পাৰিবাৰিক বিবাদৰ কৰুণ পৰিণতিত উত্তৰ প্ৰদেশৰ ৰামপুৰত এক দম্পতীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। পাৰিবাৰিক কন্দলৰ পিছত পত্নীয়ে বিষাক্ত পদাৰ্থ সেৱন কৰি মৃ*ত্যুক সাবটি লয়। আনহাতে, পত্নীৰ মৃ*ত্যুৰ খবৰ পোৱাৰ পিছতে স্বামীয়েও নিজৰ প্ৰাণ ত্যাগ কৰে। এদিনৰ ভিতৰতে দুয়োগৰাকীৰ মৃ*ত্যুৱে পৰিয়ালটোক গভীৰ শোকত পেলাইছে। প্ৰাপ্ত তথ্য অনুসৰি, এই ঘটনা ৰামপুৰ জিলাৰ মিলক কোতৱালি অঞ্চলৰ পাটিয়া গাঁৱত সংঘটিত হৈছে। নিহত দম্পতীটো ৰাজেন্দ্ৰ প্ৰসাদ (৪৫) আৰু ৰাম্পা দেৱী (৪০) বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, শুকুৰবাৰে বিয়লি প্ৰায় ৩ বজাত পাৰিবাৰিক বিবাদৰ পিছতে ৰাম্পা দেৱীয়ে বিষাক্ত পদাৰ্থ সেৱন কৰে। ইয়াৰ পিছতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে। পৰিয়ালৰ লোকসকলে তেওঁক ততাতৈয়াকৈ মিলকৰ এখন চৰকাৰী চিকিৎসালয়লৈ লৈ যায়।
মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে আন এখন চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ দিয়ে। ইয়াৰ পিছতে পৰিয়ালৰ লোকে তেওঁক বাৰেলীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু চিকিৎসাধীন অৱস্থাতে ৰাম্পা দেৱীৰ মৃ*ত্যু হয়।
পত্নীৰ মৃত্যুৰপিছতে স্বামীৰো চৰম সিদ্ধান্ত
পত্নীৰ মৃত্যুৰ খবৰ লাভ কৰি ৰাজেন্দ্ৰ প্ৰসাদ গভীৰভাৱে ভাগি পৰে। ইয়াৰ পিছতে তেওঁ চৰণ পন্থা অৱলম্বন কৰে বুলি জানিব পৰা গৈছে। এই ঘটনাই পৰিয়ালটোক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি তুলিছে। পাৰিবাৰিক বিবাদৰ পৰিণতিত দম্পতীটোৰ এনেদৰে মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে দুয়োটা মৃ*তদেহ নিজৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ঘটনাটোৰ তদন্তৰ বাবে এটা দল নিয়োগ কৰা হৈছে। ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰা প্ৰমাণ আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















