বিয়াৰ মাত্ৰ সাত মাহ সম্পূৰ্ণ হৈছিল। নতুন সংসাৰৰ সপোনত ব্যস্ত আছিল ছিপাঝাৰৰ বিশ্বজিৎ কলিতা আৰু তেওঁৰ পত্নী। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত এক ভয়ংকৰ পথ দুৰ্ঘটনাই নিমিষতে থানবান কৰি পেলালে তেওঁলোকৰ সপোন।
পত্নীৰ সৈতে স্কুটীত খানাপাৰালৈ যাওঁতে জালুকবাৰীত প্ৰাণ গ’ল ছিপাঝাৰৰ বিশ্বজিৎ কলিতাৰ । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা বিশ্বজিৎ কলিতাৰ অকাল বিয়োগ ঘটে। বিশ্বজিৎ কলিতা পল্টনবজাৰৰ বিজুলী ভৱনত অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল।
মাত্ৰ সাত মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা বিশ্বজিতৰ অকাল মৃত্যুৰ খবৰে পৰিয়াল, আত্মীয়-স্বজন আৰু পৰিচিতসকলৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে। নতুনকৈ আৰম্ভ কৰা সংসাৰখনৰ ভৱিষ্যতৰ সপোন দেখাৰ সময়তে এনেদৰে জীৱন হেৰুৱাবলগীয়া হোৱা ঘটনাই সকলোকে মৰ্মাহত কৰিছে। দুৰ্ঘটনাৰ পিছত সৌভাগ্যক্ৰমে ৰক্ষা পৰে নৱবিবাহিত পত্নীগৰাকী। স্বামীক হেৰুৱাই তেওঁ ভাঙি পৰিছে।
বিশ্বজিৎ কলিতাৰ অকাল বিয়োগত ছিপাঝাৰ অঞ্চলতো শোকৰ পৰিৱেশ সৃষ্টি হৈছে।
(ছিপাঝাৰৰ পৰা দুলাল হাজৰিকাৰ সহায়ত এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















