২৭ ছেপ্টেম্বৰ, ২০২৬ অৰ্থাৎ দেওবাৰৰ দিনটো এদিনীয়া ক্ৰিকেটৰ ইতিহাসত বিশেষভাৱে স্মৰণীয় হৈ ৰ’ব। এই এটা দিনতে অনুষ্ঠিত তিনিখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত ছয়গৰাকীকৈ বেটাৰে মুঠ ছটাকৈ শতকীয় ইনিংছ খেলে। এদিনীয়া ক্ৰিকেটৰ ইতিহাসত এদিনতে ৬টাকৈ শতক অৰ্জন হোৱাৰ এয়া প্ৰথম ঘটনা।
ইয়াৰ পূৰ্বে এদিনীয়া ক্ৰিকেটত এটা দিনতে সৰ্বাধিক পাঁচটা পৰ্যন্ত শতক অৰ্জন কৰাৰ অভিলেখ আছিল। কিন্তু কালিৰ দিনটোত সেই অভিলেখ ভংগ কৰি নতুন ইতিহাস সৃষ্টি হয়। ভাৰত-ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা-অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত এদিনীয়া মেচ তিনিখনত মুঠ ছজন বেটাৰে শতক অৰ্জন কৰে।
ভাৰত-ৱেষ্ট ইণ্ডিজ মেচত তিনিটাকৈ শতক

এই ঐতিহাসিক দিনটোত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত মেচখনত দেখা যায় দৰ্শনীয় বেটিং। ভাৰতৰ হৈ শুভমান গীল আৰু বিৰাট কোহলিয়ে শতক অৰ্জন কৰে। শুভমান গীলে ১১০ ৰান সংগ্ৰহ কৰি দলক শক্তিশালী স্থিতি প্ৰদান কৰে। আনহাতে, বিৰাট কোহলিয়ে নিজৰ অভিজ্ঞতা আৰু বেটিং দক্ষতাৰ পৰিচয় দি অপৰাজিত ১৩৯ ৰান সংগ্ৰহ কৰে।
কেৱল ভাৰতীয় বেটাৰেই নহয়, ৱেষ্ট ইণ্ডিজৰ জাষ্টিন গ্ৰীভছেও এই মেচখনত শতক অৰ্জন কৰে। তেওঁ ১০১ ৰান সংগ্ৰহ কৰি এই ঐতিহাসিক দিনটোত শতক অৰ্জন কৰা তৃতীয়জন বেটাৰ হিচাপে পৰিগণিত হয় অৰ্থাৎ, কেৱল ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত মেচখনতেই মুঠ তিনিটাকৈ শতক দেখা যায়।

দক্ষিণ আফ্ৰিকা-অষ্ট্ৰেলিয়া মেচতো দুটাকৈ শতক
দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত এদিনীয়া মেচখনতো বেটাৰৰ আধিপত্য দেখা যায়। দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাবুমাই দায়িত্বশীল বেটিং কৰি ১০৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও দক্ষিণ আফ্ৰিকাৰ আন এগৰাকী অভিজ্ঞ বেটাৰ ডেভিড মিলাৰেও বিস্ফোৰক বেটিং প্ৰদৰ্শন কৰে।
মাত্ৰ ৯৩টা বলত ১৪২ ৰান সংগ্ৰহ কৰে মিলাৰে। মেচখনত প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ৩৬৫ ৰানৰ বিশাল স্কৰ থিয় কৰায়। মেচখনত ৩২ ৰানত পৰাস্ত হয় অষ্ট্ৰেলিয়া।
ইংলেণ্ড-শ্ৰীলংকাৰ মেচত এটা শতক
২৭ ছেপ্টেম্বৰত অনুষ্ঠিত তিনিখন এদিনীয়া মেচৰ ভিতৰত ভাৰত-ৱেষ্ট ইণ্ডিজ মেচত তিনিটা আৰু দক্ষিণ আফ্ৰিকা-অষ্ট্ৰেলিয়া মেচত দুটা শতক অৰ্জন হয়।
ইয়াৰ বিপৰীতে ইংলেণ্ড-শ্ৰীলংকা মেচতো এটা শতক অৰ্জন হোৱাত দিনটোৰ মুঠ শতকৰ সংখ্যা ছটালৈ বৃদ্ধি পায়। ইংলেণ্ড-শ্ৰীলংকাৰ মাজৰ মেচখনত ইংলেণ্ডৰ টম বেণ্টনেও ১২৬ ৰানৰ ইনিংছ খেলে। মেচখনত শ্ৰীলংকাই ২২৩ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত হয়। এইদৰে এটা কেলেণ্ডাৰ দিনতে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ছটা শতক অৰ্জন হোৱাৰ নজিৰ সৃষ্টি হয়।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















