সামাজিক মাধ্যমত দিল্লীৰ এটা হৃদয়স্পৰ্শী ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত এগৰাকী চিকিৎসকে এটি সৰু কন্যা শিশুক কৃত্ৰিম চকু সংস্থাপন কৰি দিয়া দেখা গৈছে। নতুন চকু লাভ কৰাৰ পিছতে শিশুটিৰ মুখত বিৰিঙি উঠিছে এটি মৰমলগা হাঁহি। চিকিৎসকগৰাকীৰ এই প্ৰশংসনীয় আৰু মানৱীয় পদক্ষেপে এতিয়া সকলোৰে হৃদয় জয় কৰিছে।
ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে চিকিৎসকগৰাকীয়ে অতি যত্নসহকাৰে শিশুটিক কৃত্ৰিম চকু সংস্থাপন কৰি দিছে। এযোৰ চচমাত কৃত্ৰিম চকু প্ৰস্তুত কৰি জোৰা লগাই দিয়ে। নতুন চকু লাভ কৰাৰ পিছত শিশুটিৰ মুখত ফুটি উঠা আনন্দ আৰু হাঁহিয়ে ভিডিঅ’টো অধিক আৱেগিক কৰি তুলিছে। শিশুটিৰ এই হাঁহি দেখি সামাজিক মাধ্যমৰ বহু ব্যৱহাৰকাৰীয়ে চিকিৎসকগৰাকীৰ প্ৰতি কৃতজ্ঞতা আৰু প্ৰশংসা প্ৰকাশ কৰিছে।
চকুৰ সমস্যাৰ স্থায়ী সমাধান নহ’লেও কৃত্ৰিম চকু সংস্থাপনৰ এই সৰু প্ৰচেষ্টাই শিশুটিৰ মুখত হাঁহি বিৰিঙাই তুলিবলৈ সক্ষম হৈছে। চিকিৎসকগৰাকীৰ এই পদক্ষেপে পুনৰ প্ৰমাণ কৰিছে যে মানৱীয়তা আৰু সহানুভূতিৰে কৰা সৰু সৰু কামেও আনৰ জীৱনলৈ অপৰিসীম আনন্দ কঢ়িয়াই আনিব পাৰে।
কেতিয়াবা সামান্য এটা প্ৰচেষ্টাই কাৰোবাৰ জীৱনত ডাঙৰ সুখৰ কাৰণ হৈ পৰে। দিল্লীৰ এই চিকিৎসকগৰাকীৰ পদক্ষেপে সেই কথাকেই পুনৰ প্ৰতিফলিত কৰিছে। শিশুটিৰ মুখত বিৰিঙি উঠা হাঁহিটোৱে এতিয়া নেটিজেনসকলৰ মন জয় কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















