ পকেটৰ পৰা এই ৫ টকাৰ চাৰ্জ দিব। ধৰি লওক আপোনাৰ টিকট ৩০০০ টকাৰ বাবে, তেতিয়া পেমেণ্টৰ সময়ত মাত্ৰ ৩০০০ টকাহে দিব। অতিৰিক্ত ৫টকাৰ চাৰ্জৰ সমগ্ৰ বোজা ৰে’লৱে বহন কৰিব। ইয়াৰ ফলত যাত্ৰীজনৰ কোনো প্ৰভাৱ নপৰে।
অন্যান্য পেমেণ্টৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব নেকি নিয়ম?
ৰে’লৱেৰ উপৰিও টেলিকমিউনিকেচন সেৱা, বীমা প্ৰিমিয়াম পেমেণ্ট, আৰু ইন্ধন পুনৰ ভৰোৱাৰ দৰে অত্যাৱশ্যকীয় দৈনন্দিন সেৱাইও ৫ টকাৰ ফ্লেট এমডিআৰ আকৰ্ষণ কৰিব। আন বহুতো ব্যৱসায়ী পেমেণ্টৰ বাবে ০.৪ শতাংশ মানক এমডিআৰ নিৰ্ধাৰণ কৰা হৈছে, সৰ্বোচ্চ ৩০০ টকালৈকে। অৱশ্যে এই নিৰ্বাচিত অত্যাৱশ্যকীয় খণ্ডসমূহৰ বাবে সাধাৰণ জনতাক সকাহ দিয়াৰ বাবে নিৰ্দিষ্ট মাচুল নিৰ্ধাৰণ কৰা হৈছে।
দুহাজাৰতকৈও কম ধন পৰিশোধ একেবাৰে বিনামূলীয়া হ’ব
সৰু সৰু লেনদেনক উৎসাহিত কৰিবলৈ চৰকাৰে পুৰণি ব্যৱস্থাটো ধৰি ৰাখিছে। যদি আপোনাৰ ৰেলৰ টিকটৰ মূল্য ২,০০০টকাতকৈ কম হয়, তেন্তে UPI লেনদেনত কোনো MDR চাৰ্জ নাথাকিব, সম্পূৰ্ণ মুক্ত হৈ থাকিব। গতিকে কম দূৰত্ব বা সস্তা টিকটেৰে যাত্ৰা কৰাসকলে নতুন নিয়মক লৈ একেবাৰেই চিন্তা কৰিব নালাগে। এই নতুন বিধানসমূহ মূলতঃ ব্যৱসায়ীসকলৰ পৰা সমগ্ৰ ডিজিটেল পেমেণ্ট পৰিৱেশ ব্যৱস্থাটো ৰক্ষণাবেক্ষণৰ খৰচ ক্ষতিপূৰণৰ বাবে কাৰ্যকৰী কৰা হৈছে।
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















