বিহাৰত মহিলাৰ নিৰাপত্তা সুনিশ্চিতনে? সম্প্ৰতি এয়া এক বৃহৎ প্ৰশ্ন হিচাপে দেখা দিছে। জামুই, বংকা, সমষ্টিপুৰৰ পিছত এইবাৰ দৰভংগাৰ পৰা আহিছে মহিলাক নিৰ্যাতনৰ ঘটনা। ৰাজ্যখনৰ দৰভংগা জিলাৰ বীৰৌল থানা এলেকাত এগৰাকী নাবালিকা ছাত্ৰীৰ সৈতে ধ*ৰ্ষণৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, পৰীক্ষা শেষ কৰি ঘৰলৈ উভতি অহাৰ সময়ত নাবালিকাগৰাকীক বাইকত লিফ্ট দিয়াৰ অজুহাতত মূল অভিযুক্ত প্ৰবীন্দ্ৰ মাঞ্জীয়ে নিজৰ গৃহলৈ লৈ যায়। তাতেই এৰাতি নাবালিকাগৰাকীৰ ওপৰত যৌ*ন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনাৰ পিছত ভুক্তভোগীৰ পৰিয়ালে সাহস গোটাই ২৫ ছেপ্টেম্বৰত বীৰৌল থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ লাভ কৰাৰ পিছতে দৰভংগা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু অভিযুক্তসকলক গ্ৰেপ্তাৰৰ বাবে অভিযান চলায়। আৰক্ষীয়ে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰি সম্ভাৱ্য আত্মগোপনস্থলীত অভিযান চলাই মূল অভিযুক্ত প্ৰবীন্দ্ৰ মাঞ্জী, তেওঁৰ পিতৃ যমুন মাঞ্জী আৰু আন এজন সহযোগীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ ভাষ্য অনুসৰি, মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ দল উপস্থিত হোৱাৰ সময়ত তেওঁৰ পিতৃ যমুন মাঞ্জীয়ে ভুক্তভোগীৰ পৰিয়ালক ভাবুকি দিয়াৰ লগতে তেওঁলোকক ভুৱা গোচৰত ফচাই দিয়াৰ চেষ্টা কৰে। এই ঘটনাৰ বাবে আৰক্ষীয়ে তেওঁকো ঘটনাস্থলীতে গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা মতে, অভিযুক্ত পৰিয়াল আৰু ভুক্তভোগীৰ পৰিয়ালৰ মাজত দীৰ্ঘদিনীয়া পাৰিবাৰিক চিনাকি আছিল। দুয়োটা পৰিয়ালৰ মাজত নিয়মীয়াকৈ যোগাযোগ আৰু মত বিনিময়ো হৈছিল। ইফালে, এই ঘটনাৰ আঁৰত কোনো প্ৰেমৰ সম্পৰ্ক আছিল নেকি, সেই দিশটোও আৰক্ষীয়ে তদন্ত কৰি আছে। অৱশ্যে আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে ভুক্তভোগীগৰাকী নাবালিকা হোৱাৰ বাবে গোচৰটো অত্যন্ত স্পৰ্শকাতৰ আৰু গুৰুতৰ।
বীৰৌলৰ এছ ডি পি অ’ প্ৰভাকৰ তিৱাৰী আৰু দৰভংগাৰ এছ এছ পি জগুনাথ ৰেড্ডীয়ে জানিবলৈ দিয়া মতে, নাবালিকাক প্ৰলোভিত কৰি ধ*ৰ্ষণ কৰাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কোনো ধৰণৰ পলম নকৰি অভিযুক্তসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে। গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















