প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে বিহাৰৰ পাটনাত এক অনন্য আয়োজন কৰা হয়। জন্মদিনৰ এদিন পূৰ্বে বুধবাৰে পাটনাৰ কালিঘাটত গংগাৰ পাৰত বিজেপি কৰ্মীসকলে প্ৰধানমন্ত্ৰীগৰাকীৰ কাটআউটত ৭৬ কিলোগ্ৰাম গাখীৰেৰে দুগ্ধাভিষেক কৰে। বৈদিক মন্ত্ৰোচ্চাৰণ, শংখধ্বনি আৰু আৰতিৰ মাজেৰে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। প্ৰধানমন্ত্ৰীৰ ৭৬সংখ্যক জন্মদিন উপলক্ষে প্ৰতীকীভাৱে কাটআউটখনত ৭৬ কিলো গাখীৰ অৰ্পণ কৰা হয়।
অনুষ্ঠানৰ সময়ত ‘বাৰ-বাৰ য়ে দিন আয়ে, তুম জীয়ো হাজাৰ ছাল’ ধৰণৰ গীত পৰিৱেশন কৰা হয়। ইয়াৰ লগতে ‘শান্তাকাৰং ভুজগশয়নম্’কে ধৰি বিভিন্ন বৈদিক মন্ত্ৰও পাঠ কৰা হয়। দুগ্ধাভিষেক আৰু পূজা-অৰ্চনাৰ পাছত প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি আৰতি কৰা হয়। অনুষ্ঠানত উপস্থিত লোকসকলৰ মাজত মিঠাইও বিতৰণ কৰা হয়। ইয়াৰ উপৰি অনুষ্ঠানস্থলীত ‘ভাৰত মাতা কি জয়’ ধ্বনিৰে পৰিৱেশ মুখৰিত হৈ পৰে। গংগাৰ পাৰত আয়োজিত এই অনুষ্ঠানত বহু লোক আৰু বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ১৭ ছেপ্টেম্বৰত। জন্মদিনৰ পূৰ্বসন্ধ্যাত পাটনাৰ কালিঘাটত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এজন বিজেপি কৰ্মীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ জন্মদিন উদযাপনৰ বাবে কৰ্মীসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেওঁৰ মতে, কেৱল এদিন নহয়, প্ৰায় এমাহ ধৰি বিভিন্ন কাৰ্যসূচীৰে জন্মদিন উদযাপন কৰা হ’ব।
আয়োজকসকলে বৈদিক মন্ত্ৰোচ্চাৰণ আৰু পূজা-অৰ্চনাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিহাৰৰ বিভিন্ন স্থানতো প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















