ভাৰতৰ ওড়িশা, অন্ধ্ৰপ্ৰদেশৰ সমুদ্ৰৰ উপকুলীয় অঞ্চলত ভয়ংকৰ ঘুৰ্ণী বতাহ ‘অৰ্ণৱ’ৰ আগমনক লৈ সতৰ্কবাণী কৰি দিয়া হৈছে। যিকোনো মুহূৰ্ততে অৰ্ণৱে তচনচ কৰিব পাৰে উপকুলীয় অঞ্চলসমূহ। কিন্তু আগজাননী অবিহনে নিউজীলেণ্ডৰ ৱেলিংটনত আহিল এজাক ভয়ংকৰ ধুমুহা। যি ধুমুহাই চূৰ্ণ-বিচূৰ্ণ কৰিলে নিউজীলেণ্ডক।
নিউজীলেণ্ডত চলি থকা ৫ খন T20I শৃংখলাৰ আজি অনুষ্ঠিত তৃতীয়খন মেচত অভিষেক শৰ্মা আৰু বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক বেটিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে নিউজীলেণ্ডৰ অভিজ্ঞ বলাৰসকল। ১৯৯ ৰানৰ লক্ষ্য লৈ খেলপথাৰত নমা ভাৰতে মাত্ৰ ১৩.২ অভাৰতে ৪টা উইকেট হেৰুৱাই জয়লাভ কৰে। এই জয়ৰ জৰিয়তে ভাৰতে T20 শৃংখলাটো নিজৰ নামত কৰে।
মেচখনত অভিষেক শৰ্মাই মাত্ৰ ৩৮টা বলত ১১৩ ৰান সংগ্ৰহ কৰি নিউজীলেণ্ডৰ বলাৰসকলক দিশহাৰা কৰি তোলে। আনহাতে, বিস্ময় বালক বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ ১৯টা বলত ৪৫ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। দুয়োগৰাকী বেটছমেনে মাত্ৰ ৪৩টা বলত ১৩৩ ৰানৰ যুটি বান্ধি ভাৰতৰ জয় সহজ কৰি তোলে।
১৯৯ ৰানৰ লক্ষ্যৰে খেলপথাৰত নমা ভাৰতীয় দলটোৱে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক বেটিং কৰে। অভিষেক শৰ্মা আৰু বৈভৱ সূৰ্যবংশীয়ে নিউজীলেণ্ডৰ বলাৰসকলক কোনো সুযোগ নিদি চাৰি আৰু ছিক্সাৰৰ বৰষুণেৰে ৱেলিংটনপ দৰ্শকক আমোদ দিয়ে। ভাৰতৰ ইনিংছৰ প্ৰথম অভাৰতেই অভিষেক-বৈভৱৰ যুটীয়ে ২৬ ৰান সংগ্ৰহ কৰে। মাত্ৰ ৫ অভাৰতে ভাৰতে ১০০ ৰানৰ মাইলষ্টন স্পৰ্শ কৰে। এয়া যিকোনো দলৰেই দ্ৰুততম ১০০ ৰান। ইয়াৰ পূৰ্বে এই ৰেকৰ্ড দক্ষিণ আফ্ৰিকাৰ নামত আছিল। দক্ষিণ আফ্ৰিকাই ৩৩ বলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১০০ ৰান সম্পূৰ্ণ কৰিছিল। আনহাতে আজিৰ মেচখনত সৰ্বোচ্চ পাৱাৰপ্লেৰ স্ক’ৰৰ ৰেকৰ্ডো ভাৰতৰ নামত লিপিবদ্ধ কৰিবলৈ সক্ষম হয়। ভাৰতে পাৱাৰপ্লেত আজি ১১৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। পূৰ্বে এই ৰেকৰ্ড আছিল অষ্ট্ৰেলিয়াৰ নামত।
ভাৰতৰ এই আক্ৰমণাত্মক বেটিঙৰ মাজতে অষ্টম অভাৰত নিউজীলেণ্ডে প্ৰথমটো উইকেট লাভ কৰে। বৈভৱে মাত্ৰ ১৮টা বলত ৪৫ ৰান সংগ্ৰহ কৰি ভাৰতক শক্তিশালী আৰম্ভণি দিয়ে। কিন্তু বৈভৱ আউট হোৱাৰ পিছতো অভিষেক শৰ্মাৰ বেটিং ধুমুহা স্তব্ধ নহ’ল। তেওঁ নিজৰ আক্ৰমণাত্মক বেটিং অব্যাহত ৰাখি মাত্ৰ ৩৫টা বলত শতক সম্পূৰ্ণ কৰে। মুঠ ৩৮টা বলৰ সন্মুখীন হৈ ১১৩ ৰান সংগ্ৰহ কৰে অভিষেকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















