গুৱাহাটীৰ লাচিত নগৰৰ হোটেল বিলাস INNত সংঘটিত ভয়ংকৰ হ*ত্যাকাণ্ডৰ পিছতে অভিযুক্ত ঘনকান্তৰ অতীতৰ বিভিন্ন কাণ্ডৰ তথ্য পোহৰলৈ আহিছে। প্ৰৱঞ্চনা, মৃত্যুৰ ভাবুকি আৰু ডকাইতিৰ দৰে একাধিক অভিযোগৰ সৈতে তেওঁৰ নাম জড়িত হৈ থকাৰ কথা চৰ্চালৈ আহিছে। মাত্ৰ ৫ মিনিটৰ ভিতৰতে ঘনকান্তই পাঁচজনকৈ লোকক গু*লীয়াই হ*ত্যা কৰে। এই ঘটনাত হেলেনা ভৰালী, তেওঁৰ পুত্ৰ দেৱৰ্ষি ভৰালী, বোৱাৰী ৰিণাকি ভৰালী আৰু জ্যেষ্ঠ ভাতৃ ভূদেৱ ভৰালীৰ মৃ*ত্যু হয়। ইয়াৰ উপৰি পৰিয়ালটোৰ সৈতে আত্মীয়তাসূত্ৰে সম্পৰ্ক থকা ফুটপাথৰ ব্যৱসায়ী নাৰায়ণ দাসেও প্ৰাণ হেৰুৱায়।
বশিষ্ঠ আৰক্ষীয়ে ঘনকান্তক আটক কৰি পল্টন বজাৰ আৰক্ষীক গতাই দিয়াৰ পিছতে ঘটনাটোক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ, ঘনকান্তৰ অতীতৰ কৰ্মকাণ্ড, তেওঁৰ বৰ্তমানৰ জীৱনশৈলী আৰু হোটেল বিলাস INN লীজত লোৱা বিষয়টোক লৈ সচেতন মহলৰ মাজত চৰ্চা চলিছে।
গুৱাহাটীৰ জি এছ ৰোডৰ দৰে অভিজাত আৰু ব্যস্ত অঞ্চলত এখন হোটেল লীজত লোৱাটো সহজ কথা নহয়। ইয়াৰ বাবে যথেষ্ট পৰিমাণৰ ধনৰ প্ৰয়োজন হয়। জানিব পৰা মতে, ঘনকান্তই মাহে প্ৰায় ডেৰ লাখ টকাৰ বিনিময়ত হোটেল বিলাস INN লীজত লৈছিল। কিন্তু তেওঁৰ পূৰ্বৰ কৰ্মকাণ্ড আৰু বৰ্তমানৰ জীৱনশৈলীৰ সৈতে হোটেলখন লীজত লোৱাৰ বিষয়টোৰ সামঞ্জস্যক লৈ একাংশ লোকৰ মনত প্ৰশ্নৰ সৃষ্টি হৈছে।
ইফালে, ঘনকান্তৰ চাৰিচকীয়া বাহনখনত লিখা থকা ‘PRESS’ শব্দটোৱেও ৰহস্যৰ সৃষ্টি কৰিছে। তেওঁৰ বাহনত কিহৰ ভিত্তিত বা কাৰ আশীৰ্বাদত ‘PRESS’ লিখা হৈছিল, সেই বিষয়টোও তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন হৈছে। সঁচাকৈয়ে কোনোবা সংবাদ প্ৰতিষ্ঠানৰ সৈতে পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত আছিল নেকি ঘাতক ঘনকান্ত? যদি জড়িত নাছিলেই কাৰ আশীৰ্বাদপুষ্ট হৈ ঘাতক ঘনকান্তই নিজৰ বাহনত PRESS লিখিবলৈ সাহস কৰিছিল এই বিষয়টোক লৈও আৰক্ষীয়ে জেৰা কৰিব লাগে বুলি সচেতন মহলে দাবী উত্থাপন কৰিছে। PRESS লিখি বিভিন্ন সময়ত এই শব্দটোৰ অপব্যৱহাৰ কৰি বিভিন্ন অনৈতিক কামতো লিপ্ত হৈছিল নেকি সেয়া তদন্তৰ বিষয় হ’ব পাৰে বুলি সচেতন মহলে দাবী উত্থাপন কৰিছে। আৰক্ষীয়ে জেৰাৰ সময়ত এই সন্দৰ্ভত সোধা-পোছা কৰি প্ৰকৃত তথ্য পোহৰলৈ অনা উচিত বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে। জানিব পৰা মতে ঘাতক ঘনকান্তৰ বাহনখনো চলিত বৰ্ষৰ জানুৱাৰীতেই ইন্সুৰেন্সৰ ম্যাদ উকলি গৈছিল।
সমগ্ৰ ঘটনাটোৱে এতিয়া কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে। ঘনকান্তই কেনেকৈ হোটেলখন লীজত ল’বলৈ সক্ষম হ’ল? তেওঁৰ জীৱনশৈলীৰ আঁৰত আন কিবা কাৰণ আছে নেকি? হোটেল বিলাস INN লীজত লোৱাৰ ক্ষেত্ৰত ঘনকান্তৰ উপৰিও আন কোনো অদৃশ্য শক্তিও আছিল নেকি? এই সকলো দিশৰ তদন্ত কৰাটো প্ৰয়োজনীয় বুলি চৰ্চা চলিছে।
সচেতন মহলৰ দাবী, আৰক্ষী আৰু বিশেষ তদন্তকাৰী দল (SIT)-এ ঘটনাটোৰ প্ৰতিটো দিশ পুংখানুপুংখভাৱে পৰীক্ষা কৰিব লাগে। ঘনকান্তৰ অতীতৰ কাৰ্যকলাপ, আৰ্থিক লেনদেন, হোটেলখন লীজত লোৱাৰ প্ৰক্ৰিয়া আৰু বাহনত ‘PRESS’ শব্দটো ব্যৱহাৰ কৰাৰ আঁৰৰ কাৰণকে ধৰি সকলো বিষয়ৰ তদন্ত হ’ব লাগে। লগতে, এই হ*ত্যাকাণ্ডৰ সৈতে আন কোনো লোক বা তৃতীয় পক্ষ জড়িত আছে নেকি, সেয়াও প্ৰমাণৰ ভিত্তিত স্পষ্ট কৰা উচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















