বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফৰ গাড়ীত গুলীচালনাৰ ঘটনাৰ পিছতে এইবাৰ অভিনেতা তুষাৰ কাপুৰলৈ আহিছে ৫ কোটি টকাৰ ধনদাবীসহ ভাবুকিপূৰ্ণ ফোনকল। লৰেন্স বিষ্ণোই গেঙৰ গেংষ্টাৰ হেৰী বক্সাৰৰ নাম লৈ এই ভাবুকি প্ৰদান কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে প্ৰাথমিক তদন্তত এই ফোনকলটো প্ৰৱঞ্চনামূলক হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
সূত্ৰ অনুসৰি, ভাবুকি প্ৰদান কৰা ব্যক্তিজনৰ কণ্ঠস্বৰৰ সৈতে মুম্বাই আৰক্ষীৰ হাতত থকা হেৰী বক্সাৰৰ কণ্ঠস্বৰৰ নমুনা মিল নাই। ফলত কোনো অন্য ব্যক্তিয়ে হেৰী বক্সাৰৰ নাম ব্যৱহাৰ কৰি তুষাৰ কাপুৰক ভাবুকি প্ৰদান কৰিছে নেকি, সেই দিশটো আৰক্ষীয়ে তদন্ত কৰি আছে। অৱশ্যে এই ঘটনাৰ সৈতে জড়িত হৈ বৰ্তমানলৈ কোনো FIR পঞ্জীয়ন কৰা হোৱা নাই।
বলীউডৰ তাৰকাৰ নিৰাপত্তাত গুৰুত্ব আৰক্ষীৰ
টাইগাৰ শ্ৰফৰ গাড়ীত গুলীচালনাৰ ঘটনাৰ পিছতে বলিউডৰ কেইবাগৰাকীও অভিনেতা, প্ৰযোজক আৰু পৰিচালকলৈ ভাবুকি অহাৰ তথ্য পোহৰলৈ আহিছে। অৱশ্যে এই ভাবুকিসমূহ লৰেন্স বিষ্ণোই গেঙৰ পৰা আহিছে নে আন কোনো গেঙৰ পৰা, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। মুম্বাইত লৰেন্স বিষ্ণোই গেঙৰ কোনো সদস্যই বৰ্তমানলৈ এই ঘটনাসমূহৰ দায়িত্ব স্বীকাৰ কৰা নাই।
এই পৰিস্থিতিত মুম্বাই আৰক্ষীয়ে বলীউডৰ তাৰকাসকলৰ নিৰাপত্তা ব্যৱস্থা পুনৰীক্ষণ কৰাৰ সিদ্ধান্ত লৈছে। দীপাৱলীৰ পূৰ্বে নিৰাপত্তা সন্দৰ্ভত এখন বিশেষ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। বৈঠকত কোন কোন অভিনেতা-অভিনেত্ৰীৰ নিৰাপত্তা বৃদ্ধি কৰিব লাগিব অথবা কাৰ বাবে আৰক্ষীৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগিব, সেই বিষয়ে আলোচনা কৰা হ’ব।
অভিনেতা তুষাৰ কাপুৰ হৈছে বলীউডৰ জ্যেষ্ঠ অভিনেতা জীতেন্দ্ৰৰ পুত্ৰ আৰু প্ৰযোজক-পৰিচালক একতা কাপুৰৰ ভাতৃ। তেওঁ মুম্বাইৰ জুহুস্থিত কৃষ্ণা বাংলোত বাস কৰে। ভাবুকি লাভ কৰাৰ খবৰ পোহৰলৈ অহাৰ পিছতো বৰ্তমানলৈ তুষাৰ কাপুৰৰ বাংলোৰ বাহিৰত মুম্বাই আৰক্ষীৰ নিৰাপত্তা মোতায়েন কৰা হোৱা নাই। অৱশ্যে কাপুৰ পৰিয়ালৰ তৰফৰ পৰা ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু বাউন্সাৰ নিয়োগ কৰা হৈছে। বাংলোৰ ভিতৰতো ব্যক্তিগত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, বাংলোৰ মূল প্ৰৱেশদ্বাৰত বাউন্সাৰ মোতায়েন কৰা হৈছে।
ভাবুকি পালে আৰক্ষীক অভিযোগ দাখিল কৰিবলৈ আহ্বান
মুম্বাই আৰক্ষীয়ে ভাবুকি লাভ কৰা ব্যক্তিসকলক আগবাঢ়ি আহি আনুষ্ঠানিক অভিযোগ দাখিল কৰিবলৈ আহ্বান জনাইছে। ভাবুকিৰ সৈতে জড়িত অডিঅ’, চিঠি বা ই-মেইল আৰক্ষীক প্ৰদান কৰিলে তদন্তত সহায় হ’ব বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।
তদন্তৰ অন্তত প্ৰয়োজন অনুসৰি সংশ্লিষ্ট ব্যক্তিসকলক নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হ’ব। বৰ্তমান তুষাৰ কাপুৰলৈ অহা ভাবুকিপূৰ্ণ ফোনকলৰ ঘটনাৰ তদন্ত অব্যাহত আছে। লগতে বলিউডৰ তাৰকাসকলৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো মুম্বাই আৰক্ষীয়ে সতৰ্কতা অৱলম্বন কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















