চিপছৰ পেকেটত নিৰ্ধাৰিত ওজনতকৈ বহু কম পৰিমাণৰ চিপছ পোৱাৰ অভিযোগ দাখিলৰ পিছতে বিপদত পৰিল জনপ্ৰিয় খাদ্য প্ৰস্তুতকাৰী কোম্পানী পেপছিকো ইণ্ডিয়া। ৰাজস্থানৰ জয়পুৰ জিলা গ্ৰাহক বিবাদ নিৰাময় আয়োগে কোম্পানীটোক গ্ৰাহকক ৮ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ লগতে চিপছৰ পেকেটটোৰ মূল্য সুতসহ ঘূৰাই দিবলৈ নিৰ্দেশ দিছে। ৮০০০ টকা কোম্পানীটোৰ বাবে তেনেই সাধাৰণ মূল্য যদিও এই ঘটনাৰ ফলত গ্ৰাহকৰ দৃষ্টিত কোম্পানীটোৰ প্ৰতি থকা বিশ্বাসত যি আঘাত হানিব পাৰে সেয়া হয়টো অকল্পনীয় ক্ষতি হ’ব পাৰে।
ঘটনাটো ২০২০ চনৰ। অভিযোগ অনুসৰি, ৫ টকীয়া লে’জ (Lay’s) চিপছৰ এটা পেকেটত ১৫ গ্ৰাম চিপছ থকাৰ কথা উল্লেখ আছিল। কিন্তু পেকেটটো খুলি ওজন কৰাত মাত্ৰ ৪ গ্ৰাম চিপছহে পোৱা গৈছিল। অৰ্থাৎ, পেকেটটোত উল্লেখ কৰা ওজনতকৈ ১১ গ্ৰাম কম চিপছ আছিল।
কেনেকৈ পোহৰলৈ আহিল ঘটনা?
অভিযোগকাৰী চন্দ্ৰমন জালানে ২০২০ চনৰ ১০ নৱেম্বৰত নিজৰ ঘৰলৈ অহা অতিথিসকলক আপ্যায়ন কৰিবলৈ মেট্ৰ’ কেছ এণ্ড কেৰীৰ পৰা কেইবাটাও খাদ্য সামগ্ৰী ক্ৰয় কৰিছিল। সেই সামগ্ৰীৰ ভিতৰত আছিল ৫ টকীয়া লে’জ চিপছৰ পেকেট। অতিথিসকলক পৰিৱেশন কৰিবলৈ পেকেটটো খোলাৰ সময়ত তেওঁ লক্ষ্য কৰে যে পেকেটটো যথেষ্ট পাতল আছিল। সন্দেহ হোৱাত তেওঁ চিপছখিনি ওজন কৰে। তেতিয়াই পেকেটটোত মাত্ৰ ৪ গ্ৰাম চিপছ থকা বুলি তেওঁ দাবী কৰে, যদিও পেকেটোত ১৫ গ্ৰাম ওজন বুলি উল্লেখ আছিল। এই ঘটনাৰ পিছতে জালানে দোকানীজনৰ ওচৰত অভিযোগ দাখিল কৰে। কিন্তু তেওঁৰ অভিযোগ অনুসৰি, কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। অৱশেষত তেওঁ ২০২২ চনৰ ৬ এপ্ৰিলত জিলা গ্ৰাহক বিবাদ নিৰাময় আয়োগৰ কাষ চাপে।
দোকানীজনক দোষমুক্ত ঘোষণা
গোচৰটোৰ শুনানিৰ সময়ত দোকানীজনে নিজৰ পক্ষ সমৰ্থন কৰি কয় যে তেওঁ গ্ৰাহকক কোম্পানীয়ে প্ৰস্তুত কৰা মূল পেকেটটো অক্ষত অৱস্থাত বিক্ৰী কৰিছিল। পেকেটটোত চিপছৰ পৰিমাণ কম থকাৰ বাবে তেওঁ দায়ী নহয় বুলি যুক্তি আগবঢ়ায়। আয়োগে ক্ৰয়ৰ বিল, শপতনামা আৰু অন্যান্য নথি-পত্ৰ পৰীক্ষা কৰি দেখে যে দোকানীজনে চিপছ প্ৰস্তুত কৰা নাছিল আৰু পেকেটটোৰ ভিতৰৰ সামগ্ৰীৰ পৰিমাণৰ ক্ষেত্ৰতো তেওঁ কোনো ধৰণৰ হস্তক্ষেপ কৰা নাছিল। অভিযোগকাৰীয়েও দোকানীজনৰ আন কোনো দোষৰ প্ৰমাণ দিব পৰা নাছিল। সেয়েহে, আয়োগে দোকানীজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খাৰিজ কৰে। অৱশ্যে, নিৰ্মাণ কোম্পানী পেপচিকো ইণ্ডিয়াৰ বিৰুদ্ধে গোচৰটো অব্যাহত থাকে।
শুনানিত উপস্থিত নহ’ল পেপছিকো
গোচৰটোৰ শুনানিৰ বাবে পেপছিকো ইণ্ডিয়ালৈ জাননী প্ৰেৰণ কৰা হৈছিল যদিও কোম্পানীটোৱে আয়োগৰ সন্মুখত উপস্থিত নহ’ল। ইয়াৰ ফলত ২০২২ চনৰ ২২ জুলাইত কোম্পানীটোৰ অনুপস্থিতিতে শুনানি আৰম্ভ কৰা হয়। পিছত কোম্পানীটোৱে নিজৰ অধিবক্তাৰ জৰিয়তে ২০২৩ চনৰ ১০ অক্টোবৰত এই কাৰ্যবিধি বাতিল কৰিবলৈ আবেদন জনায়। কিন্তু আয়োগে ২০২৩ চনৰ ৮ নৱেম্বৰত কোম্পানীটোৰ আবেদন নাকচ কৰে। ইয়াৰ পিছত গোচৰটোৰ নথি-পত্ৰ আৰু উপলব্ধ তথ্যৰ ভিত্তিত আয়োগে পেপছিকো ইণ্ডিয়াৰ বিৰুদ্ধে ৰায়দান কৰে।
কিমান টকা দিব লাগিব কোম্পানীয়ে?
জয়পুৰ জিলা গ্ৰাহক বিবাদ নিৰাময় আয়োগে পেপচিকো ইণ্ডিয়াক মুঠ ৮,০০০ টকা ক্ষতিপূৰণ আৰু আইনী খৰচ হিচাপে আদায় দিবলৈ নিৰ্দেশ দিছে। এই ধনৰাশিৰ ভিতৰত আছে—
৫,০০০ টকা: মানসিক হাৰাশাস্তিৰ ক্ষতিপূৰণ।
৩,০০০ টকা: আইনী খৰচ।
৫ টকা: চিপছৰ পেকেটটোৰ মূল্য ঘূৰাই দিব লাগিব। ইয়াৰ উপৰি, ৫ টকাৰ পেকেটটোৰ মূল্যৰ ওপৰত ২০২২ চনৰ ৬ এপ্ৰিলৰ পৰা ধন পৰিশোধ নকৰালৈকে বছৰি ৬ শতাংশ হাৰত সুত দিব লাগিব। আয়োগে নিৰ্দেশটো পালন কৰিবলৈ কোম্পানীটোক এমাহৰ সময়সীমা দিছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত ৮,০০০ টকা পৰিশোধ নকৰিলে ২০২৬ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা ধন পৰিশোধ নকৰালৈকে এই ধনৰাশিৰ ওপৰতো বছৰি ৬ শতাংশ হাৰত সুত দিব লাগিব। উল্লেখ্য যে, আয়োগে ২০২৬ চনৰ ১৭ ছেপ্টেম্বৰত এই ৰায় প্ৰদান কৰা বুলি উল্লেখ কৰা হৈছে।
এই ঘটনাই গ্ৰাহকসকলক সামগ্ৰী ক্ৰয় কৰাৰ সময়ত পেকেটত উল্লেখ কৰা ওজন আৰু ভিতৰত থকা সামগ্ৰীৰ পৰিমাণৰ প্ৰতি সজাগ হৈ থাকিবলৈ পুনৰ মনত পেলাই দিছে। কোনো সামগ্ৰীত নিৰ্ধাৰিত পৰিমাণতকৈ কম সামগ্ৰী পোৱা গ’লে গ্ৰাহকে উপযুক্ত প্ৰমাণসহ অভিযোগ দাখিল কৰাৰ সুযোগ লাভ কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















