অসমৰ ক্ৰীড়াজগতলৈ আকৌ এবাৰ গৌৰৱ কঢ়িয়াই আনিলে তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে। এছিয়ান গেমছত স্বৰ্ণপদক জয় কৰি লাভলীনাই নিজৰ সফলতাৰ মুকুটত আন এক উজ্জ্বল পালক সংযোজন কৰিলে। বিশেষকৈ জন্মদিনৰ দিনাই এই বৃহৎ সাফল্য লাভ কৰাটো অধিক বিশেষ হৈ পৰিছে। লাভলীনাৰ এই ঐতিহাসিক সফলতাত এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃৰ লগতে সমগ্ৰ অসমবাসী।
লাভলীনাৰ স্বৰ্ণজয়ৰ পিছতে তেওঁৰ বাসগৃহত সৃষ্টি হয় আনন্দমুখৰ পৰিৱেশ। আত্মীয়-স্বজন, শুভাকাংক্ষী আৰু গাঁওবাসীৰ মাজত দেখা যায় ব্যাপক উৎসাহ-উদ্দীপনা। বহুতে এই সাফল্যক কেৱল লাভলীনাৰ ব্যক্তিগত জয় হিচাপে নহয়, সমগ্ৰ অসমৰ গৌৰৱৰ মুহূৰ্ত হিচাপে অভিহিত কৰিছে।
দেশবাসীক শ্ৰেষ্ঠ উপহাৰ
লাভলীনাৰ এই সাফল্য তেওঁৰ বাবে যিমান গুৰুত্বপূৰ্ণ, সিমানেই গুৰুত্বপূৰ্ণ তেওঁৰ পিতৃ-মাতৃ আৰু অনুৰাগীসকলৰ বাবেও। জন্মদিনৰ দিনাই স্বৰ্ণপদক জয় কৰি দেশবাসীক এক ‘শ্ৰেষ্ঠ উপহাৰ’ দিলে লাভলীনাই বুলি এতিয়া বহুতে মন্তব্য কৰিছে। বছৰৰ পিছত বছৰ ধৰি কঠোৰ অনুশীলন, প্ৰতিযোগিতা আৰু বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়ি অহা লাভলীনাৰ বাবে এই স্বৰ্ণপদক এক বিশেষ সাফল্য। ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা পদকৰ ৰং সলনি কৰাৰ লক্ষ্যও তেওঁৰ আছিল। অৱশেষত বহু কষ্ট আৰু অপেক্ষাৰ অন্তত সেই লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হ’ল অসম কন্যাগৰাকী।
লাভলীনাৰ সফলতাত তেওঁৰ পিতৃ-মাতৃৰ লগতে অসমৰ সাধাৰণ ৰাইজেও যথেষ্ট ভূমিকা আছে বুলি পৰিয়ালটোৱে অনুভৱ কৰিছে। ফাইনেলৰ পূৰ্বে অসমৰ বিভিন্ন প্ৰান্তত লাভলীনাৰ জয়ৰ বাবে প্ৰাৰ্থনা কৰা হৈছিল। বহু নামঘৰত চাকি-বন্তি জ্বলাই লাভলীনাৰ সফলতা কামনা কৰিছিল ৰাইজে। লাভলীনাৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি, এয়া কেৱল এগৰাকী খেলুৱৈৰ জয় নহয়, ৰাইজৰ আশীৰ্বাদ আৰু প্ৰাৰ্থনাৰো ফল। ফাইনেলৰ পূৰ্বে নামঘৰে নামঘৰে চাকি-বন্তি জ্বলাই লাভলীনাৰ বাবে প্ৰাৰ্থনা কৰা হৈছিল বুলি পৰিয়ালটোৱে উল্লেখ কৰে।
জীয়ৰীৰ এই সফলতাত স্বাভাৱিকতেই আৱেগিক হৈ পৰিছে লাভলীনাৰ পিতৃ-মাতৃ। তেওঁলোকে কয় যে পিতৃ-মাতৃ হিচাপে লাভলীনাক লৈ তেওঁলোক অত্যন্ত গৌৰৱান্বিত। লাভলীনাই আজিৰ এই স্থানত উপনীত হ’বলৈ জীৱনত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কঠোৰ পৰিশ্ৰম, ত্যাগ আৰু নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰতাৰ ফলতেই আজি তেওঁ এই পৰ্যায়ত উপনীত হৈছে। সেয়ে এই স্বৰ্ণপদক লাভলীনাৰ বাবে কেৱল এটা পদক নহয়, ইয়াৰ সৈতে জড়িত হৈ আছে বহু বছৰৰ সংগ্ৰাম আৰু পৰিশ্ৰম।
আজিলৈ একেলগে উদযাপন কৰা নাই লাভলীনাৰ জন্মদিন
লাভলীনাৰ ক্ৰীড়াজীৱনৰ আৰম্ভণিও সহজ নাছিল। মাত্ৰ ১৪ বছৰ বয়সতে তেওঁ ক্ৰীড়াৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। সৰু বয়সতে পৰিয়ালৰ পৰা আঁতৰি গৈ নিজৰ সপোন পূৰণৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছিল। সেই সময়ৰ পৰাই আজিলৈকে লাভলীনাৰ জীৱন মূলতঃ খেলকেন্দ্ৰিক হৈ আহিছে। প্ৰতিযোগিতা, প্ৰশিক্ষণ আৰু অনুশীলনৰ মাজতে পাৰ হৈছে তেওঁৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ সময়। সেয়েহে পৰিয়ালৰ লোকসকলৰ বাবেও তেওঁৰ জন্মদিন বা বিশেষ দিন একেলগে উদযাপন কৰাৰ সুযোগ বহু সময়ত নাছিল। পিতৃ টিকেন বৰগোহাঁইয়ে উল্লেখ কৰে যে আজিলৈকে তেওঁলোকে লাভলীনাৰ জন্মদিনটোও একেলগে উদযাপন কৰিব পৰা নাই। খেলৰ ব্যস্ততাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।
‘বহু কষ্টৰ অন্তত পদকৰ ৰং সলনি কৰিলে’
লাভলীনাৰ পিতৃ-মাতৃৰ মতে, এই স্বৰ্ণপদকৰ আঁৰত আছে বহুদিনৰ কষ্ট। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰাৰ পিছতো নিজৰ পদকৰ ৰং সলনি কৰাৰ বাবে লাভলীনাই নিৰন্তৰ পৰিশ্ৰম কৰি আহিছিল। অৱশেষত এছিয়ান গেমছৰ মঞ্চত সেই সপোন বাস্তৱায়িত হ’ল। স্বৰ্ণপদক জয় কৰি লাভলীনাই প্ৰমাণ কৰিলে যে কঠোৰ পৰিশ্ৰম আৰু লক্ষ্যৰ প্ৰতি নিষ্ঠা থাকিলে বহু কঠিন বাধাও অতিক্ৰম কৰিব পাৰি।
স্বৰ্ণজয়ৰ পিছতে বিয়াৰ কথাও ভাবিছে পিতৃয়ে
ইফালে লাভলীনাৰ এই স্বৰ্ণালী সময়তে তেওঁৰ পিতৃ টিকেন বৰগোহাঁইৰ মুখত শুনিবলৈ পোৱা গ’ল আন এক বিশেষ কথা। বৰ্তমান লাভলীনাৰ বয়স প্ৰায় ২৯ বছৰ। এতিয়ালৈকে খেলৰ বাবেই তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ বহু কথাই পিছ পেলাই আহিছে। স্বৰ্ণপদক জয় কৰাৰ পিছত লাভলীনাৰ পিতৃয়ে কয়, “এতিয়া লাভলীনাৰ বয়স প্ৰায় ২৯ বছৰ হৈছেহি। তাই সকলো সময়তে খেলৰ লগতে ব্যস্ত হৈ থাকে। এতিয়া ভাবিছোঁ লাহে লাহে বিয়াৰ কথাও চিন্তা কৰিবৰ হৈছে।”
লাভলীনাৰ বিয়া সন্দৰ্ভত পিতৃৰ মন্তব্য শুনিবলৈ লিংকত Click কৰক
পিতৃৰ এই মন্তব্যই লাভলীনাৰ সফলতাৰ আনন্দৰ মাজত পৰিয়ালটোৰ আন এক সপোনৰ কথাও প্ৰকাশ কৰিলে। এতিয়া ক্ৰীড়াক্ষেত্ৰত লাভলীনাৰ সাফল্যৰ পিছত পৰিয়ালটোৱে তেওঁৰ ব্যক্তিগত জীৱনক লৈও ধীৰে ধীৰে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। সৰ্বোপৰি, জন্মদিনৰ দিনাই স্বৰ্ণপদক জয় কৰি লাভলীনাই নিজৰ পৰিয়ালৰ লগতে অসম আৰু দেশবাসীক গৌৰৱান্বিত কৰিছে। ১৪ বছৰ বয়সতে ঘৰৰ পৰা ওলাই সপোনৰ পিছত দৌৰা এগৰাকী কিশোৰীৰ পৰা আজি এগৰাকী স্বৰ্ণজয়ী আন্তঃৰাষ্ট্ৰীয় বক্সাৰলৈ লাভলীনাৰ এই যাত্ৰা সঁচাকৈয়ে প্ৰেৰণাদায়ক।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















