কেইদিনমানৰ পিছত অক্টোবৰ মাহৰ অন্ত পৰিব। ইয়াৰ পিছত নৱেম্বৰ আৰু ডিচেম্বৰ মাথোঁ বাকী থাকিব। বেংকিং দৃষ্টিকোণৰ পৰা এই দুমাহ অতি গুৰুত্বপূৰ্ণ হ’ব, আৰু ইয়াৰ কাৰণো আছে। এই দুমাহত বিভিন্ন উৎসৱৰ আয়োজন কৰা হ’ব। বেংকত ভৰি পৰিব বহুত। ফলস্বৰূপে বেংকৰ ছুটীও অতি গুৰুত্বপূৰ্ণ হ’ব। আৰ বি আইৰ ছুটীৰ তালিকালৈ চালে এই দুমাহৰ ভিতৰত বেংকৰ ৩৩টা ছুটী থাকিব।
অক্টোবৰ মাহত কিমান দিন বেংক বন্ধ থাকিব?
৯ নৱেম্বৰ : দীপাৱলী, লক্ষ্মী পূজা আৰু গোবৰ্ধন পূজাৰ বাবে বেংক বন্ধ থাকিব।
১০ নৱেম্বৰ : দীপাৱলীৰ বাবে বন্ধ থাকিব।
১১ নৱেম্বৰ : ভাই দুজ আৰু অন্যান্য আঞ্চলিক উৎসৱত একেৰাহে বেংক বন্ধ থাকিব।
১৩ নৱেম্বৰঃ ৱাংগালা উৎসৱঃ মেঘালয়ত পালন কৰা আঞ্চলিক উৎসৱ ‘ৱাংগালা উৎসৱ’ৰ বাবে ১৩ নৱেম্বৰত শ্বিলঙৰ বেংকৰ শাখাসমূহ বন্ধ থাকিব।
১৬ নৱেম্বৰ : ছঠ পূজাঃ ১৬ নৱেম্বৰত পাটনা আৰু ৰাঞ্চিত ষঠ পূজাত বেংক বন্ধ থাকিব।
২০ নৱেম্বৰ : ইগাছ-বাগোৱাল:- উত্তৰাখণ্ডত পালন কৰা আঞ্চলিক উৎসৱ ‘ইগাছ-বাগৱাল’ৰ বাবে ২০ নৱেম্বৰত ডেৰাডুনত বেংক বন্ধ থাকিব।
২৩ নৱেম্বৰ : চেং কুট স্নেমঃ মেঘালয়ত পালন কৰা বাৰ্ষিক উৎসৱ ‘চেং কুট স্নেম’ৰ বাবে ২৩ নৱেম্বৰত শ্বিলঙত বেংক বন্ধ থাকিব।
২৪ নৱেম্বৰ : গুৰু নানক জয়ন্তী আৰু কাৰ্তিক পূৰ্ণিমা
২৭ নৱেম্বৰ : কনকদাস জয়ন্তীঃ কৰ্ণাটকত পালন কৰা কনকদাস জয়ন্তীৰ বাবে ২৭ নৱেম্বৰত বেংগালুৰুত বেংক বন্ধ থাকিব।
সপ্তাহৰ শেষৰ দিনত বেংকৰ বন্ধৰ দিন: আঞ্চলিক বন্ধৰ উপৰিও সমগ্ৰ ভাৰতবৰ্ষৰ বেংকসমূহ সকলো দেওবাৰতে বন্ধ থাকিব—১, ৮, ১৫, ২২, আৰু ২৯ নৱেম্বৰ। ইয়াৰ উপৰিও নিয়মীয়া বেংকিং ছুটীৰ সময়সূচী অনুসৰি দ্বিতীয় শনিবাৰে (১৪ নৱেম্বৰ) আৰু চতুৰ্থ শনিবাৰে (২৮ নৱেম্বৰ) বেংকৰ শাখাসমূহ বন্ধ থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















