আজি জুবিন দিৱসৰ তৃতীয়টো দিন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি দিৱস উপলক্ষে তেওঁৰ মানৱদৰদী আদৰ্শক সাৰোগত কৰি ‘সেউজী বসুন্ধৰা বহুমুখী সমবায় সমিতি লিমিটেড’, শিৱসাগৰে এক মানৱীয় পদক্ষেপ গ্ৰহণ কৰে। আজি শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, আখৈফুটিয়াত উপস্থিত হৈ বানপীড়িত ২৩৭গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিদ্যালয়ৰ ইউনিফৰ্ম আৰু বহী বিতৰণ কৰে।
Sreemanta Sankardev Cultural Society, Bangalore আৰু ভাৰতীয় কৃষাণ সংঘ, অসমৰ উদ্যোগত তথা সেউজী বসুন্ধৰা বহুমুখী সমবায় সমিতি লিমিটেড, শিৱসাগৰৰ সহযোগত এই সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

উক্ত অনুষ্ঠানত সমবায় সমিতিৰ সভাপতি শ্ৰীপৰেশ হাজৰিকাৰ লগতে সমিতিৰ সদস্যসকল উপস্থিত থাকে। সমিতিৰ জ্যেষ্ঠ সদস্য তথা অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰী সৰল চেতিয়াই বক্তব্য প্ৰদান কৰি জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সমবায় সমিতিখনে গ্ৰহণ কৰি অহা বিভিন্ন সেৱামূলক কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে। আনহাতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী পিকুমণি বৰাই বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ সহায়াৰ্থে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে সমবায় সমিতি আৰু সহযোগী সংগঠনসমূহৰ শলাগ লয়।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ভাৰতীয় কৃষাণ সংঘ, অসম আৰু সেউজী বসুন্ধৰা বহুমুখী সমবায় সমিতিৰ যৌথ প্ৰচেষ্টাত ছখন বিদ্যালয়ৰ ৩৫০গৰাকী বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ ইউনিফৰ্ম বিতৰণ কৰা হৈছিল। ইয়াৰ উপৰি বেতবাৰী, নিমাইজান, ভাধৰা, পানবেচা আদি অঞ্চলৰ প্ৰায় ৫০০গৰাকী কৃষকৰ মাজত কঠিয়া আৰু পশুখাদ্য সাহায্য হিচাপে যোগান ধৰা হৈছিল।
জুবিন গাৰ্গৰ স্মৃতিক কেৱল শ্ৰদ্ধাঞ্জলিৰ মাজতে সীমাবদ্ধ নাৰাখি তেওঁৰ মানৱদৰদী আদৰ্শক কৰ্মৰ মাজেৰে জীয়াই ৰখাৰ উদ্দেশ্যেৰে সমবায় সমিতিখনে এই পদক্ষেপ গ্ৰহণ কৰে। বানপীড়িত শিশুসকলৰ শিক্ষাৰ প্ৰতি উৎসাহ বৃদ্ধি আৰু বিপদৰ সময়ত আৰ্তজনৰ কাষত থিয় দিয়াই এই কাৰ্যসূচীৰ মূল লক্ষ্য বুলি সমিতিৰ তৰফৰ পৰা প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















