গুৱাহাটীৰ উলুবাৰী-বৰা ছাৰ্ভিচৰ হোটেল বিলাস ইনত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত মৃত্যুৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি হৈছে। ইতিমধ্যে ঘনকান্ত গগৈ নামৰ এজন লোকক পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বিলাস ইনৰ লিজক লৈ এই ঘটনা সংঘটিতৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ঘনকান্ত গগৈয়ে হেলেনা ভৰালীৰ পৰা লিজত লৈছিল হোটেলখন। হোটেলখনৰ এগৰাকী স্বত্বাধিকাৰী হেলেনা ভৰালীৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাত মৃত্যু হৈছে হেলেনা ভৰালীৰ পুত্ৰ দেৱৰ্ষী কাশ্যপৰো। ঘনকান্ত গগৈয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা পইণ্ট ৩২ পিষ্টল এটাও ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে বুলি সদৰী কৰিছে।
বাতৰিটো পৰৱৰ্তী সময়ত UPDATE কৰা হব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















