প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ লাচিত নগৰত সংঘটিত বিলাস INN ঘটনাৰ অভিযুক্ত ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈয়ে নিজৰ মন্তব্য প্ৰকাশ কৰিছে। জোনমণি গগৈয়ে কয় যে ঘটনা সংঘটিত হোৱাৰ পিছত ঘনকান্ত গগৈয়ে প্ৰথমে পত্নী জোনমণি গগৈক ফোন কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে। জোনমণি গগৈৰ ভাষ্য অনুসৰি ঘনকান্তই ফোন কৰি তেওঁক কৈছিল যে- ‘বিলাস ইনত হেলেনা ভৰালী আৰু তেওঁৰ আত্মীয়ই মোক আক্ৰমণ কৰিছিল। মই তেওঁলোকক বহু বুজাবলৈ চেষ্টা কৰিছিলো। অৱশেষত ঘটনাটো হৈ গ’ল।’ পত্নী জোনমণি গগৈয়ে লগতে কয় যে ঘটনাটো হোৱাৰ পিছতে তেওঁ(ঘনকান্ত) আমাক ফোন কৰি আমাক অজ্ঞাত স্থানলৈ যাবলৈ কৈ থানাত আত্মসমৰ্পণ কৰিছিল।
জোনমণি গগৈৰ ভাষ্য অনুসৰি- সেইদিনাৰ সংঘটিত ঘটনাটোৰ পূৰ্বে সম্ভৱতঃ(১০০% নিশ্চিত নহয়) ভূদেৱ ভৰালীয়ে ফোনযোগে আলোচনাৰ বাবে ঘনকান্ত গগৈক মাতি পঠিয়াইছিল। প্ৰথম অৱস্থাত ঘনকান্ত গগৈয়ে পাৰিলে ফোনযোগে আলোচনাৰ কথা কৈছিল। কিন্তু তেওঁলোকে (ভৰালী পৰিয়াল) সন্মুখত বহি আলোচনা কৰাৰ আগ্ৰহী আছিল, যাৰ বাবে ঘনকান্ত গগৈয়ে নিজৰ বাহনেৰে তালৈ গৈছিল বুলি মন্তব্য কৰে জোনমণি গগৈয়ে।
ঘনকান্ত গগৈৰ নাম সন্দৰ্ভতো মন্তব্য কৰে পত্নী জোনমণি গগৈয়ে। জোনমণি গগৈৰ ভাষ্য অনুসৰি স্কুলীয়া বা চৰকাৰী নথি অনুসৰি ঘনকান্তৰ নাম ঘনকান্ত গগৈ। আনহাতে ঘৰ বা জন্মস্থানত মতা নাম আছিল জোন। জোনমণি গগৈয়ে মন্তব্য কৰে যে নামৰ ক্ষেত্ৰত এই দুয়োটা নামেই শুদ্ধ।
ব্যৱসায়িক দিশৰ পৰা বিলাস INNৰ পৰা কেতিয়াও লাভ হোৱা নাছিল বুলিও মন্তব্য কৰে জোনমণি গগৈয়ে। জোনমণি গগৈয়ে কয় যে- বিলাস ইন লীজত লোৱাৰ সময়ত জৰাজীৰ্ণ অৱস্থাত আছিল। পৰৱৰ্তী সময়ত ঘনকান্ত গগৈয়ে বিলাস INNৰ নামত প্ৰায় ৪০ লাখ মান টকা খৰচ কৰে। বিলাস INNৰ তিনিমাহৰ ভাড়া দিয়াৰ উপৰিও অতিৰিক্ত আঢ়ৈলাখ টকাও হেলেনা ভৰালীৰ পৰিয়ালক দিয়া হৈছিল বুলি মন্তব্য কৰে জোনমণি গগৈয়ে। তেওঁ লগতে কয়- বিলাস INN ঘনকান্ত গগৈক লীজত দি পৰৱৰ্তী সময়ত তাৰ ওচৰতে হেলেনা ভৰালীয়ে এখন হোমষ্টে খোলা বুলিও মন্তব্য কৰে জোনমণি গগৈয়ে।
ঘনকান্ত গগৈৰ বিৰুদ্ধে প্ৰকাশ হোৱা আন আন প্ৰৱঞ্চনাৰ খবৰ সন্দৰ্ভত পত্নী জোনমণি গগৈয়ে কয় যে-যেতিয়া কেতিয়াবা এজন মানুহৰ বেয়া কিবা এটা ঘটনা ঘটে তেতিয়া সেই মানুহজনৰ সকলো কথাই খুচৰি উলিওৱা হয়, গতিকে মই নাভাবো যে পূৰ্বতে তেনে কিছুমান ঘটনা হৈছিল। ঘনকান্ত গগৈয়ে পিন্ধা চশমাযোৰক লৈও মন্তব্য কৰে জোনমণি গগৈয়ে। ঘনকান্তই পিন্ধা চশমাযোৰত কেমেৰা সংলগ্ন থকাৰ কথা স্বীকাৰ কৰে জোনমণি গগৈ।
নাগালেণ্ডত পিষ্টলৰ প্ৰশিক্ষণ লোৱা ঘটনাটোকো সম্পূৰ্ণৰূপে মিছা বুলি মন্তব্য কৰে জোনমণি গগৈয়ে। ঘনকান্ত গগৈৰ বাহনত PRESS লিখা সন্দৰ্ভতো মন্তব্য কৰে জোনমণি গগৈয়ে। ভৱিষ্যতে এটা নিউজ পৰ্টেল খোলাৰ পৰিকল্পনা আছিল ঘনকান্ত গগৈয়ে। এই সন্দৰ্ভত যি যি নথি লাগে সেইখিনিও সম্পূৰ্ণৰূপে হৈ গৈছিল বাবেহে বাহনখনত press লিখিছিল বুলি মন্তব্য কৰে জোনমণি গগৈয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ