এখন বাগিচা ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এগৰাকী যুৱতী আৰু এজন যুৱকৰ মৃ*তদেহ। সম্পৰ্কত দুয়ো ভাতৃ-ভগ্নী। দুই আত্মীয় ভাতৃ-ভগ্নীৰ মৃ*তদেহ দুটা উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ অঞ্চলতে চাঞ্চল্যই বিৰাজ কৰিছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্তৰ অন্তত মৃ*তদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ উন্নাও জিলাৰ ধমনিখেদা গাঁৱত।
আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, মৃ*ত যুৱকজনৰ নাম অভয় কুমাৰ (২৪) আৰু যুৱতীগৰাকীৰ নাম প্ৰীতি (২০)। অভয় পূৰ্ব অঞ্চলৰছত্ত খেডা গাঁৱৰ বাসিন্দা, আনহাতে প্ৰীতি মহাৰমৌ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ মতে, অভয় আৰু প্ৰীতিৰ মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু তেওঁলোকৰ পৰিয়াল এই সম্পৰ্কৰ প্ৰতি সন্তুষ্ট নাছিল বুলি প্ৰাথমিক তদন্তত জানিব পৰা গৈছে। পৰিয়ালৰ অসন্মতিৰ বাবেই তেওঁলোক মানসিকভাৱে ভাগি পৰি চ*ৰম সিদ্ধান্ত ললে নেকি, সেই দিশটোও আৰক্ষীয়ে পৰীক্ষা কৰি আছে।
আৰক্ষীৰ তথ্য অনুসৰি, ১০ মাহ পূৰ্বে প্ৰীতি অন্য এজন যুৱকৰ সৈতে বিৱাহপাশত আৱদ্ধ হৈছিল। কিন্তু বিয়াৰ পিছতো প্ৰীতি অভয়ৰ সৈতে সংস্পৰ্শত আছিল। প্ৰীতিয়ে বহুদিন ধৰি মাক-দেউতাকৰ ঘৰতে বাস কৰি আছিল বুলিও জানিব পৰা গৈছে। প্ৰাথমিক তথ্য অনুসৰি, দেওবাৰে পুৱা প্ৰায় ১০ বজাত প্ৰীতি ঘৰৰ পৰা ওলাই গৈছিল। ইয়াৰ পিছত ধমনিখেদা গাঁৱৰ আমৰ বাগিচাত দুয়োকে মৃ*ত অৱস্থাত উদ্ধাৰ কৰা হয়। জানিব পৰা মতে প্ৰীতি আৰু অভয় গোত্ৰীয় বংশ অনুসৰি সম্পৰ্কত ভাতৃ আৰু ভগ্নীও আছিল যাৰ বাবে পৰিয়ালে দুয়োৰে সম্পৰ্কত সন্মত হোৱা নাছিল।
ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে অভয় আৰু প্ৰীতিৰ পৰিয়ালৰ লোকসকলক সোধা-পোছা কৰিছে। প্ৰাথমিক তদন্তত প্ৰেমৰ সম্পৰ্ক আৰু পৰিয়ালৰ অসন্মতিৰ বিষয়টো পোহৰলৈ আহিছে যদিও ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও সম্পূৰ্ণৰূপে নিশ্চিত হোৱা নাই। বিহাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাহুল সিঙৰ মতে, আৰক্ষীয়ে ঘটনাটোৰ সকলো দিশ পৰীক্ষা কৰি আছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু তদন্তৰ পৰৱৰ্তী তথ্যৰ ভিত্তিত ঘটনাটোৰ প্ৰকৃত কাৰণ স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















