জুবিন সম্পৰ্কে বিধায়ক বিজয় গুপ্তাৰ মন্তব্যই চৌদিশে লগাইছে খলকনি। মধ্য গুৱাহাটীৰ বিধায়কজনে জুবিন দিৱসৰ দিনটোতে কৰিলে বহু অপবাখ্যা।

জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শিল্পীগৰাকীক সোঁৱৰি ক’লে, ‘জুবিন গাৰ্গৰ ভাৰতৰ ৪০টা ভাষাত ৩,০০০ৰো অধিক গীত গাইছিল। তেওঁ সংগীতৰ জগতত আলোড়নৰ সৃষ্টি কৰিছিল।’

জুবিন গাৰ্গৰ গানক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰা বিধায়ক বিজয় গুপ্তাই ‘মিছন চাইনা’ৰ সলনি চাইনা মিছন নামৰ এখন চিনেমাও বনাইছিল বুলিও উল্লেখ কৰে।

জুবিন মেহতাক সন্মান জনাই নিজৰ নাম সলনি কৰিছিল জুবিনে। জুবিন গাৰ্গৰ সৃষ্টিৰ সন্দৰ্ভত আজৱ মন্তব্য কৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

ইয়াৰ উপৰিও বিজয় গুপ্তাই জুবিনৰ Ya Ali সন্দৰ্ভতো প্ৰসংশা কৰে।

লগতে জুবিনক নিৰ্ভিক আৰু দুখীয়াৰ দূত বুলিও প্ৰশংসা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















