দীৰ্ঘ সময় ধৰি টীম ইণ্ডিয়াৰ শিবিৰৰ পৰা আঁতৰি থকা ক্ৰিকেটাৰ দীপক চহৰৰ সৈতে ঘটিল এক অঘটন। খেলপথাৰত প্ৰশিক্ষণ লৈ থকা সময়তে তেওঁৰ তিনিখন বেট চুৰি হৈ যায়। এই বেটকেইখন কোনো সাধাৰণ বেট নাছিল। এইকেইখন আছিল SSৰ প্লেয়াৰ এডিশ্যন বেট, যাৰ মূল্য যথেষ্ট বেছি।
বেটকেইখন নিৰুদ্দেশ হোৱা বুলি জানিব পাৰি দীপক চহৰে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ কৰি অনুৰাগীসকলৰ পৰা পৰামৰ্শ বিচাৰে। তেওঁ ধেমেলীয়া সুৰত প্ৰশ্ন কৰে—এই ঘটনাৰ পিছত তেওঁ আৰক্ষীৰ কাষ চাপিব নে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ অথবা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষ চাপিব? চহৰে ভিডিঅ’টোত কয় যে আগদিনা সন্ধিয়া খেলপথাৰৰ পৰা তেওঁৰ SS ব্ৰেণ্ডৰ প্লেয়াৰ এডিশ্যনৰ তিনিখন বেট চুৰি হৈছিল। তিনিওখন বেটৰ মুঠ মূল্য প্ৰায় ১.৫ লাখ টকা বুলি তেওঁ উল্লেখ কৰে।

ক্ৰিকেটাৰগৰাকীয়ে কয় যে বেট চুৰি কৰা ব্যক্তিজনে হয়তো বেটকেইখনৰ প্ৰকৃত মূল্য নাজানে। তেওঁৰ আশংকা, চুৰি কৰা ব্যক্তিজনে বেটকেইখন বিক্ৰী কৰিবলৈ চেষ্টা কৰিব পাৰে অথবা টেনিছ বল লৈ খেলিবলৈ ব্যৱহাৰ কৰিব পাৰে। চহৰে লগতে কয় যে যদি সেই ব্যক্তিজনৰ টকাৰ প্ৰয়োজন আছিল, তেন্তে তেওঁক পোনপটীয়াকৈ ক’লেই হলহেঁতেন।

দীপক চহৰে লগতে কয় যে তেওঁৰ সন্মুখত কেইবাটাও পথ আছে—আৰক্ষীৰ ওচৰত অভিযোগ কৰা, যোগী আদিত্যনাথ বা প্ৰধানমন্ত্ৰী মোদীৰ কাষ চপা, অথবা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা। তেওঁ বেট চুৰি কৰা ব্যক্তিজনে যাতে বেটকেইখন ঘূৰাই দিয়ে, তাৰ বাবেও ক্ৰিকেটাৰজনে ভিডিঅযোগে অনুৰোধ জনায়। চহৰে লগতে কয় যে বেটকেইখন ঘূৰাই দিলে তেওঁ সেই ব্যক্তিজনক ক্ষমা কৰি দিব। অন্যথা বেট নিৰ্মাতা এছ এছক পুনৰ বেট দিয়াৰ বাবে অনুৰোধ কৰিব লাগিব বুলিও তেওঁ ধেমেলীয়াকৈ উল্লেখ কৰে। শেষত তেওঁ অনুৰাগীসকলক প্ৰশ্ন কৰে—এই পৰিস্থিতিত তেওঁ কি কৰা উচিত?
উল্লেখ্য যে আঘাতৰ সমস্যাই দীপক চহৰৰ ক্ৰিকেট কেৰিয়াৰত যথেষ্ট প্ৰভাৱ পেলাইছে। বৰ্তমান তেওঁ ভাৰতীয় দলৰ অংশ নহয়। ভাৰতৰ হৈ চহৰে ১৩খন এদিনীয়া মেচত ১৬টা উইকেট আৰু ২৫খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৩১টা উইকেট দখল কৰিছে। এদিনীয়া ক্ৰিকেটত বলিঙৰ লগতে বেটিঙতো তেওঁ অৱদান আগবঢ়াইছে। ১৩খন এদিনীয়াত তেওঁ ৩৩.৮৩ গড়ে ২০৩ ৰান সংগ্ৰহ কৰিছে। বৰ্তমান দীপক চহৰ IPLৰ দল মুম্বাই ইণ্ডিয়ানছৰ সৈতে জড়িত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















