ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নবৌৱেকক অ*শ্লীল আচৰণ কৰাৰ অভিযোগত এজন যুৱকক হ*ত্যা কৰা হৈছে। এই হ*ত্যাকাণ্ডৰ সৈতে যুৱকজনৰ জ্যেষ্ঠ ভাতৃ আৰু নবৌৱেক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে দুয়োকে আটক কৰি জেৰা আৰম্ভ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই ঘটনা টণ্টো আৰক্ষী থানাৰ অন্তৰ্গত টেনচেৰা ল’আপি গাঁৱত সংঘটিত হৈছে। নিহত যুৱকজনৰ নাম জোৱেল হেমব্ৰাম। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, জোৱেলৰ নবৌৱেক ঘৰত অকলে আছিল। সেই সময়তে জোৱেলে তেওঁৰ সৈতে অশ্লীল আচৰণ কৰাৰ লগতে নিৰ্যাতন চলাবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে। নবৌৱেকে এই কাৰ্যৰ প্ৰতিবাদ কৰা বুলিও জানিব পৰা গৈছে। ইফালে, জোৱেলৰ জ্যেষ্ঠ ভাতৃ টিডিয়াছ হেমব্ৰাম ঘৰলৈ উভতি আহে। পত্নীৰ সৈতে সৰু ভায়েকৰ এনে আচৰণ দেখি তেওঁ ক্ষুব্ধ হৈ লোহাৰ ৰড আৰু কাঠৰ সঁজুলিৰে জোৱেলৰ মূৰত বাৰে বাৰে আঘাত কৰে। এই আক্ৰমণত ঘটনাস্থলীতে জোৱেলৰ মৃ*ত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ পিছত অভিযুক্ত দম্পতীটোৱে মৃ*তদেহটো ঘৰৰ ভিতৰত এৰি থৈ যায় বুলি অভিযোগ উঠিছে। কোঠাটো বন্ধ হৈ থকাৰ বাবে প্ৰথম অৱস্থাত ঘটনাটোৰ বিষয়ে কোনেও জানিব পৰা নাছিল। মঙলবাৰে সংঘটিত এই ঘটনা বৃহস্পতিবাৰে পুৱা ঘৰৰ ভিতৰৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰাত পোহৰলৈ আহে। তাৰ পিছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।
খবৰ লাভ কৰাৰ পিছতে টণ্টো আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘৰৰ ভিতৰৰ পৰা জোৱেলৰ মৃ*তদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তদন্তৰ সময়ত ঘটনাস্থলীৰ পৰা তে*জৰ দাগ থকা এখন কুঠাৰ আৰু কাঠৰ সঁজুলি উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। এই সামগ্ৰীসমূহ হ*ত্যাকাণ্ডৰ তদন্তৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে বিবেচিত হ’ব পাৰে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে টিডিয়াছ হেমব্ৰাম আৰু তেওঁৰ পত্নীক আটক কৰিছে। বৰ্তমান দুয়োকে জেৰা কৰি ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু হ*ত্যাকাণ্ডৰ আঁৰৰ সকলো তথ্য জানিবলৈ চেষ্টা চলাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















