বৃহস্পতিবাৰে অভিনেতা নানা পাটেকাৰৰ মৃত্যুৱে সকলোকে জোকাৰি গৈছে। তেওঁ হাৰ্ট এটেকৰ ফলত মৃত্যু হয়। ৪৫ মিনিট চিপিআৰ দিয়াৰ পিছতো একো কৰিব পৰা নাছিল। কিন্তু আপুনি জানেনে যে হাৰ্ট এটেক বা ষ্ট্ৰোক হঠাতে আহে বুলি কৰা ধাৰণাটো একেবাৰে ভুল। বাস্তৱত বেছিভাগ ক্ষেত্ৰতে এনে গুৰুতৰ হৃদৰোগৰ আঁৰত দীৰ্ঘদিনীয়া কিছুমান বিপদজনক কাৰক থাকে। এনে সতৰ্কবাণী দিছে হায়দৰাবাদৰ এখন প্ৰখ্যাত ব্যক্তিগত চিকিৎসালয়ৰ স্নায়ু বিশেষজ্ঞ ডাঃ সুধিৰ কুমাৰে। তেওঁৰ দাবী যে প্ৰথমবাৰৰ বাবে হাৰ্ট এটেক, ষ্ট্ৰোক বা হাৰ্ট ফেইলাৰ হোৱা প্ৰায় ৯৯ শতাংশ ক্ষেত্ৰত পূৰ্বতে কোনো ধৰণৰ বিপদ বা শাৰীৰিক সমস্যা থাকে।
চিকিৎসকৰ মতে এই বিপদবোৰে প্ৰায়ে শৰীৰৰ ভিতৰত বছৰ বছৰ ধৰি কোনো ধৰণৰ স্পষ্ট লক্ষণ নোহোৱাকৈ ক্ষতিসাধন কৰে। গতিকে সম্পূৰ্ণ সুস্থ অনুভৱ কৰিলেও নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়।
উচ্চ ৰক্তচাপক প্ৰায়ে ‘ছাইলেণ্ট কিলাৰ’ বুলি কোৱা হয় কাৰণ বহু লোকৰ কোনো লক্ষণ নোহোৱাকৈ দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপ থাকে। কিন্তু সময়ৰ লগে লগে ই ৰক্তবাহী নলীৰ ক্ষতিসাধন কৰে আৰু হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত চাপৰ সৃষ্টি কৰে। ইয়াৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
বেয়া কলেষ্টেৰল বা এল ডি এলৰ উচ্চ মাত্ৰাৰ ফলত ৰক্তবাহী নলীৰ ভিতৰত লাহে লাহে চৰ্বিৰ তৰপ বা প্লেক জমা হ’ব পাৰে। সময়ৰ লগে লগে এই প্লেকে ৰক্তবাহী নলীবোৰ সংকুচিত কৰি পেলায়। যদি প্লেক ফাটি যায় তেন্তে ই তেজ জমা হৈ সোনকালে তেজৰ সোঁত বন্ধ কৰি দিব পাৰে, যাৰ ফলত হাৰ্ট এটেক বা ষ্ট্ৰোক হ’ব পাৰে।
বহু লোকৰ ডায়েবেটিছ ধৰা পৰাৰ আগতেই তেজত চেনিৰ মাত্ৰা স্বাভাৱিকতকৈ বেছি হয়। দীৰ্ঘ সময়ৰ বাবে তেজত চেনিৰ পৰিমাণ বেছি হ’লে প্ৰদাহ ত্বৰান্বিত হৈ ৰক্তবাহী নলীৰ ক্ষতি হয়, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
ধূমপানে কেৱল হাওঁফাওঁৰ ক্ষতি কৰাই নহয়, হৃদযন্ত্ৰ আৰু ৰক্তবাহী নলীতো গুৰুতৰ প্ৰভাৱ পেলায়। ই ৰক্তবাহী নলীৰ ক্ষতি কৰিব পাৰে, তেজত অক্সিজেনৰ যোগান কমাই দিব পাৰে, হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। ধূমপান এৰিলে সেই বিপদবোৰ কমাবলৈ আৰম্ভ কৰে।
ৰক্তচাপ, ব্লাড চুগাৰ আৰু কলেষ্টেৰল নিয়মিতভাৱে পৰীক্ষা কৰি চাব লাগে। তদুপৰি ধূমপান বন্ধ কৰি সুষম খাদ্য খোৱা আৰু নিয়মীয়া শাৰীৰিক কাৰ্যকলাপৰ অভ্যাস গঢ়ি তোলাটো প্ৰয়োজনীয়। প্ৰতি সপ্তাহত কমেও ১৫০ মিনিট শাৰীৰিক ক্ৰিয়া-কলাপ কৰাৰ পৰামৰ্শও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
হাৰ্ট এটেকৰ লক্ষণসমূহ হ’ল বুকুৰ মাজত চাপ বা বিষ, হাত, ডিঙি, চোলা বা পিঠিত অস্বস্তি, উশাহ লোৱাত কষ্ট পোৱা, ঘামচি ওলোৱা, মূৰ ঘূৰোৱা, বমি বা অস্বাভাৱিক ভাগৰুৱা হোৱা। এই লক্ষণসমূহক গেছ বা সাধাৰণ দুৰ্বলতা বুলি আওকাণ নকৰি তৎকালীন চিকিৎসকৰ কাষ চাপিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















