আপোনাৰ জীৱনত এনে কিছুমান সুন্দৰ স্মৃতি নিশ্চয় আছে, যিবোৰ আপুনি গোটেই জীৱন মনত সাঁচি ৰাখিব বিচাৰে। আনহাতে, এনে কিছুমান বেদনাদায়ক ঘটনা বা স্মৃতিও থাকিব পাৰে, যিবোৰ আপুনি মনৰ পৰা সম্পূৰ্ণৰূপে মচি পেলাব বিচাৰে। কিন্তু মানুহৰ মগজুৰ পৰা কোনো নিৰ্দিষ্ট স্মৃতি ইচ্ছামতে মচি পেলোৱা এতিয়াও সম্ভৱ নহয়। অৱশ্যে বিজ্ঞানৰ শেহতীয়া গৱেষণাই ভৱিষ্যতে এই ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। আমেৰিকাৰ ব’ষ্টন বিশ্ববিদ্যালয়ৰ ‘চেণ্টাৰ ফৰ ব্ৰেইন এণ্ড মেম’ৰী’ৰ এছ’চিয়েট প্ৰফেছৰ ষ্টিভ ৰামিৰেজে স্মৃতি আৰু মগজুৰ সম্পৰ্কক লৈ বিস্তৃত গৱেষণা কৰি আহিছে। তেওঁৰ গ্ৰন্থ How to Tame a Memory আৰু স্মৃতিৰ ওপৰত কৰা গৱেষণাই বিজ্ঞানীসকলৰ মাজত যথেষ্ট চৰ্চা সৃষ্টি কৰিছে। তেওঁৰ এই গ্ৰন্থখন ৰয়েল ছ’চাইটি ট্ৰিভেডি ছায়েন্স বুক প্ৰাইজৰ বাবেও শ্বৰ্ট লিষ্ট হৈছিল।
গৱেষকসকলে নিগনিৰ ওপৰত কৰা পৰীক্ষাত মগজুৰ নিউৰ’নৰ স্তৰত স্মৃতিৰ সৈতে জড়িত পৰিৱৰ্তন অধ্যয়ন কৰিছে। তেওঁলোকৰ মতে-আমি কোনো অভিজ্ঞতাৰ মাজেৰে পাৰ হ’লে সেই অভিজ্ঞতাৰ এক স্থায়ী ছাপ মগজুৰ কিছুমান কোষত ৰৈ যায়। বিজ্ঞানীসকলে এই স্মৃতিৰ ছাপক ‘ইনগ্ৰাম’ বুলি কয়। অৰ্থাৎ, আমি দেখা, শুনা বা অনুভৱ কৰা কোনো ঘটনা কেৱল মনতে সাঁচি নাথাকে; সেই অভিজ্ঞতাৰ সৈতে জড়িত মগজুৰ কোষতো এক ধৰণৰ পৰিৱৰ্তন ঘটে। গৱেষণাত বিজ্ঞানীসকলে কোনো নিৰ্দিষ্ট অভিজ্ঞতাৰ সৈতে জড়িত নিউৰ’ন বা মগজুৰ কোষ চিনাক্ত কৰিবলৈ সক্ষম হয়।
এই গৱেষণাত ‘অপ্ট’জেনেটিক্স’ নামৰ এক বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। এই প্ৰযুক্তিৰ সহায়ত পোহৰৰ মাধ্যমেৰে মগজুৰ নিৰ্দিষ্ট নিউৰ’ন কৃত্ৰিমভাৱে সক্ৰিয় কৰিব পাৰি। নিগনিৰ ওপৰত কৰা পৰীক্ষাত বিজ্ঞানীসকলে নিৰ্দিষ্ট স্মৃতিৰ সৈতে জড়িত কোষ সক্ৰিয় কৰাৰ পাছত সেই স্মৃতিৰ সৈতে জড়িত আচৰণৰ সংকেত লাভ কৰে। অৰ্থাৎ, মগজুৰ নিৰ্দিষ্ট কোষ সক্ৰিয় কৰি এটা বিশেষ অভিজ্ঞতাৰ স্মৃতি পুনৰ সক্ৰিয় কৰাৰ সম্ভাৱনা দেখা গৈছে। ইয়াতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল, গৱেষকসকলে কিছুমান নিৰ্দিষ্ট আৱেগিক স্মৃতিৰ সৈতে জড়িত কোষৰ ওপৰত হস্তক্ষেপ কৰি সেই স্মৃতিৰ প্ৰভাৱ সলনি বা কম কৰাৰ সম্ভাৱনাও দেখুৱাইছে।
অৱশ্যে এই গৱেষণাৰ অৰ্থ এইটো নহয় যে এতিয়াই মানুহৰ মগজুৰ পৰা ইচ্ছামতে কোনো স্মৃতি মচি পেলাব পৰা যাব। এতিয়ালৈকে এই ধৰণৰ পৰীক্ষা মূলতঃ নিগনিৰ দৰে প্ৰাণীৰ ওপৰতহে কৰা হৈছে। মানুহৰ ক্ষেত্ৰত এনে প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ বহু গৱেষণা, পৰীক্ষা আৰু নৈতিক বিষয় বিবেচনা কৰিব লাগিব। তথাপি এই গৱেষণাই ভৱিষ্যতে মানসিক আঘাত বা ‘ট্ৰমা’, অত্যধিক উদ্বেগ আৰু কিছুমান মানসিক সমস্যাৰ চিকিৎসাৰ নতুন পথ মুকলি কৰিব পাৰে বুলি আশা কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে, ভৱিষ্যতে লক্ষ্য হয়তো মানুহৰ স্মৃতি সম্পূৰ্ণৰূপে মচি পেলোৱা নহ’ব; বৰং কোনো বেদনাদায়ক স্মৃতিৰ সৈতে জড়িত মানসিক যন্ত্ৰণা বা ভয়ৰ প্ৰভাৱ কম কৰাটোৱেই চিকিৎসাৰ মূল উদ্দেশ্য হ’ব পাৰে। অৰ্থাৎ, বিজ্ঞান এতিয়াও ‘স্মৃতি মচি পেলোৱা’ৰ পৰ্যায়ত উপনীত হোৱা নাই। কিন্তু মগজুত স্মৃতি কেনেদৰে সৃষ্টি হয়, কেনেদৰে পুনৰ সক্ৰিয় হয় আৰু ইয়াৰ সৈতে জড়িত কষ্ট কেনেদৰে কমাব পাৰি—সেই দিশত বিজ্ঞান যথেষ্ট আগবাঢ়িছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















