গুজৰাটৰ বদোদৰাত সংঘটিত এক কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰ্থিক সংকট আৰু ব্যৱসায়ত হোৱা লোকচানৰ মাজতে এটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃ*ত্যু হৈছে। মৃতসকল ৫০ বছৰীয়া মাতৃ আৰতিবেন সোণী, তেওঁৰ ২৪ বছৰীয়া পুত্ৰ নীলকান্ত সোণী আৰু ২২ বছৰীয়া কন্যা ঝলক ওৰফে জেনী সোণী।
বদোদৰাৰ মাণ্ডৱী অঞ্চলৰ ‘দলা পেটেল কি পল’ত থকা এটা ঘৰৰ পৰা তিনিওজনৰ মৃ*তদেহ ৰহস্যজনকভাৱে উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে তিনিপৃষ্ঠাৰ এখন আত্মহ*ত্যাৰ টোকাও উদ্ধাৰ কৰিছে। এই টোকাত পৰিয়ালটোৰ আৰ্থিক সংকট, ব্যৱসায়ত লোকচান আৰু বিভিন্ন ব্যক্তিগত সমস্যাৰ কথা উল্লেখ আছে। প্ৰাথমিক তথ্য অনুসৰি, পৰিয়ালটোৰ মুঠ ঋণৰ পৰিমাণ প্ৰায় ৩৩ৰ পৰা ৩৫ লাখ টকালৈ বৃদ্ধি পাইছিল। ব্যৱসায়ৰ লোকচান আৰু ঋণৰ বোজাই পৰিয়ালটোক গভীৰ সংকটৰ মাজলৈ ঠেলি দিছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে।
ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা তিনিপৃষ্ঠাৰ আত্মহ*ত্যাৰ টোকাখনে পৰিয়ালটোৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ কিছু তথ্য পোহৰলৈ আনিছে। ইয়াৰে দুখন পৃষ্ঠা মাতৃ আৰতিবেনে লিখিছিল আৰু আনখন পৃষ্ঠা কন্যা ঝলকে লিখিছিল বুলি জানিব পৰা গৈছে। টোকাখনত পৰিয়ালটোৰ স্বাস্থ্যসেৱাৰ ব্যৱসায়ৰ দুৰৱস্থাৰ কথা উল্লেখ আছে। ব্যৱসায়টো লোকচানৰ পৰা উদ্ধাৰ কৰি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ পৰিয়ালটোৱে বিভিন্ন চেষ্টা কৰিছিল।
আনকি ব্যৱসায় ভালদৰে চলিব আৰু পৰিয়ালৰ আৰ্থিক সমস্যা দূৰ হ’ব বুলি আশা কৰি কন্যা ঝলকে এক লাখ বাৰ ‘শ্ৰী ৰাম’ নামটো লিখিছিল বুলিও আত্মহ*ত্যাৰ টোকাত উল্লেখ আছে। কিন্তু ইমান চেষ্টা কৰাৰ পিছতো পৰিয়ালটোৱে আৰ্থিক সংকটৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম নহ’ল বুলি প্ৰাথমিক তথ্যৰ পৰা জানিব পৰা গৈছে।
আৰক্ষীৰ তথ্য অনুসৰি, স্বামী, পিতৃ-মাতৃ আৰু ভাতৃক হেৰুৱাই আৰতিবেন গভীৰ মানসিক চাপৰ মাজেৰে পাৰ হৈছিল। স্বামীৰ মৃ*ত্যুৰ পিছত পৰিয়ালটোৰ দায়িত্বৰ লগতে ব্যৱসায়ৰ দায়িত্বও তেওঁৰ কান্ধত পৰিছিল। এফালে পৰিয়ালৰ সদস্যসকলক হেৰুওৱাৰ দুখ, আনফালে ব্যৱসায়ৰ লোকচান আৰু ক্ৰমাৎ বৃদ্ধি পোৱা ঋণৰ বোজাই তেওঁৰ সমস্যাক অধিক জটিল কৰি তুলিছিল বুলি তদন্তত পোহৰলৈ আহিছে।
ঋণ পৰিশোধ কৰিবলৈ বিক্ৰী কৰিছিল ঘৰ
আৰক্ষীৰ তদন্তত পৰিয়ালটোৰ ব্যৱসায়িক আৰু আৰ্থিক অৱস্থাৰ কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। প্ৰায় ডেৰ-দুবছৰ পূৰ্বে সোণী পৰিয়ালে বদোদৰাৰ পুৰণি পাদ্ৰা পথত ‘জাপছ হেল্থ কেয়াৰ’ নামৰ এখন আয়ুৰ্বেদিক চিকিৎসালয় আৰু ক্লিনিক আৰম্ভ কৰিছিল। কিন্তু ব্যৱসায়টোৱে আশা কৰা ধৰণে লাভ অৰ্জন কৰিব পৰা নাছিল। বৰঞ্চ সময়ৰ লগে লগে লোকচানৰ পৰিমাণ বৃদ্ধি পাইছিল। ইয়াৰ ফলত পৰিয়ালটোৰ ওপৰত প্ৰায় ৩৩ৰ পৰা ৩৫ লাখ টকাৰ ঋণৰ বোজা জমা হৈছিল। এই ঋণ পৰিশোধ কৰিবলৈ পৰিয়ালটোৱে নিজৰ ঘৰটোও বিক্ৰী কৰিবলগীয়া হৈছিল বুলি জানিব পৰা গৈছে।
ইয়াৰ উপৰি তেওঁলোকৰ বাহনৰ দুমাহৰ কিস্তিও পৰিশোধ কৰিবলৈ বাকী আছিল। এই সকলোবোৰ আৰ্থিক সমস্যাই পৰিয়ালটোৰ ওপৰত তীব্ৰ চাপৰ সৃষ্টি কৰিছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















