এদিনীয়া ক্ৰিকেটত ৰানৰ বৰষুণ! ইংলেণ্ডৰ অধিনায়ক হেৰী ব্ৰুকে মাত্ৰ ১১৪টা বলত দ্বিশতক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰিলে। কিন্তু তেওঁৰ এই বিধ্বংসী ইনিংছেও ইংলেণ্ডক জয়ৰ সোৱাদ দিব নোৱাৰিলে। পাকিস্তানৰ ৰাৱালপিণ্ডিত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ মেচত ৪৩০ ৰানৰ বিশাল লক্ষ্য অতিক্ৰম কৰি শ্ৰীলংকাই ইংলেণ্ডক পৰাস্ত কৰে। এই জয়ৰ লগে লগে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক সফল ৰানৰ লক্ষ্য অতিক্ৰম কৰাৰ অভিলেখ গঢ়ে শ্ৰীলংকাই। ইয়াৰ পূৰ্বে ২০০৬ চনত দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৩৮ ৰানৰ লক্ষ্য অতিক্ৰম কৰিছিল।
ইংলেণ্ডৰ হৈ হেৰী ব্ৰুকে খেলপথাৰত যি ধৰণৰ বেটিং প্ৰদৰ্শন কৰিলে, সেয়া ক্ৰিকেটপ্ৰেমীৰ বাবে দীৰ্ঘদিনলৈ স্মৰণীয় হৈ থাকিব। তেওঁ মাত্ৰ ১১৪টা বলত ২০২ ৰান সংগ্ৰহ কৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ইতিহাসত আটাইতকৈ দ্ৰুততম দ্বিশতকৰ অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১১৭টা বলত দ্বিশতক অৰ্জন কৰিছিল। সেই অভিলেখ ভংগ কৰি ব্ৰুকে নতুন ইতিহাস ৰচনা কৰে।
ব্ৰুকৰ ইনিংছটোৰ বিশেষত্ব আছিল তেওঁৰ অসাধাৰণ ফুটৱৰ্ক আৰু আক্ৰমণাত্মক বেটিং। ক্ৰীজৰ দুয়োফালে স্থান সলনি কৰি তেওঁ ৰেম্প শ্বট, স্কুপ আৰু কাট শ্বটৰ জৰিয়তে শ্ৰীলংকাৰ বলাৰসকলক দিশহাৰা কৰি তোলে। প্ৰথম ২৪টা বলত মাত্ৰ ১৩ ৰান সংগ্ৰহ কৰা ব্ৰুকে পিছলৈ নিজৰ বেটিঙৰ গতি সলনি কৰে। তেওঁ ৪২টা বলত অৰ্ধশতক আৰু ৭৫টা বলত শতক সম্পূৰ্ণ কৰে। শতকৰ পৰা ১৫০ ৰানলৈ যাবলৈ তেওঁক প্ৰয়োজন হয় মাত্ৰ ২০টা বল। তাৰ পিছত আৰু ১৭টা বল খেলি দ্বিশতকৰ সীমা অতিক্ৰম কৰে। অৱশ্যে ইনিংছৰ অন্তিম বলটোত আউট হোৱাৰ বাবে ব্ৰুকে অপৰাজিত হৈ থাকিব নোৱাৰিলে।
ইংলেণ্ডৰ ইনিংছত হেৰী ব্ৰুকৰ লগতে জ’ ৰুটেও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ৰুটে এই মেচতে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৮,০০০ ৰান সম্পূৰ্ণ কৰে। এই কৃতিত্ব অৰ্জন কৰা তেওঁ ইংলেণ্ডৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ। ব্ৰুক আৰু ৰুটে তৃতীয় উইকেটৰ বাবে এক গুৰুত্বপূৰ্ণ যুটি গঢ়ি তোলে। দুয়োৰে বেটিঙৰ সহায়ত ইংলেণ্ডৰ ৰানৰ গতি দ্ৰুত হয়। ৰুটে ৬৯ ৰান সংগ্ৰহ কৰি আউট হোৱাৰ পিছতো ব্ৰুকৰ আক্ৰমণ অব্যাহত থাকে। ইয়াৰ পূৰ্বে অ’পেনাৰ টম বেণ্টনে ৫০ ৰান সংগ্ৰহ কৰে। তেওঁ একেৰাহে চতুৰ্থখন খেলতো অৰ্ধশতক অৰ্জন কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে। ইনিংছৰ শেষৰ ফালে উইল জেক্সেও বিস্ফোৰক বেটিং কৰে। তেওঁ মাত্ৰ ৩০টা বলত অপৰাজিত ৬৬ ৰান সংগ্ৰহ কৰি ইংলেণ্ডৰ স্ক’ৰ অধিক শক্তিশালী কৰি তোলে। নিৰ্ধাৰিত ইনিংছৰ অন্তত ইংলেণ্ডে শ্ৰীলংকাৰ সন্মুখত ৪৩০ ৰানৰ বিশাল লক্ষ্য ৰাখে।
৪৩০ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰিবলৈ নামি শ্ৰীলংকাই আৰম্ভণিতে ডাঙৰ বিপদৰ সন্মুখীন হয়। দলটোৱে মাত্ৰ ২৪ ৰানতে দুটা উইকেট হেৰুৱায়। এনে পৰিস্থিতিত ইংলেণ্ডে সহজেই জয় লাভ কৰিব বুলি বহুতে আশা কৰিছিল। কিন্তু শ্ৰীলংকাৰ বেটাৰ পৱন ৰত্ননায়কে আৰু আভিষ্কা ফাৰ্নাণ্ডোৱে খেলৰ ছবি সলনি কৰি দিয়ে। দুয়োজনে তৃতীয় উইকেটৰ বাবে ১৬৬ ৰানৰ গুৰুত্বপূৰ্ণ যুটি গঢ়ে। ৰত্ননায়কে আৰম্ভণিৰে পৰাই দায়িত্বশীল আৰু আক্ৰমণাত্মক বেটিং কৰে। আনহাতে, ফাৰ্নাণ্ডোৱেও ইংলেণ্ডৰ বলাৰসকলক কোনো সুযোগ নিদি ৰান সংগ্ৰহ অব্যাহত ৰাখে।
ফাৰ্নাণ্ডোৱে ৯৭ ৰান সংগ্ৰহ কৰি শতকৰ পৰা মাত্ৰ তিনি ৰান দূৰত থাকোঁতে আউট হয়। জেমি অভাৰ্টনৰ বলত কেচ দি তেওঁ পেভিলিয়নলৈ উভতে। কিন্তু তেতিয়ালৈকে শ্ৰীলংকাক জয়ৰ দিশে আগুৱাই নিবলৈ তেওঁ নিজৰ দায়িত্ব পালন কৰিছিল। শ্ৰীলংকাৰ জয়ৰ অন্যতম নায়ক আছিল পৱন ৰত্ননায়কে। তেওঁ মাত্ৰ ৮৭টা বলত শতক সম্পূৰ্ণ কৰি ইংলেণ্ডৰ বলাৰসকলৰ ওপৰত চাপ সৃষ্টি কৰে। ৰত্ননায়কে মুঠ ১৩০ ৰান সংগ্ৰহ কৰে। তেওঁৰ বেটিঙৰ বিশেষত্ব আছিল বলৰ সময়জ্ঞান আৰু নিয়ন্ত্ৰিত শ্বট। ইংলেণ্ডৰ বলাৰসকলে ৰানৰ গতি হ্ৰাস কৰিবলৈ চেষ্টা কৰিলেও তেওঁলোক সফল হ’ব নোৱাৰিলে।
এটা সময়ত শ্ৰীলংকাৰ স্ক’ৰ আছিল ২৫০ ৰানত তিনিটা উইকেট। তেতিয়া ইনিংছৰ ১৬টা অভাৰ বাকী আছিল। লক্ষ্যৰ পৰা দলটো এতিয়াও বহু দূৰত আছিল যদিও ইংলেণ্ডৰ তুলনাত শ্ৰীলংকাৰ অৱস্থান যথেষ্ট শক্তিশালী হৈ পৰিছিল। ৰত্ননায়কে আউট হোৱাৰ সময়ত শ্ৰীলংকাৰ জয়ৰ আশা অধিক উজ্জ্বল হৈ উঠিছিল। ইয়াৰ পিছতে শ্ৰীলংকাৰ অধিনায়ক দাছুন ছানাকাই এই মেচত দুটা সম্পূৰ্ণ বিপৰীত অভিজ্ঞতাৰ সন্মুখীন হয়। বলিঙৰ সময়ত তেওঁ ইংলেণ্ডৰ বেটাৰৰ নিৰ্মম অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল। কিন্তু বেটিং কৰিবলৈ আহি তেওঁ সেই ব্যৰ্থতাৰ যেন প্ৰতিশোধ লয়।
ছানাকাই মাত্ৰ ৫০টা বলত সংগ্ৰহ কৰে ৯৭ ৰান। ইংলেণ্ডৰ বলাৰসকলৰ ওপৰত তেওঁ এনে আক্ৰমণ চলায় যে খেলখনৰ নিয়ন্ত্ৰণ ক্ৰমাৎ শ্ৰীলংকাৰ হাতলৈ যায়। এটা সময়ত শ্ৰীলংকাক জয়ৰ বাবে ৬০টা বলত ১০৯ ৰানৰ প্ৰয়োজন আছিল। ছানাকাৰ আক্ৰমণাত্মক বেটিঙে দলটোক জয়ৰ অধিক ওচৰলৈ লৈ যায়।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















