এসময়ত পিন্ধিবলৈ জোতা নাছিল, এতিয়া তেওঁ বিশাল সাম্ৰাজ্যৰ মালিক। এসময়ত দিনটোত দুবাৰকৈ পেট ভৰাই খোৱাটোও আছিল কঠিন, এতিয়া তেওঁ বিশ্বৰ অন্যতম ধনী এথলীট। এসময়ত খালী ভৰিৰে ৰাজপথত ফুটবল খেলি সময় পাৰ কৰিছিল তেওঁ আৰু আজি আধুনিক ফুটবল বিশ্বৰ ব্ৰেণ্ড এম্বেছাডৰ। ক্ৰিষ্টিয়ানো ৰোনাল্ডো, যাৰ নাম শুনিলেই সমগ্ৰ বিশ্বৰ ফুটবলপ্ৰেমীৰ মন উদ্বাউল হৈ পৰে। নিজৰ প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু অদম্য ইচ্ছাশক্তিৰে তেওঁ বিশ্ব ফুটবলৰ এনে এটা স্থানত আছে য’ত তেওঁৰ সংগ দিব পৰা এজনেই কিংবদন্তি ফুটবলাৰ আছে সেয়া হৈছে লিঅ’নেল মেছি। আজি পিছে লিঅ’নেল মেছিৰ কথাৰে লেখাটো দীঘল নকৰোঁ, কিয়নো আজি কেৱল CR7ৰ দিন। আন্তঃৰাষ্ট্ৰীয় প্ৰতিদ্বন্দ্বিতাত আৰু পৰ্তুগালৰ জাৰ্ছীত কেতিয়াও দেখা পোৱা নাযাব এইগৰাকী ফুটবল কিংবদন্তিক। ফুটবল জীৱনৰ বিয়লি বেলাত উপনীত হোৱা ৰোনাল্ডোৱে জনাইছে আন্তঃৰাষ্ট্ৰীয় ফুটবলক বিদায়।
বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ক্রিষ্টিয়ানো ৰোনাল্ডো। অন্য বহু সফল ব্যক্তিত্বৰ দৰে ৰোনাল্ডোৱেও জন্মগ্ৰহণ কৰিছিল পৰ্তুগালৰ এটা দৰিদ্ৰ পৰিয়ালত। দৰিদ্ৰতাৰ মাজত জন্মগ্ৰহণ কৰা এইগৰাকী খেলুৱৈয়ে কেনেকৈ নিজৰ জীৱন সলনি কৰিলে? কেনেকৈ তেওঁ বিশ্বৰ অন্যতম ধনী ফুটবল খেলুৱৈ হৈ পৰিল? তেওঁৰ সফলতাৰ আঁৰত লুকাই আছে এক দীঘলীয়া সংগ্ৰাম, ত্যাগ আৰু কঠোৰ পৰিশ্ৰমৰ কাহিনী।
দৰিদ্ৰতাৰ মাজত ক্রিষ্টিয়ানো ৰোনাল্ডোৰ জন্ম
১৯৮৫ চনৰ ৫ ফেব্ৰুৱাৰীত পৰ্তুগালৰ মাদেইৰা দ্বীপৰ এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ক্রিষ্টিয়ানো ৰোনাল্ডো ডছ ছাণ্টোছ আভেইৰোৱে। পৰিয়ালটোৰ আৰ্থিক অৱস্থা একেবাৰেই ভাল নাছিল। ৰোনাল্ডোৰ পিতৃ জোচে ডিনিছ আভেইৰোৱে মালীৰ কাম কৰিছিল। আনহাতে, তেওঁৰ মাতৃ মাৰিয়া ড’ল’ৰেছ ড’ছ ছাণ্টোছ আভেইৰোৱে দিনত ৰান্ধনীৰ কাম কৰাৰ লগতে নিশা আনৰ ঘৰ চাফা কৰি পৰিয়ালটোক পোহপাল দিছিল। ৰোনাল্ডোৰ পৰিয়ালত তেওঁকে ধৰি চাৰিজন সন্তান আছিল। পৰিয়ালটোৰ আৰ্থিক অৱস্থা ইমানেই বেয়া আছিল যে বহু সময়ত দিনটোত দুবাৰকৈ আহাৰ গ্ৰহণ কৰাটোও কঠিন হৈ পৰিছিল।
এনে কঠিন পৰিস্থিতিৰ মাজতো ৰোনাল্ডোৰ মাতৃয়ে সন্তানকেইটাক ডাঙৰ-দীঘল কৰিছিল। দৰিদ্ৰতাৰ সৈতে যুঁজ দি পৰিয়ালটো আগবাঢ়িছিল। কিন্তু সেই সময়ত কোনেও কল্পনা কৰিব পৰা নাছিল যে এই পৰিয়ালৰেই এজন সন্তান এদিন বিশ্বৰ অন্যতম ধনী আৰু জনপ্ৰিয় ফুটবল খেলুৱৈ হৈ পৰিব।
ৰাজপথত ফুটবল খেলাৰ পৰাই আৰম্ভ হৈছিল যাত্ৰা
শৈশৱৰ পৰাই ফুটবলৰ প্ৰতি ৰোনাল্ডোৰ আছিল গভীৰ আকৰ্ষণ। একপ্ৰকাৰ যেন তেওঁৰ তেজত বৈ আছিল ফুটবলৰ ভূত। তেওঁ পৰ্তুগালৰ ৰাজপথত আন শিশুৰ সৈতে ফুটবল খেলি সময় পাৰ কৰিছিল। বহু সময়ত খালী ভৰিৰেই ফুটবল খেলিছিল। কিন্তু তেওঁৰ মাজত থকা প্ৰতিভা আছিল অসাধাৰণ। ফুটবল খেলাৰ সময়ত তেওঁৰ গতি, বল নিয়ন্ত্ৰণ আৰু গ’ল কৰাৰ দক্ষতাই সকলোকে আকৰ্ষিত কৰিছিল। মাত্ৰ ৮ বছৰ বয়সতে তেওঁ এণ্ডোৰিনা নামৰ এটা স্থানীয় ফুটবল ক্লাবত যোগদান কৰে। পিছলৈ ১২ বছৰ বয়সত তেওঁ স্প’ৰ্টিং লিছবনৰ ফুটবল একাডেমীত প্ৰশিক্ষণ লোৱাৰ সুযোগ লাভ কৰে। এই সিদ্ধান্ত ৰোনাল্ডোৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আছিল। কিন্তু এই যাত্ৰা সহজ নাছিল। পৰিয়ালৰ পৰা আঁতৰি লিছবনত থাকি প্ৰশিক্ষণ ল’বলগীয়া হৈছিল। মাকক এৰি যোৱাটো তেওঁৰ বাবে আছিল অত্যন্ত কষ্টকৰ। তথাপিও নিজৰ লগতে পৰিয়ালৰ ভৱিষ্যৎ সলনি কৰাৰ লক্ষ্যৰে তেওঁ আগবাঢ়ি গৈছিল।
মানচেষ্টাৰ ইউনাইটেডে সলনি কৰিছিল ভাগ্য
সকলো সফল খেলুৱৈৰে জীৱনৰ আগছোৱাত কিছু টাৰ্নিং পইণ্ট আহে। এজন সফল খেলুৱৈৰ প্ৰাৰম্ভিক পৰ্যায়ত একোটা প্ৰতিষ্ঠানে সংশ্লিষ্ট কেৰিয়াৰৰ উত্থানত শক্তিশালী ভূমিকা লয়। স্প’ৰ্টিং লিছবনৰ একাডেমীত কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ৰোনাল্ডোৱে ১৭ বছৰ বয়সতে ক্লাবটোৰ ছিনিয়ৰ দলত অভিষেক ঘটায়। ২০০৩ চনত মানচেষ্টাৰ ইউনাইটেডৰ বিৰুদ্ধে এখন খেলত তেওঁৰ অসাধাৰণ প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সেই সময়ৰ মানচেষ্টাৰ ইউনাইটেডৰ মেনেজাৰ ছাৰ এলেক্স ফাৰ্গুচন ৰোনাল্ডোৰ প্ৰতিভাত মুগ্ধ হয়। সেয়াই যেন ৰোনাল্ডোৰ কেৰিয়াৰৰ টাৰ্নিং পইণ্ট আছিল। ইয়াৰ পিছত ১৮ বছৰ বয়সত ৰোনাল্ডোৱে মানচেষ্টাৰ ইউনাইটেডত যোগদান কৰে। ইউনাইটেডৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় ফুটবল জগতত নিজৰ পৰিচয় গঢ়ি তুলিবলৈ আৰম্ভ কৰে। মানচেষ্টাৰ ইউনাইটেডত খেলি থকা সময়ছোৱাত ৰোনাল্ডোৱে বহু গুৰুত্বপূৰ্ণ খিতাপ লাভ কৰে। ২০০৮ চনত তেওঁ বেলন ডি অৰ বঁটা লাভ কৰি বিশ্বৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰে। মানচেষ্টাৰ ইউনাইটেডত আগবঢ়োৱা অবিশ্বাস্য প্ৰদৰ্শন আৰু ঈৰ্ষণীয় সফলতাই ৰোনাল্ডোক ইতিমধ্যে ফুটবল বিশ্বৰ চৰ্চাৰ কেন্দ্ৰবিন্দুলৈ আনে।
ৰিয়েল মাদ্ৰিদত যোগদান
২০০৯ চনত বিশ্ব ফুটবলৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হয়। স্পেইনৰ বিখ্যাত ক্লাব ৰিয়েল মাদ্ৰিদে বিশ্ব অভিলেখ সৃষ্টি কৰা transfer fee-ৰ বিনিময়ত ৰোনাল্ডোক নিজৰ দলত অন্তৰ্ভুক্ত কৰে। ৰিয়েল মাদ্ৰিদত যোগদান কৰাৰ পিছত ৰোনাল্ডোৰ খেলৰ মান আৰু অধিক উন্নত হয়। তেওঁ ক্লাবটোৰ হৈ বহু অভিলেখ গঢ়ে। ৰিয়েল মাদ্ৰিদৰ হৈ ৰোনাল্ডোৱে গঢ়া অভিলেখসমূহৰ ভিতৰত- ৪টা UEFA Champions League খিতাপ, ২টা La Liga খিতাপ, ৪টা Ballon d’Or বঁটাৰ লগতে অসংখ্য ব্যক্তিগত আৰু দলীয় সন্মান। ৰিয়েল মাদ্ৰিদত খেলি থকা সময়ছোৱাত তেওঁ বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ গ’লদাতা হিচাপে পৰিগণিত হয়। তেওঁৰ CR7 নামটো সমগ্ৰ বিশ্বতে এক পৰিচিত ব্ৰেণ্ড হৈ পৰে।
জুভেণ্টাছ আৰু মানচেষ্টাৰ ইউনাইটেডলৈ উভতনি যাত্ৰা
২০১৮ চনত ৰোনাল্ডোৱে ইটালীৰ বিখ্যাত ক্লাব জুভেন্টাছত যোগদান কৰে। জুভেন্টাছৰ হৈ খেলি তেওঁ পুনৰ নিজৰ প্ৰতিভাৰ পৰিচয় দিয়ে। এই ক্লাবত খেলি থকা সময়ছোৱাত তেওঁ Serie A-ৰ খিতাপ লাভ কৰাৰ লগতে বহু ব্যক্তিগত অভিলেখ গঢ়ে। ২০২১ চনত ৰোনাল্ডোৱে পুনৰ মানচেষ্টাৰ ইউনাইটেডলৈ উভতি আহে। তেওঁৰ এই প্ৰত্যাৱৰ্তনে ফুটবলপ্ৰেমীৰ মাজত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছিল। কিন্তু ইয়াৰ পিছতে তেওঁৰ জীৱনত আন এক বৃহৎ পৰিৱৰ্তন আহে।
আল-নাছৰত যোগদানেৰে উপাৰ্জনৰ অভিলেখ
২০২৩ চনত ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ছৌদি আৰৱৰ ফুটবল ক্লাব আল-নাছৰত যোগদান কৰে। এই চুক্তিয়ে বিশ্ব ফুটবলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰে। আল-নাছৰত যোগদান কৰাৰ পিছত ৰোনাল্ডোৰ উপাৰ্জন অভূতপূৰ্বভাৱে বৃদ্ধি পায়। তেওঁৰ চুক্তিৰ মূল্য, বাণিজ্যিক অংশীদাৰিত্ব আৰু বিভিন্ন বিজ্ঞাপনৰ জৰিয়তে তেওঁ বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হয়। বৰ্তমান ৰোনাল্ডো কেৱল এজন ফুটবল খেলুৱৈ নহয়, তেওঁ এজন সফল ব্যৱসায়ীও। CR7 ব্ৰেণ্ডৰ জৰিয়তে ব্যৱসায়িক সাম্ৰাজ্য গঢ়িলে ৰোনাল্ডোৱে। ফুটবলৰ উপৰিও ৰোনাল্ডোৱে বিভিন্ন ব্যৱসায়ত বিনিয়োগ কৰিছে। তেওঁৰ CR7 ব্ৰেণ্ডৰ অধীনত বিভিন্ন সামগ্ৰী আৰু ব্যৱসায় চলি আছে। তেওঁৰ ব্যৱসায়ৰ ভিতৰত আছে—পোছাক আৰু ফেশ্বন সামগ্ৰী, সুগন্ধি আৰু প্ৰসাধন সামগ্ৰী, হোটেল ব্যৱসায়, জিম আৰু ফিটনেছ চেইন, বিভিন্ন বিজ্ঞাপন আৰু বাণিজ্যিক অংশীদাৰিত্ব। এই ব্যৱসায়সমূহৰ জৰিয়তে ৰোনাল্ডোৱে ফুটবলৰ বাহিৰতো নিজৰ এক বৃহৎ পৰিচয় গঢ়ি তুলিছে।
ৰোনাল্ডোৰ সফলতাৰ আঁৰত আছিল মাতৃ
ৰোনাল্ডোৰ সফলতাৰ আঁৰত তেওঁৰ মাতৃ মাৰিয়া ড’ল’ৰেছৰ অৱদান আছিল অত্যন্ত গুৰুত্বপূৰ্ণ। শৈশৱত পৰিয়ালটোক পোহপাল দিবলৈ মাতৃয়ে যি কষ্ট কৰিছিল, ৰোনাল্ডোৱে সেই কথা কেতিয়াও পাহৰা নাই। বিশ্বৰ অন্যতম ধনী খেলুৱৈ হোৱাৰ পিছতো তেওঁ মাতৃৰ প্ৰতি থকা সন্মান আৰু মৰম অটুট ৰাখিছে। মাতৃৰ বাবে ঘৰ, গাড়ী আৰু আৰামদায়ক জীৱনৰ ব্যৱস্থা কৰাৰ লগতে তেওঁ পৰিয়ালৰ সকলো সদস্যৰ সুখ-সুবিধাৰ প্ৰতিও গুৰুত্ব দিছে। ৰোনাল্ডোৰ জীৱন কাহিনীয়ে প্ৰমাণ কৰে যে সফলতা লাভ কৰাৰ পিছত নিজৰ শিপা আৰু পৰিয়ালৰ ত্যাগ পাহৰি যোৱা উচিত নহয়।
ক্রিষ্টিয়ানো ৰোনাল্ডোৰ জীৱন কেৱল ফুটবলৰ অভিলেখ আৰু ধন-সম্পত্তিৰ কাহিনী নহয়। ই হৈছে দৰিদ্ৰতাৰ পৰা সফলতাৰ শিখৰলৈ যোৱাৰ এক প্ৰেৰণাদায়ক যাত্ৰা। শৈশৱত যিজন ল’ৰাৰ পিন্ধিবলৈ জোতা নাছিল, সেইজনেই আজি বিশ্বৰ কোটি কোটি মানুহৰ বাবে আদৰ্শ হৈ পৰিছে। ক্রিষ্টিয়ানো ৰোনাল্ডোৰ কাহিনী প্ৰতিজন যুৱকৰ বাবে এক অনুপ্ৰেৰণা। তেওঁৰ জীৱনে দেখুৱাইছে যে সপোন দেখিবলৈ ধন-সম্পত্তিৰ প্ৰয়োজন নাই, কিন্তু সেই সপোন বাস্তৱায়িত কৰিবলৈ প্ৰয়োজন অদম্য ইচ্ছাশক্তি, কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাস।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















