প্ৰথম কন্যা ‘দুৱা’ৰ পিছত ৰণবীৰ-দীপিকাৰ ঘৰলৈ আহিছে তেোঁলোকৰ দ্বিতীয় কন্যা। দুবছৰৰ ভিতৰতে ঘৰলৈ অহা আনগৰাকী ৰাজকুমাৰী নাম ৰাজহুৱা কৰিলে পিতৃ-মাতৃয়ে। তেওঁলোকে জনায় যে তেওঁলোকৰ দ্বিতীয় কন্যাৰ নাম ‘দেৱী পাডুকন সিং’ ৷ লগতে তেওঁলোকৰ সম্পূৰ্ণ পৰিয়ালটোৰ এখন ছবিও পোষ্ট কৰে, য’ত বায়েকে সৰু ভনীয়েকক মৰমেৰে চুমা খোৱা দেখা গৈছে।
নৱৰাত্ৰি উৎসৱৰ সময়ত অনুৰাগীৰ আগত নিজৰ কন্যাৰ নাম ঘোষণা কৰে ৰণবীৰ আৰু দীপিকাই। তেওঁলোকে যৌথভাৱে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত পোষ্ট কৰে। ছবিখনত সমগ্ৰ পৰিয়ালটোক সোণালী সাজ-পোছাক পৰিধান কৰা দেখা গৈছে। দীপিকাই দেৱীক কোলাত লৈ আছে, আৰু ডাঙৰ ভনীয়েক দুয়াই মাক-দেউতাকৰ মাজত বহি সৰু ভনীয়েকৰ কপালত চুমা খাই আছে। সামাজিক মাধ্যমত বিশেষ পোষ্টৰ জৰিয়তে অনুৰাগীৰ আগত প্ৰকাশ কৰিছে।
View this post on Instagram
এই ছবিখন পোষ্ট কৰাৰ লগে লগে ছচিয়েল মিডিয়াত শুভেচ্ছাৰে উপচি পৰে। হুম কুৰেশীৰ পৰা আৰম্ভ কৰি ভূমি পেডনেকাৰ, সঞ্জয় কাপুৰ, বীৰ পাহাৰীয়া – সকলোৱে শুভকামনা আগবঢ়ায়।
প্ৰথম কন্যা ‘দুৱা’ৰ নামৰ অৰ্থ আছিল আশীৰ্বাদ আৰু দ্বিতীয় কন্যা ‘দেৱী’ৰ নামৰ অৰ্থ দেৱ শব্দৰ স্ত্ৰীৰূপ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















