৬ বছৰতকৈও অধিক সময় ডাঙৰ পৰ্দা আৰু অ’টিটিৰ পৰা আঁতৰি থকাৰ পিছত অৱশেষত অভিনয়ৰ ক্ষেত্ৰলৈ উভতি আহিল অভিনেত্ৰী বিপাশা বসুৱে। এমাজন প্ৰাইম ভিডিঅ’ (প্ৰাইম ভিডিঅ’ অৰিজিনেল)ত শিৰোনামহীন নতুন ৱেব ছিৰিজ লৈ কেমেৰালৈ উভতি আহিছে। এই প্ৰকল্পটো পৰিচালনা কৰিছে প্ৰখ্যাত পৰিচালক হন্সল মেহতাই। এই ধাৰাবাহিকখনত বিপাশাৰ লগতে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব বিশাল জেথৱাই।
সোমবাৰৰ পৰা আমাজন প্ৰাইম ভিডিঅ’ই আনুষ্ঠানিকভাৱে এই ধাৰাবাহিকখনৰ শ্বুটিং আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে। ধাৰাবাহিকখনৰ কাহিনী ৰচনা কৰিছে কাশ্যপ কাপুৰ আৰু ৰাঘৱ ৰাজ কক্কাৰে। অলমাইটি মোচন পিকচাৰ্ছ প্ৰডাকচনৰ বেনাৰত প্ৰভালিন সন্ধুৱে প্ৰযোজনা কৰিছে এই ধাৰাবাহিকখন।
বিপাশাক শেষবাৰৰ বাবে পৰ্দাত দেখা গৈছিল ২০২০ চনত মুক্তি পোৱা ক্ৰাইম থ্ৰিলাৰ ৱেব চিৰিজ ‘ডেঞ্জাৰছ’ত, য’ত তেওঁ স্বামী কৰণ সিং গ্ৰ’ভাৰৰ সৈতে অভিনয় কৰিছিল। আনহাতে, তেওঁৰ শেষৰটো পূৰ্ণদৈৰ্ঘ্যৰ থিয়েটাৰত মুক্তি পোৱা বা চিনেমা আছিল ২০১৫ চনৰ ভয়ানক ছবি ‘এলিয়েন’। প্ৰসংগক্ৰমে ২০১৬ চনৰ এপ্ৰিল মাহত অভিনেতা কৰণ সিং গ্ৰ’ভাৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত বিপাশাই অভিনয়ৰ পৰা বিৰতি লৈছিল।তাৰ পিছত ২০২২ চনৰ নৱেম্বৰ মাহত তেওঁলোকে কন্যা দেৱীক আদৰণি জনাইছিল। অভিনয়ৰ পৰা বিৰতি লৈ মাতৃত্ব আৰু পৰিয়ালৰ বাবে সময় উচৰ্গা কৰিছিল।
ধাৰাবাহিকখনৰ কাহিনী কি?
প্ৰাইম ভিডিঅ’ই প্ৰকাশ কৰা আনুষ্ঠানিক তথ্য অনুসৰি এই ধাৰাবাহিকখনৰ পৰিৱেশ এটা সৰু চহৰত, যিখন চহৰ লাহে লাহে মহাদেশখনৰ ‘ড্ৰাগছ কেপিটেল’ হৈ পৰিছে। এই জটিল পৰিস্থিতিত এজন সৎ আৰু নৈতিক আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে ছানী কৌশলে। ধাৰাবাহিকখনৰ মূল বিষয়বস্তু হৈছে শক্তিশালী অপৰাধমূলক নেটৱৰ্ক আৰু ব্যৱস্থাৰ ভিতৰ আৰু বাহিৰৰ পৰা অহা বিভিন্ন চাপৰ বিৰুদ্ধে যুঁজি তেওঁ কেনেকৈ নিজৰ সততা আৰু মানৱীয়তা বজাই ৰাখে।
অৱশ্যে এই ধাৰাবাহিকখনত বিপাশা বসু আৰু বিশাল জেথৱাই কি কি চৰিত্ৰত অভিনয় কৰিব সেই বিষয়ে মেকাৰে এতিয়াও প্ৰকাশ কৰা নাই। ধাৰাবাহিকখনৰ নাম আৰু মুক্তিৰ তাৰিখো এতিয়াৰ বাবে লুকুৱাই ৰখা হৈছে। এতিয়া যেতিয়া অনুৰাগীসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাইছে, এই হাই প্ৰফাইল ছিৰিজে অ’টিটি প্লেটফৰ্মত কি যাদু কৰিব, অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















