মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাত সংঘটিত দুটা মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। দুয়োটা ঘটনাতে দুগৰাকী ভগ্নীসহ মুঠ ৬জন লোকৰ মৃত্যু হৈছে। ইয়াৰে এগৰাকী আঠ মাহৰ গৰ্ভৱতী মহিলা। আনহাতে, নিহতসকলৰ ভিতৰত চাৰিটা শিশুও আছে। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰথমটো ঘটনা বৈৰাদ থানাৰ গুংগাৰগাঁৱত সংঘটিত হয়। অঞ্জলি ৰাৱাট (৩৫) নামৰ এগৰাকী মহিলাই নিজৰ ছবছৰীয়া পুত্ৰ প্ৰশান্তৰ সৈতে এটা কুঁৱাত জপিয়াই পৰে। এই ঘটনাত অঞ্জলি আৰু তেওঁৰ পুত্ৰৰ মৃ*ত্যু হয়। অঞ্জলি আঠ মাহৰ গৰ্ভৱতী আছিল। ফলত তেওঁৰ মৃত্যুৰ লগে লগে গৰ্ভস্থ সন্তানটোৰো মৃ*ত্যু হয়।
এই ঘটনাৰ পিছতে অঞ্জলিৰ জ্যেষ্ঠ ভগ্নী সীতা ৰাৱাটেও (৪০) নিজৰ তিনিটা সন্তানৰ সৈতে কুঁৱাত জপিয়াই পৰে। কোলাৰাছ আৰক্ষী থানা এলেকাৰ খোংকৰ গাঁৱত সংঘটিত হয় এই দ্বিতীয়টো ঘটনা। ইয়াত সীতাৰ লগতে তেওঁৰ তিনিটা সন্তান ৰাখী (১৪), প্ৰিয়ংকা (১১) আৰু শ্লোক (৬)ৰ মৃ*ত্যু হয়।
জানিব পৰা মতে, বুধবাৰে দিনৰ প্ৰায় ১ বজাত অঞ্জলি ৰাৱাটে নিজৰ ছবছৰীয়া পুত্ৰ প্ৰশান্তৰ সৈতে কুঁৱাত জপিয়াই পৰে। সেই সময়ত তেওঁৰ তিনিগৰাকী কন্যাও লগত আছিল। অৱশ্যে, অঞ্জলিৰ ডাঙৰ কন্যা মনিকাই সাহসেৰে নিজকে আৰু নিজৰ দুগৰাকী সৰু ভনীয়েকক ৰক্ষা কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে মনিকাই ঘৰলৈ গৈ পৰিয়ালৰ লোকক ঘটনাটোৰ বিষয়ে অৱগত কৰে। খবৰ পোৱাৰ লগে লগে পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু অঞ্জলি তথা তেওঁৰ পুত্ৰক কুঁৱাৰ পৰা উদ্ধাৰ কৰে। কিন্তু তেতিয়ালৈকে দুয়োৰে মৃ*ত্যু হৈছিল।
ভগ্নীৰ মৃত্যুৰ পিছতে ৩ সন্তানৰ সৈতে কুঁৱাত জপিয়ালে সীতাই
প্ৰথমটো ঘটনাৰ পিছতে অঞ্জলিৰ জ্যেষ্ঠ ভগ্নী সীতা ৰাৱাটেও নিজৰ তিনিটা সন্তানৰ সৈতে কুঁৱাত জপিয়াই পৰা বুলি জানিব পৰা গৈছে। বুধবাৰে সীতা নিজৰ সন্তানকেইটাৰ সৈতে খোংকৰ গাঁৱৰ খেতিপথাৰলৈ গৈছিল। কিন্তু সন্ধিয়া প্ৰায় ৬ বজালৈকে তেওঁ ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে তেওঁক বিচাৰিবলৈ আৰম্ভ কৰে। বিচাৰি বিচাৰি পৰিয়ালৰ লোক খেতিপথাৰত উপস্থিত হয়। তেতিয়া কুঁৱাৰ ভিতৰত এটা শিশুৰ মৃ*তদেহ প্ৰত্যক্ষ কৰি তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱাৰ পিছতে কোলাৰাছ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। বুধবাৰে নিশা প্ৰায় ১১ বজাৰ ভিতৰত কুঁৱাটোৰ পৰা সীতা আৰু তেওঁৰ তিনিটা সন্তানৰ মৃ*তদেহ উদ্ধাৰ কৰা হয়।
দুয়োটা ঘটনাৰ তদন্ত অব্যাহত
পৰিয়ালৰ লোকৰ মতে, কনিষ্ঠ ভগ্নী অঞ্জলিৰ মৃ*ত্যুৰ ঘটনাই সীতাক গভীৰভাৱে আঘাত কৰিছিল। সেই শোকৰ সৈতে সীতাৰ এই চৰম পদক্ষেপৰ সম্পৰ্ক থাকিব পাৰে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে, এই বিষয়টো এতিয়াও তদন্তৰ অধীনত আছে। ইফালে, দুয়োটা ঘটনাক লৈ আৰক্ষীয়ে পৃথকে পৃথকে তদন্ত অব্যাহত ৰাখিছে। ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে প্ৰয়োজনীয় অনুসন্ধান চলাইছে। একে দিনতে দুটা পৰিয়ালত সংঘটিত এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ সৃষ্টি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















