ৰাজস্থানৰ ঝুনঝুনু জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। পথ নিৰ্মাণৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ ৮জন শ্ৰমিকৰ মৃত্যু হয়। আজি জিলাখনৰ ছাপোলি (Chhapoli) গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ছাপোলি গাঁৱত পথ নিৰ্মাণৰ কাম চলি আছিল। সেই সময়তে পথ নিৰ্মাণত ব্যৱহৃত শিল-বালি মিহলি কৰা মেচিনৰ সৈতে ওপৰেৰে পাৰ হৈ যোৱা ১১ হাজাৰ ভল্টৰ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শ ঘটে। ফলত মেচিনটোত বিদ্যুৎ প্ৰবাহিত হয়। মেচিনটোৰ ওচৰত কাম কৰি থকা শ্ৰমিকসকল বিদ্যুৎস্পৃষ্ট হয়। এই ভয়ংকৰ দুৰ্ঘটনাত ৮জন শ্ৰমিকে প্ৰাণ হেৰুৱায়।
স্থানীয় আৰক্ষীয়ে সদৰী কৰা অনুসৰি, পথ নিৰ্মাণৰ কাম চলি থকাৰ সময়তে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহে শিল-বালি মিহলি কৰা মেচিন বাহনখন। ফলত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ সংস্পৰ্শলৈ মেচিন বাহনখনৰ অহাৰ পিছতে শ্ৰমিকসকল বিদ্যুৎস্পৃষ্ট হয়। এই শোকাৱহ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই। তেওঁ কয় যে ঝুনঝুনুত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকসকলৰ অকাল মৃত্যুৰ খবৰ অত্যন্ত দুখজনক। মুখ্যমন্ত্ৰীগৰাকীয়ে আহতসকলৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে মৃত শ্ৰমিকসকলৰ পৰিয়ালক তাৎক্ষণিক আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। লগতে ঘটনাটোৰ তদন্ত কৰিবলৈও নিৰ্দেশ দিছে।
এই শোকাৱহ ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয় (PMO India)-ৰ তৰফৰ পৰাও শোক প্ৰকাশ কৰা হয়। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (PMNRF) পৰা নিহত প্ৰতিগৰাকী শ্ৰমিকৰ পৰিয়ালৰ নিকটাত্মীয়লৈ ২ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। আনহাতে, দুৰ্ঘটনাত আহতসকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।
পথ নিৰ্মাণৰ কাম চলি থকা অৱস্থাত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই পুনৰ এবাৰ নিৰ্মাণস্থলীত শ্ৰমিকৰ সুৰক্ষা আৰু বিদ্যুতৰ তাঁৰৰ পৰা সাৱধানতা অৱলম্বনৰ বিষয়টো গুৰুত্বসহকাৰে উত্থাপন কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















