এজন যুৱকৰ প্ৰেমত মতলীয়া পত্নীক লৈ অৱশেষত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে স্বামীয়ে। প্ৰায় ১০ বছৰ ধৰি একেলগে সংসাৰ কৰাৰ পিছত দুটা সন্তানৰ মাতৃ পত্নীক তেওঁৰ প্ৰেমিকৰ সৈতে বিয়া কৰাই দিলে স্বামীয়ে। এই ঘটনা সংঘটিত হৈছে ঋাৰখণ্ডৰ চাহিবগঞ্জ জিলাত। এই ঘটনাৰ পিছতে অঞ্চলটোত ব্যাপক চৰ্চা লাভ কৰিছে।
ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডৰ সাহিবগঞ্জ জিলাৰ মিৰ্জাচৌকী আৰক্ষী থানাৰ অন্তৰ্গত মহাদেৱ বাবাৰণ গাঁৱত। জানিব পৰা মতে, অশোক মোহলী নামৰ লোকজনৰ পত্নী পুনম দেৱীৰ সৈতে চুবুৰীয়া কৰণ মোহলীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। এই সম্পৰ্কক লৈ পৰিয়ালটোত দীৰ্ঘদিন ধৰি অশান্তিৰ সৃষ্টি হৈছিল।
১০ বছৰ পূৰ্বে হৈছিল বিয়া, আছে দুটা সন্তান
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় ১০ বছৰ পূৰ্বে বিহাৰৰ বাংকা জিলাৰ লকদী কোলা গাঁৱৰ বাসিন্দা পুনম দেৱীৰ সৈতে হিন্দু ৰীতি-নীতি অনুসৰি অশোক মোহলীৰ বিৱাহ সম্পন্ন হৈছিল। বিয়াৰ পিছত দুয়ো একেলগে সংসাৰ আৰম্ভ কৰিছিল। জানিব পৰা মতে পুনম দেৱী দুটা সন্তানৰ মাতৃ। প্ৰথম অৱস্থাত সকলো ঠিকেই চলি আছিল যদিও পৰৱৰ্তী সময়ত পুনম দেৱীৰ সৈতে চুবুৰীয়া কৰণ মোহলীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। এই কথা জানিব পাৰি স্বামী অশোক মোহলী মানসিকভাৱে ভাগি পৰে।
কেইবাবাৰো আপত্তিজনক পৰিস্থিতিত উদ্ধাৰ
খবৰ অনুসৰি, অশোক মোহলীয়ে পত্নী পুনম দেৱী আৰু কৰণ মোহলীক কেইবাবাৰো আপত্তিজনক পৰিস্থিতিত দেখা পোৱা বুলি অভিযোগ উঠিছে। বিষয়টোক লৈ গাঁওখনত উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে ঘটনাটো পঞ্চায়ত আৰু আৰক্ষী থানালৈও যায়। সেই সময়ত পুনম দেৱীয়ে নিজৰ ভুল স্বীকাৰ কৰি ভৱিষ্যতে এনে ঘটনা পুনৰ নহ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু পৰৱৰ্তী সময়ত পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন নহ’ল। অৱশেষত পুনমে স্বামীৰ সৈতে সংসাৰ কৰাৰ পৰিৱৰ্তে প্ৰেমিক কৰণ মোহলীৰ সৈতে জীৱন কটোৱাৰ সিদ্ধান্ত লয় বুলি খবৰটোত প্ৰকাশ পাইছে।
পত্নীৰ সিদ্ধান্তৰ পিছত স্বামীয়ে ল’লে ডাঙৰ পদক্ষেপ
পুনম দেৱীয়ে প্ৰেমিকৰ সৈতে বিৱাহপাশত আবদ্ধ হোৱাৰ ইচ্ছা প্ৰকাশ কৰাৰ পিছত অশোক মোহলীয়ে তেওঁলোকৰ বৈৱাহিক সম্পৰ্কৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লয়। জানিব পৰা মতে, পুনমে পৃথক হোৱাৰ বাবে প্ৰয়োজনীয় কাগজ-পত্ৰত স্বাক্ষৰ কৰিছিল। ইয়াৰ পিছত গাঁৱৰ লোকসকলৰ উপস্থিতি আৰু সহযোগত অশোক মোহলীয়ে পত্নী পুনম দেৱীৰ সৈতে কৰণ মোহলীৰ বিৱাহৰ ব্যৱস্থা কৰে। সামাজিকভাৱে উপস্থিত লোকসকলৰ সন্মুখত কৰণে পুনমৰ কপালত সেন্দূৰ পিন্ধাই দিয়ে। এইদৰে দীৰ্ঘদিনীয়া বৈৱাহিক জীৱনৰ অন্ত পেলাই পুনমে প্ৰেমিকৰ সৈতে নতুন জীৱন আৰম্ভ কৰাৰ পথ বাছি লয় বুলি খবৰটোত উল্লেখ কৰা হৈছে।
ঘটনাটোক লৈ অঞ্চলটোত চৰ্চা
দুটা সন্তান থকা এগৰাকী মহিলাই প্ৰেমৰ সম্পৰ্কৰ বাবে স্বামীৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লোৱা আৰু স্বামীয়ে নিজেই পত্নীৰ প্ৰেমিকৰ সৈতে বিবাহৰ ব্যৱস্থা কৰি দিয়াৰ ঘটনাই অঞ্চলটোত চৰ্চাৰ সৃষ্টি কৰিছে। অৱশ্যে, এই ঘটনাৰ সৈতে জড়িত বৈৱাহিক বিচ্ছেদৰ আইনী স্থিতি আৰু সন্তান দুটাৰ ভৱিষ্যৎ সম্পৰ্কে সবিশেষ তথ্য প্ৰকাশ পোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















