উত্তৰ প্ৰদেশৰ বদৌনত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ডৰ ঘটনা। জিলাখনৰ আমলা–ৱাজিৰগঞ্জ পথৰ কান্থৰী গাঁৱৰ সমীপত থকা নাগেশ্বৰ নাথ মন্দিৰৰ পিছফালে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃ*তদেহ। নিহত যুৱকজনৰ নাম শচীন (২৩) বুলি জানিব পৰা গৈছে। তেওঁ চিভিল লাইনছ আৰক্ষী থানা এলেকাৰ পদৌয়া গাঁৱৰ বাসিন্দা আছিল।
এই ঘটনাক কেন্দ্ৰ কৰি মৃ*তকৰ পৰিয়ালে শচীনৰ পত্নী কাজল, শাহুৱেক, শহুৰেক, ভায়েক, ভনীয়েক আৰু আন এজন আত্মীয়ৰ বিৰুদ্ধে পৰিকল্পিতভাৱে হ*ত্যাৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে। পৰিয়ালৰ ভাষ্য অনুসৰি, এই ঘটনাৰ আঁৰত আছে এক প্ৰেমৰ সম্পৰ্ক। শচীনৰ পত্নী কাজলৰ সৈতে তেওঁৰ ভিনীহিয়েকৰ প্ৰেমৰ সম্পৰ্ক আছে বুলি অভিযোগ উঠিছে। প্ৰায় ১৮ মাহ পূৰ্বে আলিগঞ্জ জিলাৰ খেলাম গাঁৱৰ বাসিন্দা কাজলৰ সৈতে শচীনৰ বিৱাহ হৈছিল। কিন্তু বিগত তিনি-চাৰি মাহ ধৰি কাজল পিতৃ-মাতৃৰ ঘৰত বাস কৰি আছিল। বিৱাহৰ পিছত কাজলে এটি কন্যা সন্তান জন্ম দিয়ে। সন্তান জন্ম দিয়াৰ পিছত কোনো কথাক লৈ অসন্তুষ্ট হৈ তেওঁ পিতৃ-মাতৃৰ ঘৰলৈ গুচি যায়। তেতিয়াৰ পৰাই তেওঁ তাতেই আছিল।
পৰিয়ালৰ অভিযোগ অনুসৰি, যোৱা ৯ অক্টোবৰত কাজলে স্বামী শচীনক ফোন কৰি ১১ অক্টোবৰত শহুৰেকৰ ঘৰলৈ যোৱাৰ কথা জনায়। পত্নীক নিবলৈ শচীন আহি পোৱাত কাজলে তেওঁক প্ৰথমে পিতৃ-মাতৃৰ ঘৰত কিছু সময় থাকিবলৈ অনুৰোধ কৰে। পত্নীৰ অনুৰোধত শচীনে সন্মতি প্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁলোক আমলা আৰক্ষী থানা এলেকাৰ বিলায়তগঞ্জৰ ভিনীহিয়েক ওম্পলৰ ঘৰলৈ যায়। শচীনে তেওঁৰ ভায়েক ৰাকেশকো তাত মাতি নিয়ে। মৃ*তকৰ পৰিয়ালৰ অভিযোগ অনুসৰি, সেইদিনা সন্ধিয়া কাজল, কাজলৰ মাতৃ, পিতৃ, ভায়েক আৰু ওম্পলে মিলি শচীনক হ*ত্যা কৰে।
পুৱা স্থানীয় লোকে মৃ*তদেহটো দেখি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা তথ্য-প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে মৃ*তকৰ পৰিয়ালক খবৰ দিয়ে। পিছত মৃ*তদেহটো শচীনৰ বুলি চিনাক্ত কৰা হয়। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















