বলীউডৰ প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ মৃ*ত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে অভিনেত্ৰী তনুশ্ৰী দত্তয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অভিনেতাগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে তনুশ্ৰীয়ে। তনুশ্ৰী দত্তই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে-তেওঁ বৰ্তমান কৰ্মসূত্ৰে লক্ষ্ণৌত আছে। সেয়েহে এই মুহূৰ্তত নিজৰ কামতহে গুৰুত্ব দিব বিচাৰে বুলি তেওঁ স্পষ্ট কৰে।
অভিনেত্ৰীগৰাকীয়ে কয়, “মই এইমাত্ৰ খবৰটো শুনিলোঁ। আজি মোৰ কৰ্মদিন। এটা অনুষ্ঠানৰ বাবে মই লক্ষ্ণৌত আছোঁ আৰু মই এই কামটোত গুৰুত্ব দিব বিচাৰো। এই সকলোবোৰ ঘটি থকা বাবে আজিৰ দিনটো মোৰ বাবে যথেষ্ট অদ্ভুত হৈ পৰিছে।” তনুশ্ৰীয়ে লগতে কয় যে তেওঁ গোটেই দিনটো লাইভলৈ যোৱাৰ লগতে কনটেণ্ট পোষ্ট কৰাৰ পৰিকল্পনা কৰিছিল। নানা পাটেকাৰৰ মৃ*ত্যুৰ খবৰৰ প্ৰতি কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে, সেই বিষয়ে বুজি লোৱাৰ পিছতহে তেওঁ এই সন্দৰ্ভত অধিক কথা ক’ব বুলি জনায়। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে নানা পাটেকাৰৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে পৰিস্থিতিটো বুজি পোৱাৰ পিছতহে তেওঁ নিজৰ মতামত স্পষ্টকৈ প্ৰকাশ কৰিব।
ইয়াৰ মাজতে তনুশ্ৰী দত্তই ছ’চিয়েল মিডিয়াত আন এটা টোকাও শ্বেয়াৰ কৰে। তাত তেওঁ নিজৰ ঘৰৰ ওচৰে-পাজৰে হাৰাশাস্তি আৰু অবৈধভাৱে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ দাবী অনুসৰি, চুবুৰীয়াসকলৰ আগমনৰ পিছৰে পৰা পৰিস্থিতি যথেষ্ট অস্বস্তিকৰ হৈ পৰিছে। ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিলেই কিছুমান লোকে তেওঁৰ ফালে চাই থাকে বুলিও তেওঁ অভিযোগ কৰে। ইয়াৰ উপৰি তেওঁৰ ঘৰত সঘনাই বহু লোক অহা-যোৱা কৰা বুলিও তেওঁ উল্লেখ কৰে।
বলীউডত #MeToo বিতৰ্কৰ সূত্ৰপাত
বলীউডত #MeToo বিতৰ্ক মূলতঃ ২০১৮ চনৰ ছেপ্টেম্বৰ মাহৰ শেষৰফালে আৰম্ভ হৈছিল। ইয়াৰ অন্যতম মূল সূত্ৰ আছিল অভিনেত্ৰী তনুশ্ৰী দত্তই অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধে কৰা যৌ*ন নিৰ্যাতনৰ অভিযোগ। ঘটনাটো মূলতঃ ২০০৮ চনত Horn ‘Ok’ Pleassss ছবিৰ শ্বুটিঙৰ সময়ৰ বুলি তনুশ্ৰী দত্তই অভিযোগ কৰিছিল। তেওঁৰ দাবী অনুসৰি, ছবিখনৰ এটা গীতৰ শ্বুটিঙত নানা পাটেকাৰে তেওঁৰ সৈতে অনুপযুক্ত আচৰণ কৰিছিল আৰু তেওঁক অস্বস্তিকৰ নৃত্যৰ বাবে হেঁচা দিয়া হৈছিল। অৱশ্যে তনুশ্ৰীয়ে সেই সময়তে অভিযোগ কৰিছিল যদিও বিষয়টোৱে তেতিয়া গুৰুত্ব পোৱা নাছিল।
২৬ ছেপ্টেম্বৰ ২০১৮ত তনুশ্ৰী দত্তই পুনৰ সংবাদ মাধ্যমত বিষয়টো ৰাজহুৱা কৰে আৰু নানা পাটেকাৰৰ বিৰুদ্ধে যৌ*ন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। এই বক্তব্যই ভাৰতত #MeToo আন্দোলনৰ বাবে এক গুৰুত্বপূৰ্ণ অনুঘটকৰ কাম কৰে। ইয়াৰ পিছতে বহু অভিনেত্ৰীকে ধৰি বলীউডৰ মহিলা শিল্পীয়ে নিজৰ যৌ*ন নিৰ্যাতন আৰু আপত্তিজনক আচৰণৰ অভিজ্ঞতা ৰাজহুৱা কৰিবলৈ আৰম্ভ কৰে। নানা পাটেকাৰৰ লগতে আলোক নাথ, সাজিদ খান, বিকাশ বহল আদি নামো #MeToo বিতৰ্কত সোমাই পৰে। ৬ অক্টোবৰ ২০১৮ত তনুশ্ৰীয়ে নানা পাটেকাৰ, পৰিচালক ৰাকেশ সাৰং, কোৰিঅ’গ্ৰাফাৰ গণেশ আচাৰ্য আৰু প্ৰযোজক সামি ছিদ্দিকিৰ বিৰুদ্ধে FIR দাখিল কৰে।
অৱশ্যে #MeToo বিতৰ্কৰ সূত্ৰপাত বলীউডৰ নহয়। প্ৰথমবাৰৰ বাবে আমেৰিকাত #MeToo আন্দোলন ২০১৭ চনত হাৰ্ভি ৱাইনষ্টেইনৰ বিৰুদ্ধে অভিযোগৰ পিছত বিশ্বজুৰি শক্তিশালী হৈছিল; ভাৰতীয় তথা বলীউডৰ ক্ষেত্ৰত ২০১৮ চনত তনুশ্ৰী দত্ত–নানা পাটেকাৰ বিতৰ্কক #MeToo আন্দোলনৰ মূল আৰম্ভণি হিচাপে ধৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















