নিমিষা হত্যাকাণ্ডৰ অভিযুক্ত আছিক আলীক আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে আছিক আলীৰ ভৰিত গুলবিদ্ধ বুলি জানিব পৰা গৈছে। ২৫ ছেপ্টেম্বৰৰ নিশা নিমিষা ঠাকুৰীয়া আৰু আছিক নামৰ যুৱকজন ৰুদ্ৰাছ কিটচেন নামৰ হোমষ্টে’লৈ গৈছিল। তাতেই নিশা দুয়োৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় আৰু আছিকৰ প্ৰহাৰত নিমিষা গুৰুতৰভাৱে আহত হোৱা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। মুখ, বুকুকে ধৰি নিমিষাৰ শৰীৰৰ কেইবাটাও স্থানত আঘাতৰ চিন পোৱা গৈছে। পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আহত নিমিষাক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃ*ত বুলি ঘোষণা কৰে।
জানিব পৰা মতে, আৰক্ষীৰ জিম্মাত থকা অৱস্থাত আছিক আলীয়ে পলায়নৰ চেষ্টা কৰিছিল। সেই সময়তে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰে। আৰক্ষীৰ গুলীত আছিক আলীৰ ভৰিত গুলী লাগে।
গুলীবিদ্ধ আছিক আলীক ততাতৈয়াকৈ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)লৈ লৈ যোৱা হয়। বৰ্তমান GMCHত তেওঁ চিকিৎসাধীন হৈ আছে।
নিমিষা হত্যাকাণ্ডৰ তদন্তৰ মাজতে অভিযুক্তজনৰ এই পলায়নৰ চেষ্টাক লৈ নতুনকৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















