অসম আৰক্ষীক লৈ পুনৰ উত্থাপন হৈছে গুৰুতৰ অভিযোগ। পাথাৰকান্দিত এগৰাকী ব্যৱসায়ীক অপহৰণ কৰি তেওঁৰ পৰা ১৪ লাখ টকা লুট কৰাৰ অভিযোগ উঠিছে আৰক্ষীৰ কেইগৰাকীমান বিষয়াৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, পাথাৰকান্দি ৰে’ল ষ্টেচনৰ পৰা ব্যৱসায়ীজনৰ পৰা এই ধনখিনি লৈ যোৱা হৈছিল। জানিব পৰা মতে, ব্যৱসায়ীজনে এগৰাকী ব্যক্তিৰ পৰা মুঠ ২৫ লাখ টকা লাভ কৰিছিল। সেই ধনৰ মাজৰ পৰা ১৪ লাখ টকা আৰক্ষীৰ লোকেই লুট কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাক কেন্দ্ৰ কৰি এতিয়া পাথাৰকান্দি আৰক্ষী থানাৰ কেইগৰাকীমান আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে।
অভিযোগৰ আঙুলি পাথাৰকান্দি থানাৰ SI লাংথৈবা সিনহা, কনিষ্টবল আনোৱাৰ হুছেইন আৰু সজল শুক্লবৈদ্যৰ লগতে আন দুগৰাকী কনিষ্টবলৰ বিৰুদ্ধে উঠিছে। ঘটনাটোৰ তদন্তৰ অংশ হিচাপে কনিষ্টবল সজল শুক্লবৈদ্য আৰু আনোৱাৰ হুছেইনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেৰা চলোৱা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে, পাথাৰকান্দি থানাৰ SI লাংথৈবা সিনহা বৰ্তমানেও পলাতক হৈ আছে বুলি অভিযোগ উঠিছে।



ইফালে, গ্ৰেপ্তাৰ হোৱা দুজন কনিষ্টবলৰ বাসগৃহত তালাচী চলাই ২ লাখ টকাকৈ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। উদ্ধাৰ হোৱা এই ধনৰাশি আৰু ব্যৱসায়ীজনৰ পৰা লুট হোৱা বুলি অভিযোগ কৰা ধনৰ মাজত কোনো সম্পৰ্ক আছে নেকি, সেই বিষয়েও তদন্তকাৰী সংস্থাই অনুসন্ধান চলাইছে। ঘটনাটোৱে স্বাভাৱিকতে আৰক্ষী বিভাগৰ ভিতৰতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এগৰাকী ব্যৱসায়ীক অপহৰণ কৰি বৃহৎ পৰিমাণৰ ধন লুট কৰাৰ অভিযোগত আৰক্ষীৰ লোকৰ নাম জড়িত হোৱাক লৈও বিভিন্ন মহলত চৰ্চা চলিছে।
অৱশ্যে, এই ঘটনাৰ সৈতে জড়িত অভিযোগসমূহৰ সম্পূৰ্ণ সত্যতা তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে স্পষ্ট হ’ব। আৰক্ষীৰ তদন্তত ১৪ লাখ টকাৰ ধন ক’লৈ গ’ল, ঘটনাটোত আৰু কোন কোন লোক জড়িত আছিল আৰু পলাতক SI লাংথৈবা সিনহাৰ ভূমিকা কি আছিল—সেই সকলো দিশ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















