সমাগত ৰাস মহোৎসৱ। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা হয় ৰাসলীলা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। এতিয়া পুনৰ আহিছে ঐতিহ্যমণ্ডিত হাউলী ৰাস মহোৎসৱৰ বৰঙণি পত্ৰৰ খেল।
নামনি অসমৰ হাউলীৰ ৰাস কিছু ভিন্ন। এই ৰাস মহোৎসৱৰ পূৰ্বে হাউলীৰ ৰাস মহোৎসৱৰ কমিটিয়ে বৰঙনি পত্ৰৰ কুপন প্ৰদান কৰে, য’ত বিভিন্ন ধৰণৰ পুৰস্কাৰ ৰখা হয়। আজিৰে পৰা এই কুপন প্ৰদান কৰা হৈছে, সেয়ে দূৰ-দুৰণিৰ পৰা বহু লোক আহি এটা কুপনৰ বাবে ভিৰ কৰিছে।
ৰাজ্যত চলি থকা লটাৰী আৰু জুৱা খেল নিষিদ্ধ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। সেয়ে লটাৰীৰ সলনি হাউলীত বৰঙনি পত্ৰৰ কুপন প্ৰদান কৰা হয়। মাত্ৰ ১০০ টকাকৈ আপুনিও পাব পাৰে কোটিটকীয়া বিলাসী বাহন। এই সামান্য পৰিমাণৰ বিনিময়তে ভাগ্য খোলাৰ সুযোগ। বৰঙণি পত্ৰৰ ভাগ্য পৰীক্ষাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় উপহাৰৰ ঠিক আগৰ আৰু পিছৰ দুয়োগৰাকীয়েও লাভ কৰিব আকৰ্ষণীয় উপহাৰ।
৯৯ সংখ্যক হাউলী ৰাস মহোৎসৱৰ আধ্যাত্মিক প্ৰকল্পৰ ১০০ টকীয়া বৰঙণি পত্ৰৰ বিতৰণ কেন্দ্ৰ আজি পুৱা ১১ বজাত মুকলি কৰা হয়। কিয়নো ১০০ টকীয়া বৰঙণিপত্ৰৰ বিপৰীতে লটাৰীযোগে আগবঢ়াব কোটি টকীয়া ২১ খনকৈ বিলাসী বাহনৰ উপহাৰ ইয়াৰ ভিতৰত এইবাৰ প্ৰথম উপহাৰ হিচাপে থাকিব ৰেঞ্জ ৰোভাৰ স্প’ৰ্ট, যিখনৰ মূল্য ডেৰ কোটি টকাৰো অধিক বুলি ইতিমধ্যে হৈছে প্ৰচাৰ
যাৰ বাবে বৰঙণি পত্ৰ সংগ্ৰহ কৰিবলৈ ৰাইজৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ। ইফালে অত্যধিক ভিৰৰ হোৱা বাবে বৰঙণি পত্ৰৰ কাউন্টাৰ হাউলী চাৰিআলিৰ পৰা হাউলী চণ্ডীবৰুৱা ষ্টেডিয়ামলৈ স্থানান্তৰ কৰা হৈছে। এখন বৰঙনি পত্ৰ ক্ৰয় কৰা অথবা লাভ কৰাৰ বাবে বহু দূৰ দূৰণিৰ পৰা কাহিলীপুৱাতে আহি উপস্থিত হয় হাউলীত।
(বৰপেটাৰোডৰ পৰা অৰূপ কুমাৰ দাসৰ সহযোগত এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















