জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্ত মুকলি আকাশৰ তলত। বিগত এটা বছৰে হাফলং কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল অমৃতপ্ৰভা মহন্ত। পুৱা ৬.৩০ বজাত হাফলং উপ কাৰাগাৰৰ পৰা অমৃতপ্ৰভাক পৰিয়ালৰ লোকে চমজি লয়। কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছতে ক’লা ৰঙৰ থাৰত উঠি পৰিয়ালৰ সৈতে নগাঁও অভিমুখে যাত্ৰা কৰে অমৃতপ্ৰভাই।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি চলি থকা তদন্তৰ মাজতে অমৃতপ্ৰভা মহন্তই জামিন পালে, কিন্তু ইয়াকে লৈ বহুতে সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিলেও কোনো কাম নাহিল। ইফালে মৰমৰ গ’ল্ডীৰ ন্যায়ৰ বাবে চকুত চকুলো লৈ জুবিনক্ষেত্ৰত প্ৰিয়তমা গৰিমা শইকীয়া গাৰ্গেও দেওবাৰে প্ৰতিবাদ কৰে।
অমৃতপ্ৰভা মুকলি আকাশৰ তললৈ অহা প্ৰথমগৰাকী জুবিন গাৰ্গৰ ঘটনাৰে জড়িত অভিযুক্ত। জুবিন গাৰ্গৰ সৈতে একেলগে ছিংগাপুৰলৈ গৈছিল আৰু য়ট পাৰ্টীতো উপস্থিত আছিল অমৃতপ্ৰভা মহন্ত। পুৱা হাফলং উপ কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছত পৰিয়ালৰ সৈতে ক’লা ৰঙৰ থাৰত ঘৰ অভিমুখে ৰাওনা হয়। তেওঁৰ মুক্তিৰ খবৰে পুনৰ এবাৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি চৰ্চা বৃদ্ধি কৰিছে। অৱশ্যে তেওঁৰ মুক্তিৰ সৈতে জড়িত আইনী প্ৰক্ৰিয়া আৰু গোচৰৰ পৰৱৰ্তী গতিবিধিৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















