আপুনি নিশ্চয় কোনোবা এটা সময়ত চিনেমা হললৈ গৈছে, তেতিয়া আপুনি হয়তো নিশ্চয় লক্ষ্য কৰিছে যে থিয়েটাৰৰ বেছিভাগ চকীৰে ৰং ৰঙা। কিন্তু এই ৰঙা ৰঙৰ আঁৰৰ কাৰণ জানেনে?
চিনেমা হলৰ ৰঙা চিটৰ পৰম্পৰা বুজিবলৈ আমি বহু পুৰণি সময়লৈ উভতি যাব লাগিব। চিনেমাৰ প্ৰচলন হোৱাৰ আগতে ইউৰোপত অপেৰা হাউছ আৰু থিয়েটাৰসমূহ আছিল মনোৰঞ্জনৰ অন্যতম প্ৰধান স্থান।
বিশেষকৈ ১৮ আৰু ১৯ শতিকাত ইউৰোপৰ বহু অপেৰা হাউছত ৰঙা আৰু সোণালী ৰঙৰ ব্যৱহাৰ ব্যাপকভাৱে দেখা গৈছিল। সেই সময়ত ৰঙা ৰংক ৰাজকীয়তা, আভিজাত্য আৰু প্ৰতিপত্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল।
থিয়েটাৰসমূহক আকৰ্ষণীয় আৰু বিলাসী ৰূপ দিবলৈ ৰঙা মখমলৰ পৰ্দা, কাৰ্পেট আৰু বহাৰ চিট ব্যৱহাৰ কৰা হৈছিল। পিছলৈ চিনেমা হলৰ প্ৰচলন বৃদ্ধি পোৱাৰ লগে লগে এই পৰম্পৰা চিনেমা হললৈও আহে।
অন্ধকাৰত ৰঙা ৰং কম দেখা যায়, ইয়াৰ আঁৰত আছে বিজ্ঞান
চিনেমা হলৰ চিট ৰঙা হোৱাৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰণ হৈছে মানুহৰ চকুৰ দৃষ্টিশক্তি।
চিনেমা আৰম্ভ হোৱাৰ সময়ত হলৰ ভিতৰৰ পোহৰ কমাই দিয়া হয়। এনে কম পোহৰৰ পৰিৱেশত মানুহৰ চকুৱে ৰঙৰ প্ৰতি আগৰ দৰে সংবেদনশীলতা বজাই ৰাখিব নোৱাৰে।
বিশেষকৈ কম পোহৰত মানুহৰ চকুৱে ৰঙা ৰঙৰ প্ৰতি তুলনামূলকভাৱে কম সংবেদনশীলতা দেখুৱায়। এই পৰিঘটনাটোক ‘Purkinje Effect’ বুলি কোৱা হয়।
ইয়াৰ ফলত ৰঙা চিটবোৰ অন্ধকাৰত অধিক গাঢ় আৰু কম দৃশ্যমান হৈ পৰে। ফলস্বৰূপে দৰ্শকৰ মনোযোগ চিটৰ ৰঙৰ পৰিৱৰ্তে চিনেমাৰ পৰ্দাত কেন্দ্ৰীভূত কৰাত সহায় হয়। অৱশ্যে ৰঙা চিট সম্পূৰ্ণৰূপে অদৃশ্য হৈ নাযায়।
ৰঙা চিটে চিনেমা হলক দিয়ে আকৰ্ষণীয় আৰু বিলাসী ৰূপ
ৰঙা ৰং এটা দৃষ্টিনন্দন ৰং। এই ৰঙৰ সৈতে আভিজাত্য, শক্তি আৰু উত্তেজনাৰ ধাৰণা জড়িত হৈ আছে। চিনেমা হলৰ ভিতৰত ৰঙা চিট আৰু ৰঙা পৰ্দা ব্যৱহাৰ কৰিলে হলটোৰ পৰিৱেশ অধিক আকৰ্ষণীয় হৈ পৰে। দৰ্শকে চিনেমা চাবলৈ অহাৰ সময়ত এক বিশেষ অনুভূতি লাভ কৰে। বিশেষকৈ গাঢ় ৰঙা মখমলৰ চিটে চিনেমা হলক এক ৰাজকীয় আৰু পৰম্পৰাগত ৰূপ প্ৰদান কৰে। সেইবাবেই বহু চিনেমা হলত আজিও এই ৰঙৰ ব্যৱহাৰ অব্যাহত আছে।
সকলো চিনেমা হলৰ চিট ৰঙা নহয় কিয়?
আজিকালি আধুনিক মাল্টিপ্লেক্স আৰু উন্নত চিনেমা হলসমূহত ক’লা, নীলা, ধূসৰ আৰু আন গাঢ় ৰঙৰ চিটো ব্যৱহাৰ কৰা দেখা যায়। চিটৰ ৰং নিৰ্বাচন কৰোঁতে হলৰ আভ্যন্তৰীণ সজ্জা, পোহৰ, কাপোৰৰ মান, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ডিজাইনৰ ওপৰত গুৰুত্ব দিয়া হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















