• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

1 hour ago
ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

39 seconds ago
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

39 minutes ago
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

2 hours ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

3 hours ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

4 hours ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

5 hours ago
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

6 hours ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

6 hours ago
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

6 hours ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

7 hours ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

7 hours ago
বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

'বিলাস INN'ৰ বাবেই প্ৰাণ গ'ল ৬ গৰাকীকৈ লোক!

editor by editor
October 26, 2026
in অপৰাধ, অসম, লেখা
0
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটীৰ উলুবাৰী-বৰা ছাৰ্ভিচ অঞ্চলৰ হোটেল বিলাস ইনত সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাত মৃ*ত্যুৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। মৃ*তসকলৰ ভিতৰত হোটেলখনৰ এগৰাকী স্বত্বাধিকাৰী হেলেনা ভৰালী আৰু তেওঁৰ পুত্ৰ দেৱাৰ্ষী কাশ্যপো আছে বুলি জানিব পৰা গৈছে।

প্ৰাথমিক তথ্য অনুসৰি, হোটেলখনত দুটা পক্ষৰ মাজত হোৱা বিবাদৰ পৰিণতিতে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। হোটেলখন লিজত দিয়াক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল বুলি জানিব পৰা গৈছে। এই বিবাদে পিছলৈ ভয়াৱহ ৰূপ লয় আৰু তাৰ পিছতে গুলীচালনাৰ ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।

হোটেলৰ স্বত্বাধিকাৰী আৰু পুত্ৰৰ মৃত্যু

এই ঘটনাত হোটেল বিলাস ইনৰ স্বত্বাধিকাৰী হেলেনা ভৰালী আৰু তেওঁৰ পুত্ৰ দেৱাৰ্ষী কাশ্যপৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি হেলেনা ভৰালীৰ জ্যেষ্ঠ ভাতৃ ভূদেৱ ভৰালী, নাৰায়ণ দাস নামৰ আন এজন লোকৰো মৃত্যু হোৱা বুলি তথ্য পোৱা গৈছে। হেলেনা ভৰালীক বচাবলৈ আগবাঢ়ি অহা হোটেলখনৰ এজন কৰ্মচাৰীৰো গুলীচালনাত মৃ*ত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে, মৃ*তকৰ পৰিচয় আৰু ঘটনাৰ সম্পূৰ্ণ বিৱৰণ কৰ্তৃপক্ষৰ আনুষ্ঠানিক নিশ্চিতকৰণৰ পিছতহে স্পষ্ট হ’ব। হোটেলখনত বহুসময়লৈ হেলেনা ভৰালীৰ কন্যা আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে।

হোটেলৰ বিভিন্ন স্থানত উদ্ধাৰ মৃ*তদেহ

ঘটনাস্থলীৰ পৰা পোৱা তথ্য অনুসৰি, হোটেলখনলৈ যোৱা পথত দুজন পুৰুষৰ মৃ*তদেহ উদ্ধাৰ হৈছে। আনহাতে, হোটেলখনৰ ৰিচেপচনৰ কাষতো এগৰাকী মহিলাৰ মৃ*তদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত একাধিক লোক গুলীবিদ্ধ হোৱাৰ ফলতে এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি সন্দেহ কৰা হৈছে।

এজনক গ্ৰেপ্তাৰ, আন লোক জড়িত থকাৰ সন্দেহ

এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰিছে। পল্টন বজাৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম ঘনকান্ত গগৈ বুলি আৰক্ষীয়ে সদৰী কৰিছে। আনহাতে, এই গুলীচালনাৰ ঘটনাত আৰু অধিক লোক জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। সেই দিশটোৰ পৰা তদন্ত অব্যাহত আছে। ঘটনাত ব্যৱহাৰ কৰা পি*ষ্টলটোও আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে।

চিচিটিভি ফুটেজ পৰীক্ষা আৰক্ষীৰ

ঘটনাৰ প্ৰকৃত কাৰণ আৰু ইয়াৰ সৈতে জড়িত লোকসকলৰ বিষয়ে জানিবলৈ আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিছে। ঘটনাস্থলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি থকা হৈছে। ফুটেজৰ জৰিয়তে গুলীচালনাত কোন কোন জড়িত আছিল, তেওঁলোক কেনেকৈ ঘটনাস্থলীলৈ আহিছিল আৰু তাৰ পিছত ক’লৈ গৈছিল, সেই বিষয়ে তথ্য সংগ্ৰহৰ চেষ্টা চলোৱা হৈছে।

প্ৰফেশ্যনেল শ্বুটাৰ জড়িতৰ সন্দেহ

প্ৰাথমিক তথ্য অনুসৰি, এই ঘটনাত অসমৰ বাহিৰৰ পেছাদাৰী শ্বুটাৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে, এই সন্দেহৰ সত্যতা আৰু গুলীচালনাৰ আঁৰত থকা প্ৰকৃত ব্যক্তিসকলৰ পৰিচয় আৰক্ষীৰ তদন্তৰ পিছতহে নিশ্চিত হ’ব। প্ৰাথমিকভাৱে হোটেলখন লিজত দিয়াক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত হোৱা বিবাদেই এই ঘটনাৰ মূল কাৰণ হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। হোটেলৰ কোঠাত দুয়োপক্ষৰ মাজত প্ৰথমে তৰ্ক-বিতৰ্কৰ সূত্ৰপাত হৈছিল বুলি জানিব পৰা গৈছে। পিছলৈ এই বিবাদে ভয়ংকৰ ৰূপ লয় আৰু গুলীচালনাৰ ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?
অসম

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

October 27, 2026
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল
অসম

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

October 27, 2026
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!
অসম

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

October 26, 2026
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫
অসম

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

October 26, 2026
Next Post
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

ক'লৈ গ'ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.